তৰিণা পেটেল হৈছে দক্ষিণ আফ্ৰিকাৰ অভিনেত্ৰী, চলচিত্ৰ প্ৰযোজক, মডেল আৰু টেলিভিছন পৰিচালিকা। তেওঁ কেইপ টাউনত জন্ম গ্ৰহণ কৰি ডাৰ্বানত ডাঙৰ-দীঘল হৈছিল।১২ তেওঁ অক্ষয় কুমাৰৰ ভূল ভুলৈয়া নামৰ ভৌতিক-কমেডি চলচ্চিত্ৰত অভিনয় কৰিছিল। লগতে, তেওঁ দক্ষিণ আফ্ৰিকাৰ দ্য ৰিয়েল হাউজৱাইভ্ছ অৱ জোহানেছবাৰ্গ চিৰিজতো অংশগ্ৰহণ কৰিছিল।
জীৱনী
তৰিণা পেটেল দক্ষিণ আফ্ৰিকাৰ কেপটাউনত জন্মগ্ৰহণ কৰে। তেওঁৰ শিক্ষাজীৱন ডাৰবান ছোৱালী মহাবিদ্যালয় আৰু ফ্ৰী ষ্টেট বিশ্ববিদ্যালয়ত সম্পন্ন হৈছিল।
কাৰিকৰী জীৱন
তৰিণা পেটেল ২০০৬ চনৰ পৰা চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছে। তেওঁ বলীউডৰ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছে। বিশেষকৈ ভূল ভুলৈয়া (২০০৭) চলচ্চিত্ৰত তেওঁৰ অভিনয় দৰ্শকৰ দ্বাৰা বিশেষভাবে প্ৰশংসিত হৈছিল।
ব্যক্তিগত জীৱন
২০০৯ চনত তৰিণা পাটেল ইকবাল শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
উল্লেখযোগ্য চলচ্চিত্ৰ
- ভূল ভুলৈয়া (২০০৭)
- দশ কাহিনয়াঁ (২০০৭)
- কৰ্জ (২০০৮)
- চতুৰ সিং টু ষ্টাৰ (২০১১)
- ঢোল (২০০৭)
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Pantsi, Nandipha. Tarina Patel, the beauty on Generations. The Citizen
- ↑ (2015-02-27). Bollywood Star Tarina Patel joins the cast of Generations: The Legacy · DESTINY Magazine. DESTINY Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰিণা পেটেল” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৬২ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।