দ্ৰুকপা কুনলী(১৪৫৫-১৫২৯)ক কুঙ্গা লেগপাই জাংপো, দ্ৰুকপা কুঁলেগ, ব্ৰুগ-পা-কুন-লেগ্স, আৰু কুঙ্গা লেগপা আদি নামেৰেও জনা যায়। ড্ৰেগন বংশৰ উন্মাদ সন্ত বুলি পৰিচিত কুনলী তিব্বতীয় মহামুদ্ৰা পৰম্পৰাত এজন বৌদ্ধ সন্ন্যাসী আৰু মিছনাৰী আছিল, লগতে এজন বিখ্যাত কবি আছিল১। সিদ্ধ পেমা লিংপাৰ অধীনৰ ৰালুং মঠত প্ৰশিক্ষণ লোৱাৰ পিছত, তেওঁ ভূটানলৈ আহি বজ্ৰায়ন বৌদ্ধ ধৰ্মৰ এটা দিশ পৰিচয় কৰায় আৰু ১৪৯৯ চনত ভূটানৰ চিমি লাখাঙৰ মঠ স্থাপন কৰে।
তথ্যসূত্ৰ
- ↑ Stein (1972), pp. 262, 272
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্ৰুকপা কুনলী” প্ৰবন্ধৰ সংশোধন ৩০৭৯৪৬ (২৮ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।