অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুকুমাৰী

সুকুমাৰী আম্মা ( Sukumari Amma; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়। পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সুকুমাৰী আম্মা ( Sukumari Amma; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়।১ পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে সিংহলী, ফৰাচী, ইটালীয়, বাংলা, তুলু, ইংৰাজী আৰু কানাড়াৰ এখনকৈ ছবিত অভিনয় কৰিছে।২ সুকুমাৰীয়ে ১০ বছৰ বয়সৰ পৰাই অভিনয় আৰম্ভ কৰে। ২০০৩ চনত কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী প্ৰদান কৰে।৩ তামিল ছবি নম্মা গ্ৰামমত (২০১০) অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৪ ২০১৩ চনৰ ২৬ মাৰ্চত চেন্নাইত হৃদৰোগত আক্ৰান্ত হৈ সুকুমাৰীৰ মৃত্যু হয়।৫

বাহ্যিক সংযোগ

  • – Sukumari's debut in Or Iravu featuring as young Lalitha

তথ্যসূত্ৰ

  1. ↑ Kumar, P. K. Ajith. (27 March 2013). Sukumari – Timeless roles, priceless acting. দ্য হিন্দু
  2. ↑ (2013-03-26). Actor Sukumari succumbs to burns. The Hindu
  3. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  4. ↑ (19 May 2011). National Film awards winners 2010. Bada Screen
  5. ↑ (26 March 2013). South Indian Actress Sukumari passes away. The Week

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুকুমাৰী” প্ৰবন্ধৰ সংশোধন ৬৪০২৬৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।