অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

চফৱীয়া সাম্ৰাজ্য

চফৱীয়া সাম্ৰাজ্য, যাৰ আধিকাৰিক নাম ইৰানৰ সুৰক্ষিত শাসনক্ষেত্ৰ, আছিল অন্যতম বৃহৎ আৰু দীৰ্ঘদিনীয়া ইৰানীয় সাম্ৰাজ্য। ই ১৫০১ চনৰ পৰা ১৭বংশ]]ৰ দ্বাৰা শাসিত হৈছিল, যদিও কোনো কোনোৱে ইয়াৰ সমাপ্তি ১৭২২ চন বুলি গণ্য কৰে, যেতিয়া ইছফাহান আফগানসকলৰ হাতত পতন হৈছিল।

হালনাগাদ: ১২ মাৰ্চ ২০২৬ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

চফৱীয়া সাম্ৰাজ্য, যাৰ আধিকাৰিক নাম ইৰানৰ সুৰক্ষিত শাসনক্ষেত্ৰ, আছিল অন্যতম বৃহৎ আৰু দীৰ্ঘদিনীয়া ইৰানীয় সাম্ৰাজ্য। ই ১৫০১ চনৰ পৰা ১৭বংশ]]ৰ দ্বাৰা শাসিত হৈছিল,১২৩ যদিও কোনো কোনোৱে ইয়াৰ সমাপ্তি ১৭২২ চন বুলি গণ্য কৰে, যেতিয়া ইছফাহান আফগানসকলৰ হাতত পতন হৈছিল।৪ ইয়াক প্ৰায়ে আধুনিক ইৰানীয় ইতিহাসৰ আৰম্ভণি বুলি গণ্য কৰা হয়,৫ লগতে ই অন্যতম বাৰুদ সাম্ৰাজ্য (gunpowder empires) আছিল।৬

ৰজাসকলৰ ৰজা প্ৰথম ইছমাইলে সাম্ৰাজ্যৰ ৰাষ্ট্ৰধৰ্ম হিচাপে দ্বাদশী শ্বিয়াবাদক প্ৰতিষ্ঠা কৰিছিল, যিটো ইছলামৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ মোৰ হিচাপে চিহ্নিত হৈছে।৭

এই বংশৰ শিপা আছিল চফৱীয়া তৰীকত নামৰ চুফীবাদৰ এক দৰৱেশ্ব গোটত,৮ যিটো থলুৱা ইৰানীয় জনগোষ্ঠীৰ (সম্ভৱতঃ কুৰ্দীয়) মূলৰ শ্বেখসকলে প্ৰতিষ্ঠা কৰিছিল। এই বংশটো কেৱল ফাৰ্চীভাষীয়েই নাছিল, বৰঞ্চ তুৰ্কীভাষী আৰু তুৰ্কায়িতও আছিল। আৰ্দবীলৰ নিজা ঘাটিৰ পৰা চফৱীয়াসকলে বৃহত্তৰ ইৰানৰ কিছু অংশৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিছিল আৰু অঞ্চলটোৰ ইৰানীয় পৰিচয় পুনৰ দৃঢ় কৰিছিল।৯ এনেদৰে তেওঁলোকে বুৱীয়া ৰাজবংশৰ পিছত চৰকাৰীভাৱে ইৰান নামেৰে পৰিচিত এখন ৰাষ্ট্ৰীয় ৰাজ্য স্থাপন কৰা প্ৰথমটো থলুৱা বংশ হিচাপে পৰিগণিত হয়।১০

চফৱীয়াসকলক ক্ষমতালৈ অনাত অৰিহণা যোগোৱা মূল গোটটো আছিল কিজিলবাশ্ব,১১১২ যি এটা তুৰ্কী শব্দ যাৰ অৰ্থ হৈছে 'ৰঙা-মূৰীয়া' তুৰ্কমান জনজাতি।১৩ আনহাতে, আমোলাতন্ত্ৰ আৰু সাংস্কৃতিক বিষয়ত খিলঞ্জীয়া ইৰানীয়সকলে পদবী লাভ কৰিছিল।১৪

