ইতিহাস
৮৩ প্ৰবন্ধ
-
ইতিহাস
Those who cannot remember the past are condemned to repeat it. — —George Santayana ইতিহাস (ἱστορία - historia, অৰ্থ "অনুসন্ধান, বিচাৰ-খোচাৰ কৰি পোৱা জ্ঞান") হৈছে পূৰ্বৰ ঘটনাসমূহৰ তথ্যৰ আৱিষ্কাৰ, সংগ্ৰহ, সংগঠন আৰু উপস্থাপন। ইতিহাস লিখা পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ সময়ছোৱাকো বুজাব পাৰে।
-
অটোমান সাম্ৰাজ্য
অটোমান সাম্ৰাজ্য (Ottoman Empire) এখন শক্তিশালী ইউৰোপীয় সাম্ৰাজ্য আছিল। ওছমান গাজীয়ে ইয়াক প্ৰতিষ্ঠা কৰিছিল। 'অটোমান সাম্ৰাজ্য'; আছিল এক সাম্ৰাজ্য যি ১৪শ আৰু ২০শ শতিকাৰ আৰম্ভণিতে দক্ষিণ-পূব ইউৰোপ, পশ্চিম এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ বহু অংশ নিয়ন্ত্ৰণ কৰিছিল।
-
মধ্যযুগ
ইউৰোপৰ ইতিহাসত মধ্যযুগ বা মধ্যযুগীয় যুগটো প্ৰায় ৫শ শতিকাৰ পৰা ১৫শ শতিকাৰ শেষৰ ফালে চলিছিল, একেদৰে বিশ্ব ইতিহাসৰ উত্তৰ-ধ্ৰুপদী যুগৰ দৰেই। ই পশ্চিম ৰোমান সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ হৈছিল আৰু নৱজাগৰণ (ৰেনেছাঁ) আৰু আৱিষ্কাৰৰ যুগলৈ পৰিৱৰ্তিত হৈছিল।
-
ব্ৰিটিছ সাম্ৰাজ্য
ব্ৰিটিছ সাম্ৰাজ্যত যুক্তৰাজ্য আৰু ইয়াৰ পূৰ্বৰ ৰাষ্ট্ৰসমূহে শাসিত বা প্ৰশাসন কৰা ডমিনিয়ন, উপনিবেশ, প্ৰটেক্টৰেট, মেণ্ডেট আৰু অন্যান্য ভূখণ্ডসমূহ অন্তৰ্ভুক্ত আছিল।
-
চিং ৰাজবংশ
চিং ৰাজবংশ (清朝, Qīng Cháo) আছিল চীনৰ ইতিহাসৰ অন্তিম ৰাজবংশ, যিয়ে ১৬৪৪ খ্ৰীষ্টাব্দৰ পৰা ১৯১২ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। ই ম্যানচু জাতিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক চীনৰ এখন বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ সাম্ৰাজ্য হিচাপে গণ্য কৰা হয়।
-
তৰোৱাল
তৰোৱাল হৈছে দীঘল, সূচল ৰূপৰ অস্ত্ৰ যাৰ এফালে ধাৰযুক্ত চোকা অংশ থাকে আৰু হাতত ধৰি ব্যৱহাৰ কৰিবলৈ কাঠৰ অংশ থাকে। এই অস্ত্ৰটোৰ উদ্দেশ্য হৈছে ছিঙা, কটা, বা আঘাত কৰা। তৰোৱাল পুৰণি যুগৰ পৰা আধুনিক সময়লৈকে বিভিন্ন সংস্কৃতি আৰু যুদ্ধত গুৰুত্বপূৰ্ণ অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে।
-
নৱ-জাগৰণ
নৱ-জাগৰণ বা ৰেনেছাঁ (Renaissance, Renaissance) হৈছে ইউৰোপত ১৪শ শতিকাৰ অন্ত ভাগৰ পৰা ১৭শ শতিকালৈকে হোৱা এক সাংস্কৃতিক, বৌদ্ধিক আৰু কলামূলক আন্দোলন। এই আন্দোলনে শাস্ত্ৰীয় প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাৰ জ্ঞানক পুনৰ্জীৱিত কৰে, আৰু নতুন দৃষ্টিভংগীৰে মানৱতা, বিজ্ঞান, কলা, সাহিত্য আৰু শিক্ষাৰ…
