দিলীপ শইকীয়া (Dilip Saikia) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ৰাজ্যিক সভাপতি। ২০১৯ চনত ভাৰতৰ সাধাৰণ নিৰ্বাচনত মঙ্গলদৈ সমষ্টিৰ পৰা প্ৰথমবাৰলৈ লোকসভালৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত হয়।১ অসমত সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ হোৱাৰ পাছত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত শইকীয়াই দৰং উদালগুৰি সমষ্টিৰ পৰা ৩২৯০১২ ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি নৱ গঠিত সমষ্টিটোৰ প্ৰথমজন সাংসদ নিৰ্বাচিত হয়। ২ তেওঁ ছেপ্টেম্বৰ ২০১৯ চনৰ পৰা জুলাই ২০২৩ চনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল।৩ পূৰ্বে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক আৰু সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ (15 May 2019). Mangaldoi (Assam) Election 2019. Times Now- (24 May 2019). BJP improves tally in Assam, bags nine of 14 seats. The Economic Times - MANGALDOI LOK SABHA CONSTITUENCY. The Indian Express
- ↑ results.eci.gov.in/PcResultGenJune2024/candidate
- ↑ Assam MP Dilip Saikia inducted as National GS of BJP. Guwahati Plus
- ↑ Dilip Saikia. India Leader
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৬০৭১৭৯ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।