চফৱীয়াসকলে ১৫০১ চনৰ পৰা ১৭২২ চনলৈ শাসন কৰিছিল (১৭২৯-১৭৩৬ আৰু ১৭৫০-১৭৭৩ চনলৈ এক চমু পুনৰুদ্ধাৰৰ অভিজ্ঞতা লাভ কৰিছিল)। তেওঁলোকৰ চৰম শিখৰত তেওঁলোকে বৰ্তমানৰ সমগ্ৰ ইৰান, আজেৰবাইজান, আৰ্মেনিয়া, পূব জৰ্জিয়া (দেশ), উত্তৰ ককেছাছৰ কিছু অংশ (ৰাছিয়াকে ধৰি), আৰু ইৰাক, লগতে তুৰস্ক, ছিৰিয়া, পাকিস্তান, আফগানিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ অংশসমূহ নিয়ন্ত্ৰণ কৰিছিল।

১৭৩৬ চনত তেওঁলোকৰ পতন ঘটা সত্ত্বেও, তেওঁলোকে এৰি যোৱা উত্তৰাধিকাৰ আছিল পূব আৰু পশ্চিমৰ মাজত অৰ্থনৈতিক দুৰ্গ হিচাপে ইৰানৰ পুনৰুত্থান, "ক্ষমতাৰ পৃথকীকৰণ"ৰ ওপৰত আধাৰিত এক দক্ষ ৰাষ্ট্ৰ আৰু আমোলাতন্ত্ৰৰ প্ৰতিষ্ঠা, তেওঁলোকৰ স্থাপত্যৰ উদ্ভাৱন, আৰু চাৰু কলাৰ পৃষ্ঠপোষকতা।১৫ চফৱীয়াসকলে বৰ্তমানৰ যুগলৈকে দ্বাদশী শ্বিয়া ইছলামক ইৰানৰ ৰাজধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰি লগতে মধ্য এছিয়া, ককেছাছ, আনাতলিয়া, পাৰস্য উপসাগৰ আৰু মেচোপটেমিয়াৰ বৃহৎ অংশত শ্বিয়া ইছলাম প্ৰসাৰ কৰি নিজৰ চাব ৰাখি থৈ গৈছে।১৬৭

পাৰস্যৰ মুছলমান বিজয়াভিযানৰ পিছত চফৱীয়া বংশক ইৰানৰ ইতিহাসত এক ঘূৰোৱা মূৰ বুলি গণ্য কৰা হয়, কিয়নো শতিকা ধৰি অনৈৰানীয় ৰজাসকলৰ শাসনৰ পিছত দেশখন ইছলামী বিশ্বত এক স্বতন্ত্ৰ শক্তিত পৰিণত হৈছিল।১৭

তথ্যসূত্ৰ

  1. ↑ Helen Chapin Metz, ed., Iran, a Country study. 1989. University of Michigan, p. 313
  2. ↑ Emory C. Bogle. Islam: Origin and Belief. University of Texas Press. 1989, p. 145
  3. ↑ Stanford Jay Shaw. History of the Ottoman Empire. Cambridge University Press. 1977, p. 77
  4. ↑ Newman 2009
  5. ↑ Matthee 2017
  6. ↑ Streusand 2011, পৃ. 135
  7. ↑ Savory. (2012). Ṣafawids. Encyclopaedia of Islam. Brill. ISBN 978-90-04-16121-4
  8. ↑ Baltacıoğlu-Brammer. (2021). The Safavid World. Routledge Worlds. Routledge. পৃ. 15–36. ISBN 978-1-003-17082-2
  9. ↑ Savory 2007, পৃ. 3
  10. ↑ Herzig, Edmund; Stewart, Sarah. (2011). Early Islamic Iran. I.B. Tauris. ISBN 9781786724465
  11. ↑ Savory 2007, পৃ. 31
  12. ↑ Roemer 1986, পৃ. 213, 353
  13. ↑ Blow 2009, পৃ. 5
  14. ↑ Roemer 1986, পৃ. 229, 353
  15. ↑ Matthee 2017
  16. ↑ Matthee 2017
  17. ↑ Savory, Roger. fa: ایران عصر صفوی

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চফৱীয়া সাম্ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৫৮৭৫৮১ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।