তাৰক চন্দ্ৰ গোস্বামী (Tarok Chandra Goswami) হৈছে এগৰাকী অসমীয়া সাহিত্যৰ প্ৰবন্ধকাৰ।
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম ১৯৩৮ চনৰ ১৬ এপ্ৰিল শনিবাৰে বৰ্তমান বৰপেটা জিলাৰ বৰনগৰ সৰভোগৰ নুনতোলা গাৱঁত॥১
শিক্ষা
- ১৯৫৯ চনত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা আই-এচ-চি পাছ কৰে।
- ১৯৬১ চনত গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে।
- ১৯৬৫ চনত এলাহবাদ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে॥২
চাকৰি জীৱন
- তেখেতে ১৯৬১-৬৩ চনত বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে কাম কৰিছিল।
- ১৯৬৫-৬৬ চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা কৰিছিল।
- ১৯৬৬-৯৯ চনলৈকে গুৱাহাটী ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা কাম কৰিছিল আৰু এই মহাবিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল।৩
সাহিত্যৰাজি
প্ৰবন্ধ প্ৰকাশ
- আৱাহন
- ৰামধেনু
- সাদিনীয়া নৱযুগ
- মণিদীপ
- বুধবাৰ
- অগ্ৰদূত
- দৈনিক অসম
- আজিৰ অসম
- নতুন দৈনিক
- গৰীয়সী আদি।৪
সম্পাদিত গ্ৰন্থ
- হৰেকৃষ্ণ ডেকাৰ সৈতে 'উত্তৰ' সম্পাদনা, ১৯৮৬।
- ড° হীৰেণ গোহাঁই আৰু অনিল ৰায়চৌধুৰীৰ সৈতে 'নতুন পৃথিৱী' সম্পাদনা, ১৯৭১।৫
তথ্যসূত্ৰ
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পাদক: বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় সংস্কৰণ ২০১৬, পৃষ্ঠা নং ৪৫৭

উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰক চন্দ্ৰ গোস্বামী” প্ৰবন্ধৰ সংশোধন ২৯৯৫৯১ (২২ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।