ধনবন্তী লেডী ৰামা ৰাউ (Dhanvanthi, Lady Rama Rau, ১৮৯৩–১৯৮৭) ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত অভিভাৱকত্ব ফেডাৰেচনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি আছিল। তেওঁ ছাৰ বেনেগল ৰামা ৰাউৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷
প্ৰাথমিক জীৱন
ধনবন্তীয়ে কাশ্মীৰৰ ব্ৰাহ্মণ পৰিয়ালত ধনবন্তী হাণ্ডু নামেৰে জন্মগ্ৰহণ কৰি হুবলীত (বৰ্তমান কৰ্ণাটকত) ডাঙৰ-দীঘল হৈছিল৷ সেয়েহে কানাড়া ভাষাৰ লগত পৰিচিত আছিল। হুবলিত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ মাদ্ৰাজলৈ গৈ প্ৰেচিডেন্সি কলেজত যোগদান কৰে আৰু তাৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইংৰাজী ভাষাত গ্ৰীগছ সোণৰ পদক লাভ কৰে।১২
মাদ্ৰাজত তেওঁ বিশিষ্ট অৰ্থনীতিবিদ আৰু কূটনীতিবিদ ছাৰ বেনেগাল ৰামা ৰাউক লগ পায়৷৩
কৰ্মজীৱন
মাদ্ৰাজৰ কুইন মেৰী কলেজত সহকাৰী অধ্যাপিকা হিচাপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰে।২
১৯১৭ চনত এনি বেছাণ্ট, মাৰ্গাৰেট কাজিনছ, জিনা ৰাজা দাস আদিৰ সৈতে মহিলা ভাৰতীয় সন্থাৰ সহযোগী প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ লক্ষ্য আছিল ১৯ শতিকাৰ আৰু ২০ শতিকাৰ আৰম্ভণিতে মহিলাসকলে সন্মুখীন হোৱা কঠিন আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিৰ সমাধান আৰু উন্নতি।২
১৯৩২ চনত বাৰ্লিনত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক ভোটাধিকাৰ আৰু সম-নাগৰিকত্বৰ বাবে মহিলা মিত্ৰজোঁটত অংশগ্ৰহণ কৰে আৰু সৰোজিনী নাইডুৰ নিৰ্দেশত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে।২
১৯৪৬ চনত তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী নিৰ্বাচিত হয়।২
১৯৪৯ চনত তেওঁ ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা আৰম্ভ কৰে।৪
১৯৫২ চনত ধনবন্তীয়ে মাৰ্গাৰেট চেংগাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰিকল্পিত অভিভাৱকত্ব ফেডাৰেচনৰ সহ-প্ৰতিষ্ঠাপক আৰু যৌথ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।৫
তথ্যসূত্ৰ
- ↑ (2 July 2021). A pioneer to remember. Deccan Herald
- ↑ Dhanvanthi Rama Rau. The Open University
- ↑ Dhanvanthi Rama Rau (1893–1987). StreeShakti
- ↑ (2 March 2010). Band of brothers. New Indian Express
- ↑ Vicky Claeys. (2010). Brave and angry – The creation and development of the International Planned Parenthood Federation (IPPF). The European Journal of Contraception & Reproductive Health Care. Tandfonline. পৃ. S67–S76
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনবন্তী ৰামা ৰাউ” প্ৰবন্ধৰ সংশোধন ৫৩৭৪৫৩ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।