ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আলাই দৰৱাজা
আলাই দৰৱাজা ভাৰতৰ দিল্লীৰ মেহৰৌলিৰ কুতুব কমপ্লেক্সত থকা কুৱাতুল ইছলাম মছজিদৰ দক্ষিণৰ দুৱাৰমুখ। ১৩১১ চনত চুলতান আলাউদ্দিন খিলজীৰদ্বাৰা ধ্বংসপ্ৰাপ্ত হিন্দু মন্দিৰৰ অৱশিষ্টৰ ওপৰত নিৰ্মিত আৰু ৰঙা বেলেগ বেলেগ শিলৰদ্বাৰা নিৰ্মিত এইখন বৰ্গক্ষেত্ৰৰ গম্বুজযুক্ত গেটহাউচ যাৰ প্ৰৱেশদ্বাৰ খোলা আৰু ইয়াত এটা…
-
আলাবৈৰ ৰণ
আলাবৈৰ ৰণ (the Battle of Alaboi) আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। ১৬৬৯ চনৰ ৫ আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দলৰপথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল; অসমীয়া বুৰঞ্জীৰ মত অনুসৰি এই যুদ্ধৰ সময়কাল ১৫৯১ শকৰ ১৭ শাওণ আলাবৈৰ…
-
ইউনিট ৭৩১
দ্বিতীয় বিশ্বযুদ্ধৰ দ্বিতীয় চীন-জাপান যুদ্ধৰ(১৯৩৭-১৯৪৫) সময়ছোৱাত প্ৰাণনাশী মানৱ সম্পৰীক্ষা কৰা জাপানী সেনাৰ এটা গোপন জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ গৱেষণা আৰু বিকাশ গোটক ইউনিট ৭৩১ বোলা হয়। ৰাজকীয় জাপানী সেনাই কৰা কিছুমান কুখ্যাত যুদ্ধ অপৰাধৰ বাবে ই দায়ী আছিল।
-
ইটাখুলিৰ ৰণ
ইটাখুলিৰ ৰণ ১৬৮২ চনত আহোম ৰাজ্য আৰু মোগল সম্ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয় লাভ কৰে। আহোম সৈন্যয়ে মোগল সকলক পিছ হুহুকাই পশ্চিমৰ মানস নদীৰ পৰ্যন্ত খেদি দিয়ে।
-
ইনকিলাব জিন্দাবাদ
ইনকিলাব জিন্দাবাদ (; इंक़लाब ज़िन्दाबाद) এক উৰ্দু বাক্য, যাৰ অনুবাদ হৈছে "বিপ্লৱ দীৰ্ঘজীৱী হওক।" মহম্মদ ইকবালে ইয়াক প্ৰথমবাৰৰ বাবে সাহিত্যত ব্যৱহাৰ কৰিছিল।
-
ইব্ৰাহিম লোডীৰ সমাধি
ইব্ৰাহিম লোডীৰ সমাধি ভাৰতৰ হাৰিয়ানাৰ পানীপথত আছে আৰু ই হৈছে লোডী বংশৰ শেষ চুলতান ইব্ৰাহিম লোডীৰ সমাধি।
-
এজটেক
এজটেক সভ্যতা (Aztecah) আছিল মেক্সিকোৰ কেন্দ্ৰীয় উপত্যকাৰ এখন প্ৰাচীন মেছ’আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰধানকৈ ১৪শ আৰু ১৫শ শতিকাত বিকশিত হৈছিল। তেওঁলোকে এক উন্নত ৰাজনৈতিক, সামাজিক, আৰু ধৰ্মীয় ব্যৱস্থা গঢ়ি তোলে, যাৰ কেন্দ্ৰ আছিল টেনচটিট্লান নগৰ।
-
ঐতিহাসিক ভৌগোলিক পদ্ধতি
ঐতিহাসিক ভৌগোলিক দৃষ্টিভংগী হৈছে লোকসংস্কৃতি অধ্যয়নৰ এক পদ্ধতি বা দৃষ্টিভংগী। এই পদ্ধতি ফিনলেণ্ডত সৃষ্টি হোৱা বাবে ফীনিচ পদ্ধতি বুলিও কোৱা হয়।
-
ক'লা সমাধি
