আন্দোলন
২৮ প্ৰবন্ধ
-
অসম আন্দোলন
অসম আন্দোলন আছিল ১৯৭৯–১৯৮৫ সময়ছোৱাত অসমত অবৈধ অনুপ্ৰবেশকাৰীৰ পৰিচয় নিৰ্ণয় আৰু ভোটাৰ তালিকাৰ শুদ্ধীকৰণক কেন্দ্ৰ কৰি গঢ়ি উঠা এক বিস্তৃত জন-আন্দোলন। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলা এই আন্দোলনৰ অন্ত ১৫ আগষ্ট ১৯৮৫ তাৰিখে অসম চুক্তি সাক্ষৰিত হোৱাত ঘটে।
-
নৱ-জাগৰণ
নৱ-জাগৰণ বা ৰেনেছাঁ (Renaissance, Renaissance) হৈছে ইউৰোপত ১৪শ শতিকাৰ অন্ত ভাগৰ পৰা ১৭শ শতিকালৈকে হোৱা এক সাংস্কৃতিক, বৌদ্ধিক আৰু কলামূলক আন্দোলন। এই আন্দোলনে শাস্ত্ৰীয় প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাৰ জ্ঞানক পুনৰ্জীৱিত কৰে, আৰু নতুন দৃষ্টিভংগীৰে মানৱতা, বিজ্ঞান, কলা, সাহিত্য আৰু শিক্ষাৰ…
-
চিপকো আন্দোলন
চিপকো আন্দোলন ( चिपको आन्दोलन) ভাৰতৰ এক বন সংৰক্ষণ আন্দোলন। বাণিজ্যিকভাৱে কাঠ কটা আৰু বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত চৰকাৰৰ নীতিৰ বিৰোধিতা কৰি ১৯৭০ চনত প্ৰতিবাদকাৰীসকলে বাহু মেলি গছক সাৱটি ধৰিছিল যাতে গছ কাটিব নোৱাৰি। বৰ্তমানৰ সমাজবাদৰ উৰ্দ্ধত ইয়াক ক্ৰমান্বয়ে ইক’ফেমিনিষ্ট আন্দোলন হিচাপে গণ্য কৰা হৈছে।
-
অসম শোধনাগাৰ আন্দোলন
অসম শোধানাগাৰ আন্দোলন (The Refinery Movement in Assam) অসমৰ খাৰুৱা তেলেৰে (crude oil) অসমৰ সলনি কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ বাৰাউনীত শোধানাগাৰ স্থাপন কৰিব বিচৰা সিদ্ধান্তৰ প্ৰতিবাদ কল্পে ১৯৫৬-৫৭ চনত সংঘটিত এক আন্দোলন। স্বাধীনতাৰ পিছত ভাৰতত সকলোতকৈ বৃহৎ তৈলক্ষেত্ৰখন আৱিষ্কৃত হৈছিল অসমৰ নাহৰকটীয়াত।
-
২০২৪ চনৰ অসহযোগ আন্দোলন
২০২৪ চনৰ বাংলাদেশ কোটা সংস্কাৰ আন্দোলনৰ পৰিসৰৰ ভিতৰত আৰম্ভ হোৱা বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলন আছিল। এই আন্দোলনৰ একমাত্ৰ দাবী আছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ পদত্যাগ।
-
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ (Scheduled Tribe status to six ethnic groups) অসমৰ ছয়টা জনগোষ্ঠী (টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু অসমৰ চাহ জনগোষ্ঠীৰ) জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে দীৰ্ঘদিন ধৰি চলা এটা প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়া অসম বিধান সভাত প্ৰস্তাৱিত হৈছে আৰু উপত্যকাৰ জনজাতি নামৰ এটা…
-
অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়।
-
খেজাৰলি হত্যাকাণ্ড
