সামাজিক আন্দোলন
১৬ প্ৰবন্ধ
-
ব্ৰাহ্ম সমাজ
ব্ৰাহ্ম সমাজ (Brahmo Samaj, ) বা ব্ৰাহ্ম সভা ঊনবিংশ শতিকাত বংগত স্থাপিত এক সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াক বংগৰ নৱজাগৰণৰ আৰম্ভণি বুলি কোৱা হয়। ১৮২৮ চনৰ ২০ আগষ্টত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায় (১৭৭২-১৮৩৩) আৰু তেওঁৰ বন্ধুসকলে কলকাতাত এক সৰ্বজনীন উপাসনাৰে ব্ৰাহ্ম সমাজ আৰম্ভ কৰে।
-
আৰ্য সমাজ
আৰ্য সমাজ (Arya Samaj) হৈছে এটা একেশ্বৰবাদী ভাৰতীয় হিন্দু সংস্কাৰমুখী আন্দোলন। যিটো সংগঠনে বেদৰ অখণ্ডনীয় কৰ্তৃত্বৰ ওপৰত বিশ্বাস ৰাখি নিজৰ মূল্যবোধসমূহ প্ৰচাৰ কৰিছিল। সমাজখনৰ সংগঠক আছিল মহাঋষি দয়ানন্দ সৰস্বতী। তাৰিখটো আছিল ১৮৭৫ চনৰ ১০ এপ্ৰিল। আৰ্য সমাজৰ সদস্যসকলে মূৰ্তিপূজাৰ বিৰুদ্ধাচৰণ কৰিছিল।
-
মিটু আন্দোলন
মি-টু (MeToo movement) হৈছে যৌন নিৰ্যাতন, যৌন উৎপীড়ন আৰু ধৰ্ষণ সংস্কৃতিৰ বিৰুদ্ধে এক সামাজিক আন্দোলন, য'ত মানুহে বিশেষকৈ মহিলাসকলে যৌন নিৰ্যাতন বা যৌন উৎপীড়নৰ অভিজ্ঞতা প্ৰচাৰ কৰে।
-
বংগৰ নৱজাগৰণ
বংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন।
-
প্ৰাৰ্থনা সমাজ
প্ৰাৰ্থনা সমাজ (Prarthana Samaj বা Prayer Society) আছিল ভাৰতৰ বোম্বাইত আৰম্ভ হোৱা এটা সামাজিক আৰু ধৰ্মীয় আন্দোলন। ইয়াৰ ভেটি আছিল পূৰ্ববৰ্তী সংস্কাৰ আন্দোলনসমূহ। প্ৰাৰ্থনা সমাজৰ গুৰি ধৰে দাদোবা পাণ্ডুৰাং আৰু তেখেতৰ ভ্ৰাতৃ আত্মাৰাম পাণ্ডুৰাঙে, ১৮৬৩ চনত।
-
ৱিকিমিডিয়া আন্দোলন
ৱিকিমিডিয়া আন্দোলন ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ বৰঙণি আগবঢ়োৱাসকলৰ বৈশ্বিক সম্প্ৰদায়। এই আন্দোলন আৰম্ভ হ'ল ৱিকিপিডিয়াৰ জৰিয়তে। এতিয়া, প্ৰায় ৭০০০০ স্বেচ্ছাসেৱী থকা ৱিকিপিডিয়া সম্প্ৰদায়ৰ উপৰি আন ৱিকিমিডিয়া প্ৰকল্পলৈ বৰঙণি আগবঢ়োৱাসকলৰ গোটো আছে।
-
হাচটেগ জাষ্টিচ ফ'ৰ জুবিন গাৰ্গ
JusticeForZubeenGarg হৈছে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছত আৰম্ভ হোৱা এক অনলাইন সামাজিক আন্দোলন। এই হাচটেগে অসমীয়া সমাজত আৰু অনলাইন মাধ্যমত ন্যায়ৰ বাবে গণপ্ৰচাৰ তথা চৰকাৰী তদন্তৰ দাবী ৰাইজৰ মাজত জাগ্ৰত কৰিছে।
-
নুপি লান
নুপি লান (Nupi Lan) মণিপুৰৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মহিলাৰ আন্দোলন। মেইতেই ভাষাত 'নুপি' মানে মহিলা আৰু 'লান' মানে যুদ্ধ। অৰ্থাৎ আক্ষৰিকভাবে ইয়াৰ অৰ্থ হৈছে মহিলাৰ যুদ্ধ।
-
মণিভাই দেশাই
মণিভাই দেশাই (জন্ম ২৭ এপ্ৰিল, ১৯২০ – ১৪ নৱেম্বৰ, ১৯৯৩) এজন ভাৰতীয় সামাজিক কৰ্মী, মহাত্মা গান্ধীৰ সহযোগী, আৰু গ্ৰাম্য উন্নয়নৰ পথ-প্ৰদৰ্শক আছিল।
