তালা টুডু ঝাৰখণ্ডৰ এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু নাৰ্ছ। ২০১৫ চনত চান্তালী বা চাঁওতালি ভাষাৰ অনুবাদৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ জন্ম হৈছিল ১৯৭২ চনত।
ব্যক্তিগত জীৱন
টুডু ৰবীন্দ্ৰনাথ মুৰ্মুৰ ভগ্নী। তেৱোঁ সাহিত্য অকাডেমী অনুবাদ বঁটা বিজেতা এগৰাকী চাঁওতালি সাহিত্যিক৷ জীৱিকা হিচাপে তেওঁ টাটা ষ্টীল কোম্পানীত কৰ্মৰত৷১ তালা টুডু লাল বাহাদুৰ শাস্ত্ৰী সোঁৱৰণী মহাবিদ্যালয়ৰ ছাত্ৰী আছিল।২ টুডু পেছাত এজন অধিবক্তা গণেশ টুডুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এগৰাকী কন্যা আৰু এজন ল’ৰা আছে। তেওঁলোকৰ নাম অনিষা আৰু আশিস। তালা জামছেদপুৰ টাটা মেইন হস্পিতালৰ নাৰ্ছ৷২
ক’ভিদ সংকট
তালা এগৰাকী ক’ভিদ যোদ্ধা হিচাপে পৰিচিত৷ হস্পিতালত কৰ্তব্যৰত অৱস্থাতে তেওঁ ক’ভিদ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল আৰু ২০২০ চনৰ ১২ আগষ্টত তেওঁ ক’ভিদ পজিটিভ হিচাপে চিনাক্ত হৈছিল৷ ২৭ আগষ্টত তেওঁ পৰীক্ষাত নিগেটিভ হৈছিল৷৩
সাহিত্য কৰ্ম
টুডুৱে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ পৰিণীতা নমাৰ উপন্যাসখন বাপলানিজ নামেৰে চাঁওতালি ভাষালৈ অনুবাদ কৰে। ই আছিল তেওঁৰ প্ৰথম অনুবাদ।৪ এই কামৰ বাবে তেওঁক ২০১৫ চনত সাহিত্য অকাডেমী অনুবাদ বঁটাৰে সন্মানিত কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ (22 December 2012). Tribal translation gets Akademi pat - Santhali writer Rabindranath Murmu renders Bengali novel in own tongue. The Telegraph
- ↑ (22 February 2016). Found in translation, a debut feat. The Telegraph
- ↑ ক’ভিদ
- ↑ (19 February 2016). সাঁওতালি অনুবাদে শৰৎচন্দ্ৰ, পুৰস্কাৰ তালা টুডুৰ. Anandabazar Patrika
- ↑ AKADEMI TRANSLATION PRIZES (1989-2018). Sahitya Akademi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তালা টুডু” প্ৰবন্ধৰ সংশোধন ৫২২৪৪৪ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।