অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপামণি হালৈ মহন্ত

দীপামণি হালৈ মহন্ত এগৰাকী লেখক, অধ্যাপক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত৷ বৰ্তমানলৈকে তেখেতৰ ৬খন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ হৈছে৷

হালনাগাদ: ৩ মে’ ২০২৬ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

দীপামণি হালৈ মহন্ত এগৰাকী লেখক, অধ্যাপক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত৷ বৰ্তমানলৈকে তেখেতৰ ৬খন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ হৈছে৷১

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ জন্ম হয় ১৯৮৩ ইং চনৰ ২৭ আগষ্টত; স্থান- নলবাৰী জিলাৰ খাটাৰূপীয়া বাথান গাঁও৷ তেখেতৰ পিতৃৰ নাম ড॰ প্ৰমোদ হালৈ আৰু মাতৃৰ নাম মিনু হালৈ৷ পিতৃ নলবাৰী জিলাৰ বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ, সমাজকৰ্মী৷ ১

শিক্ষা

  • প্ৰাথমিকঃ ১৭৫ নং কুলবিল বালক প্ৰাথমিক বিদ্যালয়
  • মাধ্যমিক শিক্ষাঃ কুলবিল উত্তম সুন্দৰী মজলীয়া বিদ্যালয় (জিলাভিত্তিত মেধা বৃত্তি লাভ)
  • উচ্চ মাধ্যমিক শিক্ষাঃ চামতা ছোৱালী উচ্ছ মাধ্যমিক বিদ্যালয়; ১৯৯৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজবিদ্যা আৰু বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ৷
  • উচ্চতৰ মাধ্যমিক শিক্ষাঃ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়, নলবাৰী ২০০০ ইং চনত উচ্ছতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰত সপ্তম স্থান অধিকাৰ; লগতে অসমীয়া বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্ব্বোচ্ছ নম্বৰ লাভ৷
  • স্নাতক ডিগ্ৰীঃ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰপৰা ইং ২০০৩ চনত অসমীয়া (গুৰু বিষয়)ত ডিষ্টিংচনসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতক ডিগ্ৰী লাভ৷
  • স্নাতকোত্তৰ ডিগ্ৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত ইং ২০০৫ চনত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ৷
  • পিএইচ. ডিৰ বিষয়ঃ ড॰ লীলাৱতী শইকীয়া বৰাৰ তত্ত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইং ২০১৩ চনত “Assamese and Maithili Verb System: A Comparative Study” বিষয়ত পিএইচ. ডি. ডিগ্ৰী লাভ৷

প্ৰকাশিত গ্ৰন্থ

  • নাট্য সমীক্ষা, ২০০৭
  • ভাষা বিশ্লেষণ, ২০১০
  • সাহিত্যত লোক সাংস্কৃতিক সমল, ২০১০
  • Assamese & Maithili Verb System A Contrastive Study, ২০১৭
  • অসমীয়া আৰু মৈথিলী ভাষাৰ বিৰোধমূলক বিশ্লেষণ, ২০২১২
  • ভাষা সাহিত্য জিজ্ঞাসা, ২০২২৩

বঁটা আৰু সন্মান

  • অসম সাহিত্য সভাৰ ‘ৰামদেউ শৰ্মা বঁটা’ লাভ৷
  • বিনয় ভূষণ চৌধুৰী স্মাৰক বঁটা৷
  • অনা-মৈথিলী গৱেষক হিচাপে মৈথিলী ভাষা-সাহিত্য-সংস্কৃতিৰ অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত৷

তথ্যসূত্ৰ

  1. ↑ Gauhati University Website
  2. ↑ ASAMIYA ARU MAITHILI BHASHAR BIRODHMULAK BISLESHAN DR. DIPAMANI HALOI MAHANTA অসমীয়া ভাষা আৰু মৈথিলী ভাষাৰ বিৰোধমূলক বিশ্লেষণ ( ধ্বনি আৰু ৰূপ প্ৰসংগ) ড° দীপামণি হালৈ মহন্ত (ASSAM BOOK TRUST)
  3. ↑ BHASHA SAHITYA JIGYASA – DR. DIPAMONI HALOI MAHANTA ভাষা সাহিত্য জিজ্ঞাসা – ড° দীপামণি হালৈ মহন্ত – BANDHAV

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপামণি হালৈ মহন্ত” প্ৰবন্ধৰ সংশোধন ৬০৪১৬০ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।