অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তিলেশ্বৰী বৰুৱা

তিলেশ্বৰী বৰুৱা ( Tileswari Baruah) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ৷ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিল৷ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীক উদ্দেশ্যি কৰা পুলিচৰ গুলীচালনাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল…

হালনাগাদ: ১৯ আগষ্ট ২০২৩ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

তিলেশ্বৰী বৰুৱা ( Tileswari Baruah) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ৷ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিল৷ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীক উদ্দেশ্যি কৰা পুলিচৰ গুলীচালনাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা। উল্লেখযোগ্য যে একেদিনাই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱাই।১ তিলেশ্বৰী বৰুৱাৰ জন্ম ১৯৩০ চনত৷ পিতৃৰ নাম ভৱকান্ত বৰুৱা৷ তেওঁৰ ঘৰ দৰং জিলাৰ বৰগাঁও মৌজাৰ নিজ বৰগাঁও নামে গাঁৱত৷ মৃত্যুৰ সময়ত তিলেশ্বৰী বৰুৱাৰ বয়স আছিল মাত্ৰ ১২ বা ১৩ বছৰ৷২

ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে স্বাধীনতা আন্দোলনৰ বীৰ-বীৰাংগনাসকলক স্মৰণ কৰাৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা নানা প্ৰকল্পৰ ভিতৰত দেশৰ ২০ গৰাকী বীৰনাৰীৰ জীৱনী “অমৰ চিত্ৰ কথা’’ত চিত্ৰিত কৰে৷ তাৰ ভিতৰত অসমৰ তিলেশ্বৰী বৰুৱাৰো স্থান আছে৷৩

তথ্যসূত্ৰ

  1. ↑ দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা
  2. ↑ কলিতা, ৰমেশচন্দ্ৰ. (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃ. ১৭৮
  3. ↑ অসমৰ স্বাধীনতা যুঁজাৰু তিলেশ্বৰী বৰুৱা..

সম্পৰ্কিত শ্ৰেণী

অসমভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিলেশ্বৰী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৭৪৮৮৮ (১৯ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।