অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দাৰ ইয়াচিন

দাৰ ইয়াচিন (Dar Yasin) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হয়।

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দাৰ ইয়াচিন (Dar Yasin) এজন কাশ্মীৰী সাংবাদিক। তেওঁক সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হয়।১

প্ৰাথমিক জীৱন

১৯৭৩ চনত ভাৰতৰ কাশ্মীৰত দাৰ ইয়াচিনৰ জন্ম হৈছিল। দক্ষিণ ভাৰতত তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অধ্যয়ন কৰিছিল। দাৰ ইয়াচিন ভাৰতৰ কাশ্মীৰৰ মূল চহৰ শ্ৰীনগৰৰ বাসিন্দা।

সাংবাদিকতা

কাশ্মীৰৰ সংঘাত, দক্ষিণ এছিয়াৰ ভূমিকম্প আৰু ইয়াৰ পাছৰ পৰিণতি আৰু বিভক্ত কাশ্মীৰৰ মাজৰ বাটত বাছৰ চলাচলৰ বিষয়ে দাৰে ব্যাপকভাৱে ক'ভাৰ কৰিছিল। আফগানিস্তানত নিয়োজিত হৈ থকাৰ সময়ত তেওঁ আফগান যুদ্ধ, আফগান শৰণাৰ্থী আৰু যুদ্ধবিধ্বস্তু আফগানসকলৰ দৈনন্দিন জীৱনৰ বিষয়ে আলোকচিত্ৰ ক'ভাৰ কৰিছিল। লগতে ম্যানমাৰৰ ব্যাপক হিংসা আৰু নিৰ্যাতনৰ ফলত পলায়ন কৰা ৰোহিংগীয়া শৰণাৰ্থী সংকটৰ কথাও তেওঁ সামৰি লৈছিল। তেওঁৰ লেখাসমূহ বিশ্বৰ সকলো প্ৰধান বাতৰি কাকত আৰু বাতৰি আলোচনীত প্ৰকাশ পাইছে। বৰ্তমান ইয়াচিনে আমেৰিকাৰ সংবাদ সংস্থা এ পিৰ সাংবাদিক হিচাপে কাম কৰি আছে।

প্ৰাপ্তি

দাৰৰ কামে কেইবা ডজনো আন্তঃৰাষ্ট্ৰীয় ফটো বঁটা লাভ কৰিছে। ভাৰতৰ কাশ্মীৰৰ অভূতপূৰ্ব পৰিস্থিতিৰ কভাৰেজৰ বাবে ২০১৯ চনৰ আগষ্ট মাহত তেওঁ আন দুজন ফটো সাংবাদিক মুখতাৰ খান আৰু চন্নী আনন্দৰ সৈতে সাংবাদিকতাৰ আটাইতকৈ সন্মানীয় বঁটা পুলিৎজাৰ বঁটা লাভ কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ (May 5, 2020). পুলিৎজাৰ জিতলেন তিন কাশ্মিৰি সাংবাদিক. banglatribune.com
  2. ↑ (৫ মে ২০২০). ৩ কাশ্মিৰি সাংবাদিক জিতলেন পুলিৎজাৰ. dailynayadiganta.com

সম্পৰ্কিত শ্ৰেণী

পুলিৎজাৰ বঁটা বিজয়ীভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাৰ ইয়াচিন” প্ৰবন্ধৰ সংশোধন ৫৬১৯০২ (৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।