সুচিত্ৰা হান্সদা ( Suchitra Hansda), জন্ম: ১৯৮৩ চন, এগৰাকী চাঁওতালী মহিলা লেখিকা। ভাৰতৰ পশ্চিম বংগৰ হুগলী জিলাৰ জামদা গাঁৱত তেওঁৰ ঘৰ। চাঁওতালী ভাষাৰ বিভিন্ন সাহিত্যৰ ৰচনাৰ বাবে তেওঁ পৰিচিত।১
ব্যক্তিগত জীৱন
হান্সদাই পানপুৰ শশীভূষণ হাইস্কুল,২ হাওৰাৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু মেদিনীপুৰৰ ৰাজা নৰেন্দ্ৰ লাল খান মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৮ চনত তেওঁৰ বিবাহ হয়।১
বঁটা আৰু স্বীকৃতি
সুচিত্ৰা হান্সদাই তেওঁৰ গ্ৰন্থ বেৰা আহলা কবিতা পুথিৰ বাবে ২০১৫ চনৰ সাহিত্য অকাডেমি নতুন দিল্লী যুৱ পুৰস্কাৰ লাভ কৰিছে৷৩.
কিতাপ আৰু প্ৰকাশন
সুচিত্ৰা হান্সদাই তলত উল্লেখ কৰা চাঁওতালী ভাষাৰ কবিতা পুথি প্ৰকাশ কৰিছে।৪
- বেৰা আহলা
- ডোবে বাহা
- ধিলৱাং
- জুৱান ডেৰে
- খাদা
- বানাদল
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুচিত্ৰা হান্সদা” প্ৰবন্ধৰ সংশোধন ৫২২৪৪৬ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।