অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দুৰ্ধৰা

দুৰ্ধৰা আছিল খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ হেমচন্দ্ৰৰ জৈন গ্ৰন্থ পৰিষিতপৰ্বন অনুসৰি, খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ সম্ৰাজ্ঞী। এই গ্ৰন্থত তেওঁক দ্বিতীয় মৌৰ্য সম্ৰাট বিন্দুসাৰৰ মাতৃ বুলি উল্লেখ কৰা হৈছে যাক অমিত্ৰঘাট বুলিও কোৱা হয়।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দুৰ্ধৰা আছিল খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ হেমচন্দ্ৰৰ জৈন গ্ৰন্থ পৰিষিতপৰ্বন অনুসৰি, খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ সম্ৰাজ্ঞী।১ এই গ্ৰন্থত তেওঁক দ্বিতীয় মৌৰ্য সম্ৰাট বিন্দুসাৰৰ মাতৃ বুলি উল্লেখ কৰা হৈছে যাক অমিত্ৰঘাট বুলিও কোৱা হয়।২

জৈন পৰম্পৰা অনুসৰি চন্দ্ৰগুপ্তই নন্দ সম্ৰাটক পৰাস্ত কৰাৰ পাছত নন্দ ৰাজকুমাৰীয়ে চন্দ্ৰগুপ্তৰ প্ৰেমত পৰে আৰু তেওঁক বিয়া কৰায়।৩ কিংবদন্তিত এই ৰাজকুমাৰীৰ নাম উল্লেখ কৰা হোৱা নাই যদিও পিছলৈ দুৰ্ধৰাক চন্দ্ৰগুপ্তৰ পুত্ৰ বিন্দুসাৰৰ মাতৃ হিচাপে নামকৰণ কৰা হৈছে।৪ চন্দ্ৰগুপ্তৰ যুগৰ ১৬০০ বছৰৰ পাছত ৰচিত এই কিংবদন্তিৰ বাহিৰে দুৰ্ধৰাৰ বিষয়ে একো উল্লেখ বা জনা নাযায়। আন আন উৎস যেনে বাৰ্মিজ বৌদ্ধ তথ্যই জৈন কিংবদন্তিৰ সমৰ্থন নকৰে।১ চন্দ্ৰগুপ্তৰ দৰবাৰৰ অন্তিম বছৰবোৰত গ্ৰীক ৰাষ্ট্ৰদূত মেগাস্থিনিছে দুৰ্ধৰাৰ কথা উল্লেখ কৰা নাই আৰু বিন্দুসাৰ নামো ব্যৱহাৰ কৰা নাই, বৰঞ্চ চন্দ্ৰগুপ্তৰ উত্তৰাধিকাৰীক অমিট্ৰ'চেটেছ বুলি উল্লেখ কৰিছে,আনহাতে হিন্দু পণ্ডিত পতঞ্জলিয়ে তেওঁক অমিত্ৰঘাট (অৰ্থাৎ "শত্ৰুৰ বিজয়ী") বুলি কয়।৫৬ পণ্ডিতসকলে জৈন গ্ৰন্থসমূহৰ বিন্দুসৰক অমিত্ৰঘাটৰ সৈতে একে বুলি গণ্য কৰে।৬

তথ্যসূত্ৰ

  1. ↑ KAN Sastri. (1988). Age of the Nandas and Mauryas. Motilal Banarsidass. পৃ. 159, 165. ISBN 978-81-208-0466-1
  2. ↑ Mookerji 1988, পৃ. 234
  3. ↑ Trautmann 1971, পৃ. 23
  4. ↑ Mookerji 1988, পৃ. 234
  5. ↑ Etienne Lamotte. (1988). History of Indian Buddhism: From the Origins to the Saka Era. Université catholique de Louvain, Institut orientaliste. পৃ. 222. ISBN 978-90-6831-100-6
  6. ↑ Kosmin, Paul J. (2014). The Land of the Elephant Kings. Harvard University Press. পৃ. 34–35, 267. ISBN 978-0-674-72882-0

সম্পৰ্কিত শ্ৰেণী

ৰাজতন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্ধৰা” প্ৰবন্ধৰ সংশোধন ৬৩০৮২৬ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।