সুজাতা মেহতা: Sujata Mehta এগৰাকী প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু সংঘ লোক সেৱা আয়োগৰ প্ৰাক্তন সদস্য।
ব্যক্তিগত জীৱন
১৯৫৭ চনৰ ৩০ মাৰ্চত সুজাতা মেহতা জন্ম হৈছিল। তেওঁ ৰাজনীতি বিজ্ঞানত বিষয়ত Master of Philosophy (M.Phil) ডিগ্ৰী লাভ কৰে। ইয়াৰ পিচত ১৯৮০ চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে।১
কৰ্ম জীৱন
সুজাতা মেহতা ১৯৮০ চনৰ কেডাৰৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আছিল। তেওঁ ১৯৮২ চনৰ আগষ্টৰ পৰা ১৯৮৪ চনৰ ফেব্ৰুৱাৰী মাহলৈকে মস্কোত থকা ভাৰতৰ দূতাবাসত তৃতীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছন ঢাকাত ভাৰতীয় মিছনৰ দায়িত্ব পালন কৰিছিল আৰু স্পেইনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছিল। ৰাষ্ট্ৰসংঘতো তেওঁক ডেপুটি হিচাপে নিযুক্তি দিয়া হৈছিল। সুজাতা মেহতাই জেনেভাত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰকৰণ সন্মিলনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে আৰু তাৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল২ তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত নিয়ুক্ত হৈ ভাৰতৰ বৈদেশিক নীতি গঠনত আৰু কূটনৈতিক সম্পৰ্ক উন্নত কৰিবলৈ নেতৃত্ব প্ৰদান কৰিছিল। আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।১
চুজাতা মেহতাক তেওঁৰ অৱসৰৰ প্ৰায় এক মাহ পূৰ্বে সংঘ লোক সেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল। ফলত তেওঁ ভাৰতীয় বৈদেশিক সেৱা ৩ পৰিত্যাগ কৰে আৰু ২০১৭ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে UPSC ৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ২০২৩ চনৰ, ৩০ মাৰ্চ তাৰিখলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।।৪
তথ্যসূত্ৰ
- ↑ meaindia.nic.in/cdgeneva/?pdf0394?000
- ↑ (3 April 2013). Why India abstained on Arms Trade Treaty. The Hindu
- ↑ (23 February 2017). Former diplomat Sujata Mehta appointed UPSC member - Latest News & Updates at Daily News & Analysis
- ↑ UPSC: Air Marshal Ajit Shankarrao Bhonsle and Sujata Mehta Take Oath as Commission Members
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুজাতা মেহতা” প্ৰবন্ধৰ সংশোধন ৪৮০৮০৪ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।