অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱেন দত্ত

দেৱেন দত্ত (Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল। কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৫ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দেৱেন দত্ত (Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল।১২ কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।৩ ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল। স্পষ্টবাদী বুলি তেওঁৰ নাম আছিল আৰু দৈনিক কাকতত তেওঁ অকুতোভয় শীৰ্ষকেৰে নিয়মীয়া কলম লেখিছিল।

জন্ম

১৯৪৪ চনৰ ৫ এপ্ৰিল তাৰিখে শিৱসাগৰ জিলাৰ নাজিৰাত দেৱেন দত্তৰ জন্ম হৈছিল।২

শিক্ষা আৰু কৰ্মজীৱন

কটন কলেজৰপৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হৈ দত্তই ১৯৬৫ চনত দিল্লীৰ ৰামযশ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু কটন মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ অধ্যাপক ৰূপে মকৰল হয়।৪ কিছুবছৰ তেওঁ গড়গাঁও মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। ২০০২ চনত কটন কলেজৰ উপাধ্যক্ষ ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু গ্ৰাহক সুৰক্ষা সমিতিৰ সভাপতি ৰূপে ৰাজহুৱা জীৱন আৰম্ভ কৰে। ৪ দত্তৰ সভাপতিত্বৰ সময়ছোৱাত গ্ৰাহক সুৰক্ষা সমিতিয়ে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল আৰু নাগৰিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত কাম কৰিছিল।

প্ৰকাশিত গ্ৰন্থ

ৰাজনৈতিক জীৱন

দেৱেন দত্তই ২০০৪ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা তৃণমূল গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয়।৫ কিৰিপ চলিহাৰ হাতত তেওঁ নিৰ্বাচনত পৰাস্ত হয়।৬

মৃত্যু

২০২৩ চনৰ ১৭ আগষ্ট তাৰিখে স্বাস্থ্য সম্পৰ্কীয় জটিলতাত ভুগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃত্যু হয়।২৪

তথ্যসূত্ৰ

  1. ↑ (18 August 2023). Assam: Noted Educationalist Deven Dutta Passes Away. The Sentinel
  2. ↑ (১৮ আগষ্ট, ২০২৩). শিক্ষাবিদ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ. অসমীয়া প্ৰতিদিন
  3. ↑ (১৮ আগষ্ট, ২০২৩). শিক্ষাবিদ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান. এন ই নাও নিউজ, গুৱাহাটী
  4. ↑ (১৮ আগষ্ট, ২০২৩). Eminent Educationist and social activist Prof Deven Dutta passes away. নিউজ লাইভ
  5. ↑ (2 March 2004). Academician in political debut – TGP fields Deven Dutta from Guwahati seat. The Telegraph India. ABP Group
  6. ↑ General Elections, 2004 – The 14th Lok Sabha: List of Successful Candidates. Chief Electoral Officer, Madhya Pradesh. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদঅসমৰ ব্যক্তিসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱেন দত্ত” প্ৰবন্ধৰ সংশোধন ৫৩৫৬৬১ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।