ভাৰতৰ বিদ্ৰোহ
৯ প্ৰবন্ধ
-
মোৱামৰীয়া বিদ্ৰোহ
মোৱামৰীয়া বিদ্ৰোহ (১৭৬৯–১৮০৫) আছিল মায়ামৰা সত্ৰ-কেন্দ্ৰিক ভক্তসমাজ—বিশেষকৈ মৰাণ—আৰু আহোম ৰাজ্যৰ ৰজাঘৰীয়াৰ মাজত দীঘলীয়া আৰু ৰক্তক্ষয়ী সংঘাত। এই বিদ্ৰোহে আহোম শাসনৰ ভিত্তি দুৰ্বল কৰি ৰাজধানী দুবাৰ অধিকাৰহীন কৰা, ব্যাপক জনক্ষয়-অৰ্থনৈতিক ভাঙন ঘটোৱা আৰু পাছৰ বহিৰাক্ৰমণ-ঔপনিবেশিক অগ্ৰসৰতাৰ পথ…
-
দন্দুৱা দ্ৰোহ
দন্দুৱা দ্ৰোহ (Dundiya rebellion) ১৮শ শতিকাৰ শেষৰফালে আহোম ৰাজ্যৰ বৰফুকনে চোৱা-চিতা কৰা অঞ্চল কামৰূপত হোৱা এক বিদ্ৰোহ। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই-ককাইয়ে এই বিদ্ৰোহৰ গুৰি ধৰিছিল।
-
নক্সাল- মাওবাদী আন্দোলন
নক্সাল আন্দোলন, এটি কমিউনিষ্ট আন্দোলনৰ নাম। বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নক্সালবাৰীৰ পৰা আৰম্ভ হয় লাহে লাহে ভাৰতৰ ছত্তীছগঢ় (তদানীন্তন মধ্য প্ৰদেশ) আৰু অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে। ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল।
-
তেভাগা আন্দোলন
টেভাগা বিদ্ৰোহ (Tebhaga movement) আছিল বংগত হোৱা এক কৃষক বিদ্ৰোহ৷ ১৯৪৬-৪৭ চনত হোৱা এই বিদ্ৰোহৰ নেতৃত্ব দিছিল সৰ্বভাৰতীয় কিষাণ সভাই৷ এওঁলোক আছিল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কৃষক সদস্যসকলে৷ সেই সময়ত অংশীদাৰীসকলে (Sharecropper) তেওঁলোকৰ শস্যৰ আধা অংশ জমিদাৰসকলক দিবলৈ চুক্তিবদ্ধ হৈছিল।
-
নক্সালবাৰী বিদ্ৰোহ
নক্সালবাৰী বিদ্ৰোহ (Naxalbari uprising) ১৯৬৭ চনত ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি মহকুমাৰ নক্সালবাৰী ব্লকত সংঘটিত হোৱা সশস্ত্ৰ কৃষক বিদ্ৰোহ। মূলতঃ জনজাতীয় (আদিবাসী) আৰু বংগৰ উগ্ৰ কমিউনিষ্ট নেতাসকলে ইয়াৰ নেতৃত্ব দিছিল আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) দল বিকশিত…
-
সৎনামী বিদ্ৰোহ
সৎনামী বিদ্ৰোহ (Satnami Rebellion) হৈছে সৎনাম পন্থৰ অনুগামী সৎনামীসকলে ১৬৭২ চনত মোগল সম্ৰাট ঔৰংজেৱৰ বিৰুদ্ধে কৰা এক বিদ্ৰোহ। সৎনামী (সত্য নাম বা ঈশ্বৰৰ পূজাৰী)সকল আছিল এক ভক্তিবাদী হিন্দুধৰ্মীয় সম্প্ৰদায়।
-
১৯৭০ ভোজপুৰ বিদ্ৰোহ
ভোজপুৰ বিদ্ৰোহ ( 1970 Bhojpur uprising) বুলিলে ১৯৭০ চনত বিহাৰৰ ভোজপুৰ জিলাৰ বহু কেইখন গাঁৱত সংঘটিত শ্ৰেণী সংঘাত সূচক সশস্ত্ৰ বিদ্ৰোহক বুজোৱা হয়। এই সংঘৰ্ষসমূহ ৰাজ্যখনৰ নক্সাল-মাওবাদী বিদ্ৰোহৰ অংশ আছিল, যি বিদ্ৰোহ মূলতঃ কৃষি শ্ৰমিক আৰু দৰিদ্ৰ কৃষকসকলে উচ্চবৰ্ণৰ মালিকৰ বিৰুদ্ধে সংগঠিত কৰিছিল।
-
পাইক বিদ্ৰোহ
পাইক বিদ্ৰোহ ১৮১৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ওড়িশাত সংঘটিত হোৱা সশস্ত্ৰ সংগ্ৰাম। পাইক সকল বক্সি জগবন্ধু আৰু জগন্নাথৰ নেতৃত্বত কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। পিছলৈ ওড়িশাৰ একতাৰ প্ৰতীক হিচাপে এই বিদ্ৰোহ গোটেই ওড়িশাত বিয়পি পৰে।
-
ভেল্লোৰ বিদ্ৰোহ
ভেল্লোৰ বিদ্ৰোহ (Vellore mutiny) নাইবা ভেল্লোৰ বিপ্লৱ (১০ জুলাই ১৮০৬) আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় চিপাহীৰ দ্বাৰা বৃহৎ সংখ্যাত সূচনা হোৱা প্ৰথম পৰ্যায়ৰ হিংসাত্মক সংগ্ৰাম৷ ইয়াৰ পিছত প্ৰায় অৰ্ধ শতিকাৰ পিছত ১৮৫৭ চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়৷ ভেল্লোৰ বিদ্ৰোহৰ সূচনা হৈছিল দক্ষিণ…