অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ত্ৰিধা চৌধুৰী

ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে।১ তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।২ তেওঁৰ অভিনীত প্ৰথমখন চলচ্চিত্ৰ আছিল ২০১৩ চনত সৃজিত মুখোপাধ্যায়ৰ পৰিচালনাত নিৰ্মিত ছবি, মিছৰ ৰহস্য। ২০১৬ চনৰ ১৪ মাৰ্চত, ষ্টাৰপ্লাছ চেনেলত প্ৰিমিয়াৰ হোৱা ধাৰাবাহিক, দেহলীজত অভিনয়েৰে তেওঁ টেলিভিছনতো অভিষেক ঘটায়।৩

তেওঁ ২০২০ চনত, এমাজন প্ৰাইম ভিডিঅ’ৰ ৱেব ধাৰাবাহিক, বেণ্ডিছ বেণ্ডিটছ আৰু এমএক্স প্লেয়াৰৰ মৌলিক ৱেব ধাৰাবাহিক, আশ্ৰমত অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

পশ্চিমবংগৰ কলকাতা চহৰত চৌধুৰীৰ জন্ম হৈছিল। এম. পি. বিৰলা ফাউণ্ডেচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰি তেওঁ কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে।৪ তেওঁ আচলতে এগৰাকী অণুজীৱবিজ্ঞানী (Microbiologist)।৫

সংবাদ মাধ্যম

চৌধুৰীয়ে ২০২০ চনত, দ্য টাইম্‌ছ অৱ ইণ্ডিয়াৰ "মʼষ্ট ডিজায়াৰেবল উইমেন লিষ্ট" শীৰ্ষক তালিকাত ত্ৰয়োদশ স্থান লাভ কৰিছিল।৬

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকাতথ্যসূত্ৰ
২০১৩মিছৰ ৰহস্যৰিনিবাংলা
২০১৪যদি লাভ দিলে না প্ৰাণেআহেলী
খাদমেঘনা
২০১৫সূৰ্য বনাম সূৰ্যসঞ্জনাতেলেগু৭
মেৰী খ্ৰীষ্টমাছৰিয়াবাংলা৮
২০১৬খাওতোসোহাগ
২০১৮মানাচুকু নাচিন্দিনিকিতাতেলেগু৭
২০১৯শেষ থেকে শুৰুইয়াচমিনবাংলা
চেভেনপ্ৰিয়াতেলেগু/তামিল
২০২০অনুকুন্নাদি ওকাতি আয়িনাদি ওকাতিত্ৰিধাতেলেগু
হাবা গোবানন্দিনীহিন্দীচুটি চলচ্চিত্ৰ
২০২২এৰেঞ্জড্ৰিচাহিন্দীচুটি চলচ্চিত্ৰ৯
২০২৪বুমেৰাংৰাধাবাংলা১০

দূৰদৰ্শন

বৰ্ষশিৰোনামচৰিত্ৰটোকা
২০১৬দেহলীজস্বাধীন্তা সিনহা

ৱেব ধাৰাবাহিক

বৰ্ষশিৰোনামচৰিত্ৰ
২০১৭স্পটলাইটছানা সান্যাল
২০১৮সেই যে হলুদ পাখিবৈদেহী
দুল্হা ৱাণ্টেডআৰতি
২০২০আশ্ৰমববিতা
দ্য চাৰ্জশ্বীট: ইন্নʼচেণ্ট অৰ গিল্টী?অন্তৰা দীক্ষিত
বেণ্ডিছ বেণ্ডিটছসন্ধ্যা
২০২৩চিন - হুইস্পাৰ্চ অফ গিল্টৰুমী

সংগীত ভিডিঅʼ

+বৰ্ষশিৰোনামকণ্ঠশিল্পীতথ্যসূত্ৰ
২০২২ধোকেবাজআফছানা খান১১
২০২৩তেৰে মেৰেঅসীস কৌৰ, ষ্টেবিন বেন১২
ধোঁৱা ধোঁৱানাকাশ আজিজ১৩

তথ্যসূত্ৰ

  1. ↑ Tridha Choudhury Gives Golden Hour In Dubai A Fierce Touch With Her Very Own Golden Swimsuit. Swirlster
  2. ↑ Zinia Sen. (15 November 2011). Clean & Clear Calcutta Times Fresh Face's grand finale. The Times of India
  3. ↑ (21 October 2022). Ashram's Babita Bhabhi got her shirt opened and bold photoshoot done, see picture - News Hindian
  4. ↑ (15 November 2011). Crowning glory for rising stars. The Times of India
  5. ↑ (21 August 2021). Tridha Choudhury On Her Acting Career. Youtube
  6. ↑ The Times Most Desirable Women of 2020 - Times of India. The Times of India
  7. ↑ (11 January 2017). Tridha debuts in South love story. The Times of India
  8. ↑ (23 December 2015). Merry Christmas, Short Film on Home Delivery Experience
  9. ↑ Arranged Review: Rithvik & Tridha shine in this thought-provoking drama. The Times of India
  10. ↑ Jeet: প্ৰসেনজিতেৰ পৰেই জিৎ! শৌভিকেৰ আগামী দু'টি ছবিৰ নায়ক 'ৰাবণ'?
  11. ↑ (29 April 2022). Vivek Oberoi and Tridha Choudhury come together for Jaani's new song Dhokebaaz. Firstpost
  12. ↑ DRJ Records releases 'Tere Mere' by Javed-Mohsin featuring Gurmeet Choudhary & Tridha Choudhary. The Times of India
  13. ↑ (2 February 2023). वेब सीरीज 'आश्रम' की त्रिधा चौधरी अब 'धुआं-धुआं' से मचाएंगी धमाल, इंटरनेट पर छाया अंडरवाटर VIDEO. News18 हिंदी

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীপশ্চিমবঙ্গৰ ব্যক্তিহিন্দী টেলিভিছনৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিধা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬০২৩৬০ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।