ক'লা সমাধি ( Black Grave) চেৰ্নিহিভ, ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ সমাধি টিলা। ই প্ৰাচীন চেৰ্নিহিভ ৰাষ্ট্ৰীয় সংৰক্ষিত অঞ্চলৰ অংশ আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰত্নতাত্ত্বিক স্মাৰক।
-
কাঠমাণ্ডুৰ যুদ্ধ
কাঠমাণ্ডু যুদ্ধ ( Battle of Kathmandu) বা কাঠমাণ্ডু ঘেৰাও অথবা কান্তীপুৰ ঘেৰাও নেপালৰ একত্ৰীকৰণৰ সময়ত সংঘটিত হোৱা যুদ্ধ। ১৭৬৮ চনত কাঠমাণ্ডুত এই যুদ্ধ হৈছিল আৰু ইয়াৰ ফলত ইয়াৰ ৰজা জয় প্ৰকাশ মল্ল বিজয়ী গোৰ্খা ৰাজ্যৰ ৰজা পৃথ্বী নাৰায়ণ শ্বাহৰ হাতত পৰাস্ত হৈছিল।
-
কামৰূপ পীঠ
কামৰূপ পীঠ হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ পীঠ বা ভৌগোলিক বিভাজন। কামৰূপ ৰাজ্যক চাৰিখন পীঠত ভাগ কৰা হৈছিল। এই পীঠসমূহৰ বিভাজন বিভিন্ন উৎসত সামঞ্জস্যপূৰ্ণ নহয় কিন্তু সকলো উৎসতে চাৰিখন পীঠৰ উল্লেখ পোৱা যায়। এই পীঠসমূহৰ বিষয়ে সমসাময়িক কালৰ কোনো কামৰূপ শিলালিপিত উল্লেখ কৰা হোৱা নাই।
-
কাৰ্পেথিয়ান আৰু ইউৰোপৰ অন্যান্য অঞ্চলৰ প্ৰাচীন আৰু আদিম বিচ অৰণ্য
কাৰ্পেথিয়ান আৰু ইউৰোপৰ অন্যান্য অঞ্চলৰ প্ৰাচীন আৰু আদিম বিচ অৰণ্য (ইংৰাজী: Ancient and Primeval Beech Forests of the Carpathians and Other Regions of Europe) হৈছে এক বহুজাতিক ধাৰাবাহিক প্ৰাকৃতিক ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰ।
-
খুৱালুং
খুৱালুং ( खुवालुङ) নেপালৰ সপ্তকোশী নদীত থকা আৰু কিৰাটি জনসাধাৰণৰ বাবে এটা পৱিত্ৰ শিল। উদয়পুৰ জিলাৰ বেলাকা পৌৰসভাৰ সমীপত দুধ কোশী, অৰুণ, তামোৰ নদীৰ সংগমস্থলত এই শিলটো আছে। ইয়াক কিৰাটি জনগোষ্ঠীৰ অন্যতম পৱিত্ৰ স্থান হিচাপে গণ্য কৰা হয়।
-
খেজাৰলি হত্যাকাণ্ড
১৭৩০ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ ভাৰতত খেজাৰলী হত্যাকাণ্ড সংঘটিত হৈছিল, যেতিয়া মাৰোৱাৰ মহাৰাজ অভয় সিঙৰ নিৰ্দেশত খেজৰি গছৰ বাগিছা এখন মনে মনে কাটি পেলোৱাৰপৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৩৬৩ জন বিষ্ণোইক হত্যা কৰিছিল।
-
খেড়া সত্যাগ্ৰহ
খেড়া সত্যাগ্ৰহ (Kheda Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ গুজৰাটৰ খেড়া জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯১৮ চনত এই সত্যাগ্ৰহ আন্দোলনৰ আয়োজন কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ ই অন্যতম উল্লেখযোগ্য বিদ্ৰোহ আছিল।
-
চকৰি ফেঁটী বুৰঞ্জী
