ব্ৰিটিছ ভাৰতৰ প্ৰেচিডেঞ্চি
৫ প্ৰবন্ধ
-
বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল।
-
ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি
ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি (Presidency of Coromandel and Bengal Settlements) ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক বিভাগ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬৮২ চনৰ ১৭ জুলাইত এই প্ৰেচিডেঞ্চি প্ৰতিষ্ঠা কৰিছিল।
-
বোম্বে প্ৰেচিডেঞ্চি
বোম্বে প্ৰেচিডেঞ্চি বা বোম্বে প্ৰদেশ ( Bombay Presidency বা Bombay Province; ১৮৪৩–১৯৩৬) ভাৰতৰ এটা প্ৰশাসনিক উপখণ্ড (প্ৰদেশ) আছিল, যাক বোম্বে এণ্ড সিন্ধ বুলিও কোৱা হয়। ইয়াৰ ৰাজধানী আছিল সাতটা দ্বীপৰে নিৰ্মিত বোম্বে চহৰ। বেছিন সন্ধিৰ জৰিয়তে কোংকন অঞ্চলত মূল ভূ-খণ্ড অধিগ্ৰহণ কৰা হৈছিল।
-
মাদ্ৰাচ প্ৰেচিডেঞ্চি
মাদ্ৰাচ প্ৰেচিডেঞ্চি বা মাদ্ৰাচ প্ৰদেশ (Madras Presidency বা Madras Province) ব্ৰিটিছ ভাৰতৰ এক উপবিভাগ (প্ৰদেশ) আছিল, যাক অধিকাৰিকভাবে ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল আৰু পিছলৈ ভাৰতৰ ডমিনিয়ন হৈছিল।
-
আগ্ৰা প্ৰেচিডেঞ্চি
আগ্ৰা প্ৰেচিডেঞ্চি (Presidency of Agra) ব্ৰিটিছ ভাৰতত গঠন হোৱা চাৰিখন প্ৰেচিডেঞ্চিৰ ভিতৰত এখন আছিল আৰু ১৯ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতক বিভক্ত কৰা আঠটা পৃথক পৃথক প্ৰশাসনীয় গোটৰ অন্যতম আছিল। অন্য তিনিখন প্ৰেচিডেঞ্চি আছিল- বেংগল, বম্বে, আৰু মাদ্ৰাচ প্ৰেচিডেঞ্চি।