সুমেইৰা আব্দুলআলি (Sumaira Abdulali; জন্ম: ২২ মে’, ১৯৬১) মুম্বাই নিবাসী এগৰাকী ভাৰতীয় পৰিৱেশবিদ, বেচৰকাৰী সংস্থা আৱাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা আৰু এক্টিভিষ্টসকলৰ প্ৰতি সততে প্ৰদৰ্শিত ভীতি, ভাবুকি আৰু প্ৰতিশোধৰ বিৰুদ্ধে সংঘবদ্ধ আন্দোলন ‘মিত্ৰ’ৰ আহ্বায়ক। তেওঁ সংৰক্ষণ উপ সমিতিৰ সহ-অধ্যক্ষ আৰু এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ বেচৰকাৰী পৰিৱেশ সংস্থা ‘বম্বে নেচাৰেল হিষ্ট্ৰি চ’ছাইটি’ৰ সন্মানীয় সচিব তথা ২০০৮ আৰু ২০২১ চনৰ ভিতৰত পৰিচালনা পৰিষদৰ সদস্য আছিল।১২৩
আইনী হস্তক্ষেপ, ওকালতি আৰু ৰাজহুৱা প্ৰচাৰ তথা তথ্যচিত্ৰলৈ অৱদান, দূৰদৰ্শনৰ মুকলি আলোচনা আৰু প্ৰকাশিত প্ৰবন্ধৰ জৰিয়তে সুমেইৰা আব্দুলআলিয়ে পূৰ্বতে অজ্ঞাত পাৰিপাৰ্শ্বিক বিপদ, বিশেষকৈ শব্দ প্ৰদূষণ৪ আৰু বালি খননক৫৬ সফলতাৰে মূলসুঁতিৰ প্ৰচাৰ মাধ্যমলৈ আনিছে আৰু মানুহৰ মাজত এই বিষয়ে এক সজাগতা গঢ়ি তোলাত বিশেষ ভূমিকা লৈছে। তেওঁৰ কামৰ বাবে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে। ২০০৪ চনত, বালি মাফিয়াৰ দ্বাৰা তেওঁক কৰা আক্ৰমণৰ পিছতেই সুমেৰাই ভাৰতীয় এক্টিভিষ্টসকলৰ সুৰক্ষাৰ বাবে প্ৰথমটো নেটৱৰ্ক ‘মিত্ৰ’ স্থাপন কৰিছিল।৭
তেওঁক ভাৰতৰ এগৰাকী আগশাৰীৰ পৰিৱেশ কৰ্মী বুলি কোৱা হৈছে।৮
তথ্যসূত্ৰ
- ↑ 2008 interview after Ashoka Fellowship. Mumbai Mirror
- ↑ (12 August 2013). Sumaira Abdulali joined IBNLive readers for an interaction on the issue of tackling sand mafia.. Ibn live
- ↑ Text of Sumaira Abdulali's speech on Noise Pollution at Harvard University. groups.yahoo.com. Yahoo
- ↑ Lakshmi, Rama. (3 October 2013). Sumaira Abdulali fights to lower noise levels in Mumbai, India's capital of noise. Washington post
- ↑ Dredging up trouble. Frontline
- ↑ and is a Governing Council
- ↑ And now, a 'mitra' for whistle-blowers | Mumbai News - Times of India. The Times of India
- ↑ Sumaira Abdulali – Berkeley Political Review. bpr.berkeley.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমেইৰা আব্দুলআলি” প্ৰবন্ধৰ সংশোধন ৬৩৬১৬৫ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।