-
মিং ৰাজবংশ
মিং ৰাজবংশ (明朝, Míng Cháo) আছিল চীন দেশৰ এখন ঐতিহাসিক ৰাজবংশ, যি ১৩৬৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৪৪ খ্ৰীষ্টাব্দলৈকে শাসন চলাইছিল। ই ইয়ুৱান ৰাজবংশৰ মংগোল শাসন শেষ কৰি চীনৰ ওপৰত চীনীয় শাসনৰ পুনঃপ্ৰতিষ্ঠা কৰিছিল।
-
ভাৰতৰ ইতিহাস
ভাৰতৰ ইতিহাসে মূলতঃ ভাৰতীয় উপমহাদেশৰ প্ৰাচীন-মধ্যযুগীয় আৰু প্ৰাক-আধুনিক ইতিহাসক বুজায়, খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ পৰা খ্ৰীষ্টীয় ২০ শতিকাৰ মাজভাগলৈকে। খ্ৰীষ্টৰ জন্মৰ প্ৰায় দহ লাখ(?) বছৰৰ আগৰ দেশত প্ৰথম মানৱ বসতি দেখা যায়।
-
প্ৰাক-ইতিহাস
প্ৰাক-ইতিহাস (Prehistory)-ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। 'মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: "before history", অথবা "before knowledge acquired by investigation") লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে।
-
দশ ৰজাৰ যুদ্ধ
দশ ৰজাৰ যুদ্ধৰ (Sanskrit: दाशराज्ञयुद्धम्, Battle of the Ten Kings) কথা প্ৰথমে ঋগবেদৰ সপ্তম মণ্ডলত উল্লেখ কৰা হৈছিল। ই পৰুশনি নদীৰ পাৰত ভাৰত জনগোষ্ঠীৰ সুদাস নামৰ এজন ৰজা আৰু পুৰু, যদু, তুৰ্বাস, অনু, দ্ৰুহ্যু, আলিনা, পক্ষ, ভালনা, শিৱ আৰু বিষানিন জনগোষ্ঠীৰ সংঘৰ মাজত সংঘটিত হৈছিল।
-
ফেচিবাদ
ফেচিবাদ (Fascism) হৈছে এক স্বৈৰাচাৰী, উগ্ৰ জাতীয়তাবাদ-ভিত্তিক ৰাজনৈতিক মতবাদ, যি সাধাৰণতে গণতন্ত্ৰ, ব্যক্তি-স্বাধীনতা আৰু সমাজবাদৰ বিপৰীতত অৱস্থিত। ফেচিবাদত ৰাজ্যক কেন্দ্ৰীয় শক্তি হিচাপে গণ্য কৰা হয় আৰু এজন একনায়ক নেতাক ধৰ্মীয় আস্থাৰ দৰে পূজা কৰা হয়।
-
কলিংগ যুদ্ধ
কলিংগ যুদ্ধ (খ্ৰীষ্টপূৰ্ব ২৬১ খ্ৰীষ্টাব্দত সমাপ্ত হোৱা) প্ৰাচীন ভাৰতত মহান অশোকৰ অধীনত মৌৰ্য সাম্ৰাজ্য আৰু বৰ্তমানৰ ওড়িশা ৰাজ্য আৰু অন্ধ্ৰপ্ৰদেশৰ উত্তৰ অংশত পূব উপকূলত অৱস্থিত স্বতন্ত্ৰ সামন্তীয় ৰাজ্য কলিংগৰ মাজত সংঘটিত হৈছিল।
-
কোৰআনৰ ইতিহাস
কোৰআনৰ ইতিহাস, ঐতিহাসিক তথ্যৰ ওপৰত ভিত্তি কৰি ইছলামৰ পবিত্ৰ গ্ৰন্থৰ লিখিত সংকলন বা পাণ্ডুলিপিৰ সময়সীমা আৰু উৎপত্তি হৈছে কোৰআনৰ ইতিহাস। ই কেইবাটাও শতিকাজুৰি বিস্তৃত, আৰু ইছলামৰ প্ৰাৰম্ভিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুখ্য অংশ গঠন কৰে।
-
নাজী জাৰ্মানী
নাজী জাৰ্মানী (Nazi-Deutschland) বা তৃতীয় ৰাইচ (Drittes Reich) আছিল এডলফ হিটলাৰৰ নেতৃত্বত জাৰ্মানীৰ এক একনায়কত্ববাদী শাসন, যি ১৯৩৩ চনৰ পৰা ১৯৪৫ চনলৈ স্থায়ী আছিল।
