দেৱিকা দেৱদোছ (জন্ম: প্ৰমীলা দেৱী; Devika Devadoss; ২৫ এপ্ৰিল ১৯৪৩ – ২ মে' ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলুগুৰ উপৰিও কেইখনমান মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত কাম কৰিছিল। তেওঁ ষাঠিৰ দশকৰ অন্যতম জনপ্ৰিয় মুখ্য অভিনেত্ৰী।১
দেৱিকা গজপতি নাইডুৰ কন্যা আৰু তেলুগু চলচ্চিত্ৰৰ দিগগজ আৰু অগ্ৰণী ৰঘুপতি ভেংকয়া নাইডুৰ নাতিনীয়েক। তেওঁৰ এজন খুৰাক চি বাসুদেৱ চেন্নাইৰ মেয়ৰ আছিল। অভিনেত্ৰী কনকা তেওঁৰ একমাত্ৰ কন্যা।২
কৰ্মজীৱন
তামিল চলচ্চিত্ৰৰ তেওঁৰ সময়ৰ সকলো প্ৰধান নায়কৰ সৈতে দেৱিকাই অভিনয় কৰিছে। এ.ভি.এম.ৰ ছবি মুধলালিত তেওঁ আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ এছ এছ ৰাজেন্দ্ৰনৰ সৈতে যুটী বান্ধিছিল। ছবিখনে বছৰটোৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে তামিল ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।২
আনন্দ যোধীত তেওঁ এম জি ৰামচন্দ্ৰনৰ সৈতে যুটী বান্ধিছিল। তেওঁৰ অভিনয় প্ৰশংসিত হৈছিল আৰু ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।
শিৱাজী গণেশনৰ সৈতে তেওঁ কৰ্ণন, কুলমাগল ৰাধাই, আন্দাবন কট্টলাই, অনবু কাৰংগল, আন্নাই ইল্লাম, পাভা মনিপ্পু, মুৰাদন মুথু, নীলা ভানম আৰু বালে পাণ্ডিয়া ছবিত অভিনয় কৰিছে।৩
তথ্যসূত্ৰ
- ↑ Blend of grace and charm
- ↑ (24 April 2023). Going in search of a yesteryear star actress and what I learnt. The New Indian Express
- ↑ Suguna Sundari Katha. TVGuide.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱিকা” প্ৰবন্ধৰ সংশোধন ৪৯১৪২১ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।