সত্যেন্দ্ৰনাথ ঠাকুৰ (Satyendranath Tagore) (১ জুন ১৮৪২ - ৯ জানুৱাৰী ১৯২৩) আছিল এগৰাকী ভাৰতীয় অসামৰিক সেৱা বিষয়া, কবি, সুৰকাৰ, লেখক, সমাজ সংস্কাৰক আৰু ভাষাতত্ত্ববিদ। তেওঁ বংগৰ কলিকতা চহৰৰ বাসিন্দা আছিল। তেওঁ আছিল ১৮৬৩ চনত ভাৰতীয় অসামৰিক সেৱা বিষয়া হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি।১২৩ তেওঁ ব্ৰাহ্ম সমাজৰ এগৰাকী সদস্য আছিল।১২
জীৱনী
১৮৪২ চনৰ ১ জুন তাৰিখে, তেওঁ কলিকতাৰ জোড়াসাঁকোৰ ঠাকুৰ পৰিয়ালত মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু সাৰদা দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰে। তেওঁৰ পত্নীৰ নাম আছিল জ্ঞানদানন্দিনী দেৱী।১৪ তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা আছিল ক্ৰমে সুৰেন্দ্ৰনাথ ঠাকুৰ আৰু ইন্দিৰা দেৱী চৌধুৰাণী। ২ তেওঁ আছিল প্ৰেচিডেন্সি কলেজৰ ছাত্ৰ। ভাৰতীয় অসামৰিক সেৱাৰ (আই চি এছ) প্ৰথমগৰাকী ভাৰতীয় বিষয়া। ১৮৬৪ চনত তেওঁ এই সেৱাত যোগদান কৰে।১২
সাহিত্যিক কৰ্মৰাজি
- সুশিলা হে বীৰসিংহ
- বোম্বাই চিত্ৰ
- নবৰত্নমালা
- স্ত্ৰীস্বাধীনতা
- বৌদ্ধধৰ্ম
- অমৰ বাল্যকথা ও বোম্বাই প্ৰবাস
- ভাৰতবৰ্ষীয় ইংৰেজ
- ৰাজা ৰামমোহন ৰায়
- বীৰসিংহ
- আমাৰ বাল্যকথা
- আত্মকথা
- শ্ৰীমদ্ভাগৱতগীতা
তেওঁ বহু গীত ৰচনা কৰিছিল। তেওঁৰ দেশপ্ৰেমমূলক বঙালী ভাষাৰ গীত "মিলে সৱ ভাৰত সন্তান, একতান গাহ গান" (unite, India's children, sing in unison), যিয়ে ভাৰতৰ প্ৰথমটো জাতীয় সংগীতৰ মৰ্যাদা পাইছিল।৪
মৃত্যু
১৯২৩ চনৰ ৯ জানুৱাৰীত কলিকতাত তেওঁৰ মৃত্যু হয়।৫৪
বংশবৃক্ষ
মূল প্ৰবন্ধ: ঠাকুৰ পৰিয়াল
লগতে চাওক
- ঠাকুৰ পৰিয়াল
- ভাৰতীয় অসামৰিক সেৱাৰ ভাৰতীয় সদস্যসকলৰ তালিকা
- কলকাতা প্ৰেচিডেন্সিয়ানসকলৰ তালিকা
- হিন্দু মেলা
- বঙালী ভাষাৰ লেখকসকলৰ তালিকা (বৰ্ণানুক্ৰমিক)
বাহ্যিক সংযোগ
- Satyendranath Tagore at Bengali wikisource
- indianmasterminds.com/features/tales-from-the-le
- www.thebrahmosamaj.net/samajes/adibrahmosamaj.ht
- iasbabuji.com/ias-ips-officers/satyendranath-tag
- granthagara.com/writer/1854-satyendranath-tagore
তথ্যসূত্ৰ
- ↑ (2019-02-05). Satyendranath Tagore (1842–1923); brother of Rabindranath. The Scottish Centre of Tagore Studies
- ↑ Tagore, Satyendranath. Banglapedia
- ↑ The Tagore women: A step ahead of their times. The Daily Star
- ↑ A special write up on Indian Author Satyendranath Tagore. www.anandabazar.com
- ↑ (4 September 2016). The First Indian to Join the I.C.S. (Satyendranath Tagore Biography) - Free Online India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্যেন্দ্ৰনাথ ঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫১৮৭০৭ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।