-
পাঞ্চাল
পাঞ্চাল উত্তৰ ভাৰতৰ এখন প্ৰাচীন ৰাজ্য আছিল। এই ৰাজ্যখন গংগা-যমুনা দোৱাবত অৱস্থিত আছিল। কান্যাকুব্জ বা কনৌজৰ আশে-পাশে থকা অঞ্চল বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী বৈদিক যুগত (প্ৰায় ১১০০–৫০০ খ্ৰীষ্টপূৰ্ব) ই প্ৰাচীন ভাৰতৰ অন্যতম শক্তিশালী ৰাজ্য আছিল তথা কুৰু ৰাজ্যৰ ঘনিষ্ঠ মিত্ৰ।
-
পৃথিৱীৰ ইতিহাস
পৃথিৱীৰ ইতিহাস বুলিলে পৃথিৱী নামৰ গ্ৰহটোৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময় পৰ্যন্ত সমগ্ৰ সময়ছোৱাকেই বুজোৱা হয়। অতীতৰ মূল ঘটনাবোৰোৰ সম্পৰ্কে অধ্যয়ন কৰাত প্ৰাকৃতিক বিজ্ঞানৰ শাখাসমূহে সহায় কৰে। পৃথিৱীৰ বয়স মহাবিশ্বৰ বয়স প্ৰায় এক তৃতীয়াংশ।
-
সাংখ্যিক অংক
সাংখ্যিক অংক বা গণনাৰ অংক বা সংখ্যা অকলশৰীয়াকৈ (যেনে "১") বা সংমিশ্ৰণত (যেনে "১৫") ব্যৱহৃত একক চিহ্ন, বা সংখ্যা ব্যৱস্থাত সংখ্যাসমূহক প্ৰতিনিধিত্ব কৰিবলৈ এটা অৱস্থান।
-
বাইজেণ্টাইন সাম্ৰাজ্য
বাইজেণ্টাইন সাম্ৰাজ্য (Βασιλεία Ῥωμαίων, Basileía Rhōmaíōn) আছিল প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ পূৰ্ব অংশৰ উত্তৰসূৰি, যিয়ে মধ্যযুগৰ সময়ছোৱাত ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ বিস্তৃত অঞ্চলত আধিপত্য বিস্তাৰ কৰিছিল।
-
বুৰঞ্জী সাহিত্য
বুৰঞ্জী সাহিত্য হৈছে অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনৰ সভাপতি ড॰ লীলা গগৈৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। গ্ৰন্থখনত আহোম ৰাজত্বৰ সময়ৰ পৰা অসমত প্ৰচলিত বুৰঞ্জী ৰচনাৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় পটভূমিত অসমীয়া বুৰঞ্জী সাহিত্যৰ মূল্যায়নলৈকে সামৰা হৈছে।
-
ভিয়েটনাম যুদ্ধ
ভিয়েটনাম যুদ্ধ (Chiến tranh Việt Nam) (১ নৱেম্বৰ ১৯৫৫ – ৩০ এপ্ৰিল ১৯৭৫) আছিল ভিয়েটনাম, লাওছ আৰু কম্বোডিয়াত উত্তৰ ভিয়েটনাম (ভিয়েটনাম গণতান্ত্ৰিক গণৰাজ্য) আৰু দক্ষিণ ভিয়েটনাম (ভিয়েটনাম গণৰাজ্য) আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ মাজত হোৱা সশস্ত্ৰ সংঘাত।
-
মৌখিক ইতিহাস
মৌখিক ইতিহাস (Oral history) হ'ল ব্যক্তি, পৰিয়াল, গুৰুত্বপূৰ্ণ ঘটনা, বা দৈনন্দিন জীৱনৰ বিষয়ে ঐতিহাসিক তথ্যৰ সংগ্ৰহ আৰু অধ্যয়ন, য'ত অডিঅ' ট্ৰেপ, ভিডিঅ' ট্ৰেপি, বা পৰিকল্পিত সাক্ষাৎকাৰৰ প্ৰতিলিপি ব্যৱহাৰ কৰা হয়।
-
মৎস্য ৰাজ্য
