সত্য দেও সিং (২৭ ফেব্ৰুৱাৰী ১৯৪৫ – ১৭ ডিচেম্বৰ ২০২০) ১ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীক প্ৰতিনিধিত্ব কৰি বিভিন্ন দায়িত্বত আছিল।
ব্যক্তিগত জীৱন
সিংহ সৰোজ ৰাণীৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যাৰ সৈতে তেওঁৰ দুজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান আছে। কনিষ্ঠ পুত্ৰ বৈভৱ সিং ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। ২
ৰাজনৈতিক জীৱন
জনসংঘৰ পৰাই সত্য দেও সিঙে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হয়।জনসংঘই ভাৰতীয় জনতা পাৰ্টিলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে ১৯৮০ চনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি হয়।১৯৯১ আৰু ১৯৯৬ চনত পুনৰ লোকসভালৈ নিৰ্বাচিত হয়।
মৃত্যু
সত্য দেও সিঙৰ ক'ভিড-১৯ মহামাৰীৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ৩
তথ্যসূত্ৰ
- ↑ (17 December 2020). Senior BJP leader and former Gonda MP Satyadev Singh passes away. DNA India
- ↑ (19 September 2021). Sh. Vaibhav Singh - BJYM
- ↑ Senior BJP leader and former Gonda MP Satyadev Singh passes away
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সত্য দেও সিং” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৯০ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।