১৭৩০ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ ভাৰতত খেজাৰলী হত্যাকাণ্ড সংঘটিত হৈছিল, যেতিয়া মাৰোৱাৰ মহাৰাজ অভয় সিঙৰ নিৰ্দেশত খেজৰি গছৰ বাগিছা এখন মনে মনে কাটি পেলোৱাৰপৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৩৬৩ জন বিষ্ণোইক হত্যা কৰিছিল।
-
ঘেৰাও
ঘেৰাও, যাৰ অৰ্থ "ঘেৰি ৰখা" হৈছে এনে এটা শব্দ যিয়ে ভাৰতৰ শ্ৰমিক কৰ্মী আৰু সংঘৰ নেতাসকলে ব্যৱহাৰ কৰা কৌশলক বুজায়; ই পিকেটিঙৰ দৰেই। সাধাৰণতে, কোনো ৰাজনীতিবিদ বা চৰকাৰী ভৱন এটাক তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে বা উত্তৰ নিদিয়ালৈকে এটা দলে ঘেৰি ধৰি থাকে।
-
দেৱী আন্দোলন
দেৱী আন্দোলন (Goddess movement) বুলিলে দেৱী বা নাৰী উপাসনাকেন্দ্ৰীক আধ্যাত্মিক বিশ্বাস বা আচাৰক (মূলতঃ নিওপেগান বা নব্যবিধৰ্মবাদ, Neopagan) বুজা যায়। ১৯৭০ৰ দশকত প্ৰধানকৈ উত্তৰ আমেৰিকা, পশ্চিম ইউৰোপ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত ইয়াৰ উদ্ভৱ হৈছিল।
-
নেপালৰ জেন জী আন্দোলন, ২০২৫
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ নেপালত এক বৃহৎ পৰিসৰৰ বিক্ষোভ-আন্দোলন সংঘটিত হয়। প্ৰধানকৈ জেনেৰেচন জী-ৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ নাগৰিকসকলে ইয়াৰ উদ্যোগ লৈছিল। ই জেন জী আন্দোলন (Gen Z protests) নামেৰেও পৰিচিত।
-
পথ বন্ধ
ৰাজহুৱা প্ৰতিবাদ আৰু ৰাজনৈতিক বিক্ষোভৰ সময়ত যাতায়ত বাধা প্ৰদান কৰি পথ বন্ধ কৰাটো প্ৰতিবাদৰ এটা সাধাৰণ কৌশল।
-
বুবকুৱেক
বুবকুৱেক আছিল বিশ্বব্যাপী ২৬ এপ্ৰিল, ২০১৯ত অনুষ্ঠিত হোৱা এক ধাৰাবাহিক ৰেলী। আৰু ই ভূমিকম্পৰ সৃষ্টি কৰাৰ কাৰণ হিচাপে অবিন্যস্ত সাজ-পোছাক পৰিধান কৰা মহিলাসকলক দোষাৰোপ কৰা বিতৰ্কিত বিশ্বাসৰ বাতৰিৰ প্ৰতিবাদৰ কাম কৰিছিল। এই কাৰ্য ব্লগাৰ জে মেকক্ৰেইটৰপৰা অনুপ্ৰাণিত কৰা হৈছিল।
-
ভাইকম সত্যাগ্ৰহ
ভাইকম সত্যাগ্ৰহ (Vaikom Satyagraha) হ’ল, ১৯২৪ চনৰ ৩০ মাৰ্চৰ পৰা ১৯২৫ চনৰ ২৩ নৱেম্বৰলৈকে ট্ৰাভাঙ্কোৰ ৰাজ্যৰ ভাইকম মন্দিৰত ৰাজহুৱা প্ৰৱেশাধিকাৰৰ বাবে হোৱা এক অহিংস আন্দোলন। ট্ৰাভাঙ্কোৰ ৰাজ্য ইয়াৰ কঠোৰ আৰু দমনমূলক বৰ্ণ ব্যৱস্থাৰ বাবে জনাজাত আছিল।
-
হৰতাল
হৰতাল বহু ভাৰতীয় ভাষাত ব্যৱহাৰ কৰা ইংৰাজী ষ্ট্ৰাইক একচনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা শব্দ, যিটো ২০ শতিকাৰ আৰম্ভণিতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত (জাতীয়তাবাদী আন্দোলন বুলিও জনা যায়) প্ৰথম ব্যৱহাৰ কৰা হৈছিল।
-
অনশন ধৰ্মঘট
অনশন ধৰ্মঘট (Hunger strike) হৈছে অহিংস প্ৰতিৰোধৰ এক পদ্ধতি য’ত অংশগ্ৰহণকাৰীসকলে ৰাজনৈতিক প্ৰতিবাদৰ কাৰ্য্য হিচাপে উপবাস কৰে, সাধাৰণতে নীতি পৰিৱৰ্তনৰ দৰে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যেৰে অনশন ধৰ্মঘট কৰা হয়। তৰল পদাৰ্থ গ্ৰহণ নকৰা অনশনকাৰীক শুষ্ক অনশন ধৰ্মঘটকাৰী বুলি কোৱা হয়।
