সূৰ্য বৰাৰ জন্ম ১৯২৬ চনত তেতিয়াৰ নগাওঁ জিলাৰ জাগীত (এতিয়া মৰিগাওঁ জিলাৰ অন্তৰ্গত)। পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ভুৱনচন্দ্ৰ বৰা আৰু মনোৰমা বৰা। ভাৰতীয় ৰেলৰ কাৰ্যালয় সহায়ক হিচাপে ১৯৪৬ চনত মালিগাওঁ ৰেলৱে কেন্দ্ৰত কৰ্মজীৱন আৰম্ভ কৰা সূৰ্য বৰাই কৰ্মঅৱস্থাতে বি.কম. পাছ কৰি ৰেল বিভাগৰ সংবাদ সেৱাত যোগ দিয়ে। কবি, গীতিকাৰ আৰু অভিনেতা হিচাপেও বৰা চিনাকি আছিল। সুৰসন্ধানী আৰু জিৰণি নামৰ দুখন কবিতা পুথি ৰচনা কৰাৰ ওপৰিও তেওঁৰ ভালেমান গীত আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈছিল। চলচিত্ৰ জগততো খোজ দিয়া বৰাই লাচিত বৰফুকন, নিমিলা অংককে খৰি কেইখনমান অসমীয়া কথাছবিতো অভিনয় কৰে। ১৯৬০ চনৰ অসমীয়া ভাষা আন্দোলনৰ সময়ত কাৰ্যালয়ৰ কামত কলিকতালৈ গৈ উভতাৰ পথত ছহিদ হয়। ১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৯৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সূৰ্য বৰা” প্ৰবন্ধৰ সংশোধন ২৭১৪১০ (১৬ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।