সাৰদাকান্ত বৰদলৈ (জন্ম: ২২ আগষ্ট ১৯০২ – মৃত্যু: ৫ চেপ্তেম্বৰ ১৯৮৫) এগৰাকী সুদক্ষ অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক আছিল। কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে লিখা নাটক মগৰীবৰ আজান (১৯৪৮) অসমীয়া সামাজিক নাটকৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত।
জন্ম আৰু শিক্ষা
তেওঁ ১৯০২ চনৰ ২২ আগষ্ট তাৰিখে অসমৰ নগাঁৱত জন্ম গ্ৰহণ কৰে। পলাশবাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কলিকতাৰ বঙ্গবাসী কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল, যদিও পঢ়া সম্পূৰ্ণ নকৰে।
কৰ্মজীৱন
সাৰদাকান্ত বৰদলৈয়ে দুখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰ দুখন হ'ল:
- বিপ্লৱী (১৯৫০)
- মন আৰু মৰম (১৯৮০)
ৰচনাসমূহ
নাটক
- মগৰীবৰ আজান (১৯৪৮, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে)
- চতুৰংগ (১৯৬৭)
- দিকভ্ৰষ্ট (১৯৭০)
- অকাল বোধন (১৯৭১)
- উপহাৰ (১৯৭২)
- পোহৰৰ জিলিঙনি (১৯৭৮)
মৃত্যু
১৯৮৫ চনৰ ৫ চেপ্তেম্বৰত সাৰদাকান্ত বৰদলৈৰ মৃত্যু হয়।
তথ্য উৎস
- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা ২৬৪, প্ৰথম প্ৰকাশ: ২০০৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰদাকান্ত বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৫২৭০০০ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।