-
আৰ/নাৰীবাদ
আৰ/নাৰীবাদ (r/Feminism) হৈছে নাৰীবাদী ৰাজনৈতিক ছাবৰেডিট, য’ত মহিলাৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হয়। এই ছাবৰেডিটত মহিলা আৰু সংখ্যালঘু জনগোষ্ঠীক প্ৰভাবিত কৰা বিষয়সমূহ আলোচনা কৰা হয়, যেনে কৰ্মক্ষেত্ৰত নিৰ্যাতন আৰু উত্যক্ততা, ধৰ্ষণ, ঘৰুৱা নিৰ্যাতন, পিংক টেক্স, সাংস্কৃতিক দখল আৰু উপস্থাপন।
-
গুলাবি গেং
গুলাবি গেং (হিন্দী শব্দ গুলাবিৰ অৰ্থ "গুলপীয়া") হৈছে এটি সজাগ গোট বা দল। দলটো প্ৰথমে উত্তৰ প্ৰদেশৰ বান্দা জিলাত ব্যাপক ঘৰুৱা উৎপীড়ন আৰু মহিলাৰ বিৰুদ্ধে হোৱা অন্যান্য হিংসাৰ বিৰুদ্ধে থিয় দিবলৈ বুলি সৃষ্টি হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত দলটোৰ নেতৃত্ব দিছিল সম্পত পাল দেৱীয়ে।
-
ভাৰতত মি-টু আন্দোলন
ভাৰতীয় সমাজৰ বিভিন্ন খণ্ড, বিশেষকৈ চৰকাৰ, সংবাদ মাধ্যম, আৰু বলীউড চলচ্চিত্ৰ উদ্যোগত যৌন নিৰ্যাতন উদঙাই দিবলৈ ২০১৮ চনৰ শেষৰ ফালে (আৰু আজিও চলি আছে) ভাৰতীয় মি টু আন্দোলন আৰম্ভ হৈছিল।
-
সৰ্বভাৰতীয় কৃষক সভা
সৰ্বভাৰতীয় কৃষক সভা (অল ইণ্ডিয়া কৃষক সভা, অখিল ভাৰতীয় কৃষক সভা বা এ আই কে এচ নামেৰেও পৰিচিত) আছিল ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ কৃষক ফ্ৰণ্ট। ১৯৩৬ চনত সহজানন্দ সৰস্বতীয়ে এই গুৰুত্বপূৰ্ণ কৃষক সংগঠনটো প্ৰতিষ্ঠা কৰে। পাছলৈ ই দুটা ভাগত বিভক্ত হয়।
-
হালধীয়া চোলাবোৰৰ আন্দোলন
হালধীয়া চোলাবোৰৰ আন্দোলন (Mouvement des gilets jaunes; মুভম দে জিলে জোন) ২০১৮ চনৰ ১৭ নৱেম্বৰৰ পৰা ইন্ধনজাত সামগ্ৰী বিশেষকৈ ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ফ্ৰান্সত আৰম্ভ হোৱা এক প্ৰতিবাদী আন্দোলন।
-
হেপ্পী টু ব্লিড
হেপ্পী টু ব্লিড (Happy to bleed; অসমীয়া অনুবাদ: ৰক্তক্ষৰণত সুখী) হৈছে এক সামাজিক আন্দোলন। ভাৰতত ঋতুস্ৰাৱৰ সৈতে জড়িত যিকোনো বিষয়কে নিষিদ্ধ বুলি ভবা আৰু ইয়াক লজ্জাজনক, কলংকিত বিষয় বুলি বিবেচনা কৰা মনোবৃত্তিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবেই এই আন্দোলনৰ সৃষ্টি। এই আন্দোলনটো আৰম্ভ কৰিছিল নিকিতা আজাদে।
-
ৱমেন ইন ব্লেক
ৱমেন ইন ব্লেক (נשים בשחור, নাছিম বেশ্বাহোৰ) হৈছে এক মহিলা যুদ্ধ বিৰোধী আন্দোলন। এই আন্দোলনৰ বিশ্বজুৰি আনুমানিক ১০,০০০ কৰ্মী আছে। এই আন্দোলনৰ প্ৰথম দলটো ১৯৮৮ চনত প্ৰথম ইন্তিফাদাৰ প্ৰাদুৰ্ভাৱৰ পিছত জেৰুজালেমত ইজৰাইলী মহিলাসকলে গঠন কৰিছিল। প্ৰথম ইন্তিফাদাৰ হৈছে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ প্ৰথম যুদ্ধ।