মৎস্য(मत्स्य)প্ৰাচীনকালৰ এখন বৈদিক ৰাজ্য আছিল আৰু পিছলৈ ষোল্লটা মহাজনপদৰ অংশ হৈ পৰছিল। মৎস্য ৰাজ্যৰ বিষয়ে হিন্দু মহাকাব্য সাহিত্যতো দেখা যায়। মৎস্যৰ ৰাজধানী আছিল বিৰাতনগৰী বৰ্তমানৰ বৈৰাট, ৰাজস্থানত যাৰ নামকৰণ ইয়াৰ প্ৰতিষ্ঠাপক ৰজা বিৰাটৰ নামেৰে ৰখা হৈছিল বুলি কোৱা হয়।
-
ৰুছ বিপ্লৱ
ৰুছ বিপ্লৱ আছিল ৰাছিয়াৰ সাম্ৰাজ্যত ১৯১৭ চনত আৰম্ভ হোৱা এখন ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ যুগ। এই সময়ছোৱাত ৰাছিয়াই নিজৰ ৰাজতন্ত্ৰৰ অৱসান ঘটাই সমাজতান্ত্ৰিক চৰকাৰ গ্ৰহণ কৰিছিল, যি দুবাৰ বিপ্লৱ আৰু এটা গৃহযুদ্ধৰ পাছত সংঘটিত হয়।
-
আফ্ৰিকাৰ নাৰী
আফ্ৰিকান দেশসমূহত মহিলাৰ ইতিহাস সম্পৰ্কে অসংখ্য সংক্ষিপ্ত গৱেষণা পৰিচালিত হৈছে। বহু গৱেষণাই নাৰীৰ ঐতিহাসিক ভূমিকা আৰু অৱস্থানৰ ওপৰত নিৰ্দিষ্ট দেশ আৰু অঞ্চলত আলোকপাত কৰে। যেনে ইজিপ্ত, ইথিওপিয়া, মৰক্কো, নাইজেৰিয়া, লেচোথো, আৰু উপ-চাহাৰা আফ্ৰিকাত।
-
আব্বাচীয় খিলাফত
আব্বাছীয় খিলাফত (ٱلْخِلَافَة ٱلْعَبَّاسِيَّة, al-Khilāfah al-‘Abbāsiyyah) আছিল ইছলামৰ এটি প্ৰধান খিলাফত যিয়ে ৭৫০ চনত উমাইয়া খিলাফতৰ স্থান লৈছিল। এই খিলাফত ১২৫৮ চনলৈকে মধ্যপ্ৰাচ্যত আধিপত্য বিস্তাৰ কৰিছিল, যদিও তাৰপিছতো কিছু আনুষ্ঠানিক খলিফা মিছৰৰ কায়'ৰত অস্তিত্ব বজাই ৰাখিছিল।
-
ইউৰোপীয় জ্ঞানোদয়
ইউৰোপীয় জ্ঞানোদয় (Age of Enlightenment) বা বৌদ্ধিক যুগ (Enlightenment) হৈছে ইউৰোপত ১৭শ শতিকাৰ শেষ ভাগৰ পৰা ১৮শ শতিকালৈ চলি থকা এক বৌদ্ধিক আৰু দাৰ্শনিক আন্দোলন। এই যুগত যুক্তি, বিজ্ঞান, মানৱ অধিকাৰ, ধৰ্মীয় সহিষ্ণুতা আৰু ৰাজনৈতিক স্বাধীনতাৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ বিকাশ ঘটে।
-
ইৰানৰ ইতিহাস
ইৰাণৰ ইতিহাস সাধাৰণতে বৃহত্তৰ ইৰাণৰ ইতিহাস, যাক আগতে পাৰস্য বুলি জনাজাত আছিল। বৃহত্তৰ ইৰাণ পশ্চিমে আনাতোলিয়া, বছফৰাছ আৰু মিচৰ, পূবে প্ৰাচীন ভাৰত আৰু ছাৰ দৰিয়া, উত্তৰত পাৰস্য উপসাগৰ আৰু দক্ষিণে ওমান উপসাগৰলৈকে বিস্তৃত।
-
জগদ্দিপেন্দ্ৰ নাৰায়ণ
জগদ্দিপেন্দ্ৰ নাৰায়ণ(১৯১৫ চনৰ ১৫ ডিচেম্বৰ – ১৯৭০ চনৰ ১১ এপ্ৰিল) ভাৰতৰ কোচবিহাৰৰ মহাৰাজ আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ব্ৰিটিছ বাহিনীত সেৱা আগবঢ়াই ১৯৪৯ চনত ভাৰত চৰকাৰক সম্পূৰ্ণ শাসক ক্ষমতা প্ৰদান কৰে।
-
দাসত্ব
দাসত্ত্ব (Slavery) হৈছে এক সামাজিক-আইনি প্ৰথা য’ত এজন বা কিছুমান মানুহে মালিক (আন এজন বা আন কিছুমান বিত্তশালী মানুহ)ৰ ওচৰত শাৰীৰিক ভাবে নিজকে অৰ্পণ কৰে। ইয়াত শ্ৰমৰ বিনিময়ত উচিত মূল্য লাভ নকৰে। কেৱল দুবেলা দুমুঠি খাবলৈ দিয়ে, তাকো ভালদৰে নিদিয়ে।