চকৰি ফেঁটী বুৰঞ্জী (Chakari Feti Burjanji) হৈছে আহোম ৰাজত্বৰ সময়ছোৱাত ৰচিত এখন বুৰঞ্জী। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এইখন বুৰঞ্জী ৰচনা কৰিছিল। চকৰী ফেঁটীয়ে আক্ৰমণ কৰোঁতে কেতিয়াও পিছ নোহোঁহকে বা ভয় নকৰে।
-
চফৱীয়া সাম্ৰাজ্য
চফৱীয়া সাম্ৰাজ্য, যাৰ আধিকাৰিক নাম ইৰানৰ সুৰক্ষিত শাসনক্ষেত্ৰ, আছিল অন্যতম বৃহৎ আৰু দীৰ্ঘদিনীয়া ইৰানীয় সাম্ৰাজ্য। ই ১৫০১ চনৰ পৰা ১৭বংশ]]ৰ দ্বাৰা শাসিত হৈছিল, যদিও কোনো কোনোৱে ইয়াৰ সমাপ্তি ১৭২২ চন বুলি গণ্য কৰে, যেতিয়া ইছফাহান আফগানসকলৰ হাতত পতন হৈছিল।
-
চালুক্য বংশ
চালুক্য বংশ (Chalukya Dynasty) আছিল ধ্ৰুপদী ভাৰতীয় বংশ যিয়ে ষষ্ঠ আৰু দ্বাদশ শতিকাৰ ভিতৰত দক্ষিণ আৰু মধ্য ভাৰতৰ বৃহৎ অংশত শাসন কৰিছিল। এই সময়ছোৱাত তেওঁলোকে তিনিটা সম্পৰ্কীয় অথচ ব্যক্তিগত বংশ হিচাপে শাসন কৰিছিল।
-
ছিন ৰাজ্য
ছিন ৰাজ্য (চীনা: 秦; পিন্যিন: Qín) এখন চীনা ৰাজ্য যিয়ে যুদ্ধৰত ৰাজ্যৰ যুগৰ শেষত আন ৰাজ্যসমূহক পৰাস্ত কৰি প্ৰথম ঐক্যবদ্ধ চীনা সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল। চিন সাম্ৰাজ্যৰ আধিপত্য কেৱল ১৫ বছৰৰ বাবে আছিল, খ্ৰীষ্টপূৰ্ব ২২১ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০৭লৈ। চীন দেশৰ নাম ছিনৰ পৰাই অহা।
-
ছেইণ্ট ছফিয়া কেথেড্ৰেলৰ ঘণ্টা স্তম্ভ
ছেইণ্ট ছফিয়া কেথেড্ৰেলৰ ঘণ্টা স্তম্ভ ইউক্ৰেইনৰ ৰাজধানী কিয়েভত অৱস্থিত ইউক্ৰেইনী (কাজাক) বেৰক শৈলীৰ ইউক্ৰেইনী স্থাপত্যৰ এক স্মাৰক। ই ইউক্ৰেইনৰ অন্যতম ৰাষ্ট্ৰীয় প্ৰতীক আৰু কিয়েভ চহৰৰ প্ৰতীক। ইয়াক ১৬৯৯–১৭০৬ চনত হেটমান ইভান মাজেপাৰ অৰ্থসাহায্যত নিৰ্মাণ কৰা হৈছিল।
-
জন্ম নিয়ন্ত্ৰণ
জন্ম নিয়ন্ত্ৰণ বা গৰ্ভনিৰোধক বা উৰ্বৰতা নিয়ন্ত্ৰণ (Birth control) হৈছে গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতি বা সঁজুলি। প্ৰাচীন কালৰ পৰা জন্ম নিয়ন্ত্ৰণ প্ৰচলিত হৈ আহিছে, কিন্তু জন্ম নিয়ন্ত্ৰণৰ কাৰ্যকৰী আৰু সুৰক্ষিত পদ্ধতি কেৱল বিংশ শতিকাত হে উপলব্ধ হৈছিল।
-
জেনোয়িজ দুৰ্গ, ছুদাক
জেনোয়িজ দুৰ্গ (Genoese fortress, Sudak, Генуезька фортеця; Генуэзская крепость; Ceneviz qalesi; fortezza genovese) বা ছুদাক দুৰ্গ হৈছে ছুদাকৰ ক্ৰিমিয়াত অৱস্থিত এটা দুৰ্গ। ইয়াক ১৩শ–১৫শ শতিকাত জেনোয়িজসকলে নিৰ্মাণ কৰিছিল। দুৰ্গটোৰ মুঠ মাটি-কালি ২৭.৯ হেক্টৰ।
-
টাই-আহোম সাহিত্য
আহোম যুগৰ পূৰ্ব্বে অসমৰ ৰজাসকলে ৰজাসকলে ৰজাঘৰীয়া বিষয়ত সংস্কৃত ভাষা ব্যৱহাৰ কৰিছিল। অসমৰ পুৰণি শিলালিপি আৰু তামৰ ফলিসমূহে এই কথা প্ৰমাণ কৰে। আহোমৰ দিনত টাই ভাষাৰ লগতে অসমীয়া ভাষা ৰাজকাৰ্যত ব্যৱহাৰ কৰা হয়। কছাৰী, কোচ, দৰং, জয়ন্তীয়া আদি ৰাজ-দৰবাৰতো অসমীয়া ভাষাই প্ৰাধান্য পাইছিল।
-
টিৰাছ
টিৰাছ (Τύρας) কৃষ্ণ সাগৰৰ উত্তৰ উপকূলত অৱস্থিত এখন প্ৰাচীন গ্ৰীক চহৰ আছিল। ইয়াক টিৰান (Τύραν) বুলিও কোৱা হৈছিল। ষ্টিফানাছ অব বাইজেণ্টিয়ামৰ মতে এই চহৰখনক পূৰ্বতে ওফিউছা (Ὀφιοῦσσα) বুলি জনা গৈছিল। মিলেটছৰ উপনিৱেশকাৰীসকলে সম্ভৱতঃ অনুমাণিক খ্ৰীষ্টপূৰ্ব ৬০০ চনত এই চহৰখন স্থাপন কৰিছিল।
-
ডুবি তাম্ৰলিপি আৰু ছীল
ডুবি তাম্ৰলিপি আৰু ছীল সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি কৰা তামৰ ফলিত খোদিত তাম্ৰলিপি বা তাম্ৰশাসন আৰু ছীল। উদ্ধাৰিত ছয়খন তামৰ ফলিসমূহ ভূমিৰ অনুদান সংক্ৰান্তিয়।
-
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট চীনৰ উত্তৰ ভাগৰ মিথকত পোৱা শাসক বা দেৱতাৰ দুটি গোট। তিনি সাৰ্বভৌম পাঁচ ৰজাতকৈ আগতে বাস কৰিছিল, যাৰ কাল খ্ৰীষ্টপূৰ্ব ৩১২৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০৭০। বৰ্তমানে এওঁলোক সাংস্কৃতিক নায়ক।
-
তিনি ৰাজ্য
তিনি ৰাজ্য চীন দেশৰ ইতিহাসত দেখা পোৱা এটি কাল যি ২২০ খ্ৰীষ্টাব্দৰ পৰা ২৮০ খ্ৰীষ্টাব্দলৈ বৰ্তি আছিল। ই চাও ৱেই, শ্বু হান আৰু পূৰ্বী ৱুৰ মাজত ত্ৰিপক্ষীয়ভাৱে বিভাজিত চীনক বুজায়। এই কালৰ আগত হান বংশৰ শাসন আছিল আৰু পাছত জিন বংশৰ।
-
দক্ষিণ-পূব এছিয়াত ইউৰোপীয় উপনিৱেশীকৰণ
দক্ষিণ-পূব এছিয়াত ইউৰোপীয় উপনিৱেশিকৰণৰ প্ৰথম পৰ্যায়টো সমগ্ৰ ১৬ আৰু ১৭ শতিকাত সংঘটিত হৈছিল। য'ত নতুন ইউৰোপীয় শক্তিসমূহে মছলাৰ ব্যৱসায়ৰ ওপৰত একচেটিয়া অধিকাৰ লাভৰ বাবে প্ৰতিযোগিতাত নামিছিল।
-
দিল্লী দৰবাৰ
দিল্লী দৰবাৰ ভাৰতৰ সম্ৰাট বা সম্ৰাজ্ঞীৰ ৰাজপাটত বহাৰ উদ্যাপনৰ উদ্দেশ্যে ভাৰতৰ দিল্লীৰ ক'ৰ'নেচন পাৰ্কত ব্ৰিটিছ ৰাজে আয়োজন কৰা ৰাজকীয় ৰাজহুৱা সমাৱেশ আছিল। ইয়াৰ আনুষ্ঠানিক নামটো পাৰ্চী শব্দ দৰবাৰ (ৰজাৰ দৰবাৰ)ৰপৰা লোৱা হৈছে।
-
দেৱী আন্দোলন
দেৱী আন্দোলন (Goddess movement) বুলিলে দেৱী বা নাৰী উপাসনাকেন্দ্ৰীক আধ্যাত্মিক বিশ্বাস বা আচাৰক (মূলতঃ নিওপেগান বা নব্যবিধৰ্মবাদ, Neopagan) বুজা যায়। ১৯৭০ৰ দশকত প্ৰধানকৈ উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ইয়াৰ উদ্ভৱ হৈছিল।