-
আইচলেণ্ডৰ মহিলাৰ বন্ধৰ দিন
১৯৭৫ চনৰ ২৪ অক্টোবৰত আইচলেণ্ডৰ মহিলাসকলে “আইচলেণ্ডৰ অৰ্থনীতি আৰু সমাজৰ বাবে মহিলাৰ অপৰিহাৰ্য কাম প্ৰদৰ্শন’’ আৰু “মজুৰিৰ অমিল আৰু অন্যায় নিয়োগ পদ্ধতিৰ প্ৰতিবাদ’’ৰ বাবে দিনটোৰ বাবে ধৰ্মঘট কৰে। ইয়াক ঘৰুৱাভাৱে মহিলাৰ বন্ধৰ দিন হিচাপে প্ৰচাৰ কৰা হৈছিল।
-
এছিয়াত নাৰী মুক্তি আন্দোলন
এছিয়াত নাৰী মুক্তি আন্দোলন (Women's liberation movement in Asia) ১৯৬০ চনৰ শেষৰ ফালে আৰম্ভ হৈ ১৯৭০ চনলৈকে চলি থকা এছিয়া মহাদেশৰ নাৰীবাদী আন্দোলন আছিল। এছিয়াত নাৰী মুক্তি আন্দোলনে পৰিয়ালৰ সৈতে নাৰীৰ সম্পৰ্ক আৰু নাৰীয়ে নিজৰ যৌনতাক প্ৰকাশ কৰাৰ ধৰণক পুনৰ সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল।
-
খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন
খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন (Reformatio) আছিল ১৬শ শতিকাৰ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ৰাজনৈতিক আন্দোলন, যিয়ে কেথলিক গীৰ্জাৰ প্ৰচলিত প্ৰথা আৰু শিক্ষাৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি তোলে। এই আন্দোলনৰ ফলত প্ৰটেষ্টেণ্ট ধৰ্মৰ জন্ম ঘটে।
-
গো টপলেচ ডে
গো টপলেচ ডে (বিভিন্নভাৱে নেচনেল গ' টপলেছ ডে', আন্তৰ্জাতিক গ' টপলেছ ডে' বুলি জনা যায়) হৈছে আমেৰিকা, কানাডা আৰু চুইজাৰলেণ্ডত লিংগ-সমতাৰ ভিত্তিত মহিলাসকলৰ ৰাজহুৱা স্থানত টপলেছ হোৱাৰ অধিকাৰৰ সমৰ্থনত অনুষ্ঠিত হোৱা বাৰ্ষিক অনুষ্ঠান।
-
তেজপুৰ গৌৰৱযাত্ৰা
তেজপুৰ গৌৰৱযাত্ৰা (Tezpur Queer Pride) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰ তেজপুৰত অনুষ্ঠিত হোৱা বাৰ্ষিক এলজিবিটিকিউআইএ+ প্ৰাইড মাৰ্চ বা গৌৰৱযাত্ৰা। উত্তৰ-পূব ভাৰতৰ এখন সৰু চহৰত প্ৰথম সংগঠিত গৌৰৱযাত্ৰাৰ ভিতৰত অন্যতম এই আয়োজনৰ লক্ষ্য হৈছে এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ বাবে অন্তৰ্ভুক্তি, দৃশ্যমানতা, আৰু…
-
ধৰাসন সত্যাগ্ৰহ
ধৰাসন সত্যাগ্ৰহ (Dharasana Satyagraha) হ’ল, ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰা নিমখ কৰৰ বিৰুদ্ধে ১৯৩০ চনৰ মে’ মাহত ভাৰত উপমহাদেশত হোৱা এক প্ৰতিবাদী আন্দোলন। লোণ আইন অমান্য আন্দোলনৰ অংশ ৰূপে দাণ্ডিলৈ হোৱা পদযাত্ৰা সমাপ্ত হোৱাৰ পিছত, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰতিবাদ ৰূপে মহাত্মা গান্ধীয়ে গুজৰাটত ধৰাসন…
-
বাংলাদেশৰ ভাষা আন্দোলন দিৱস
বাংলাদেশৰ ভাষা আন্দোলন দিৱস ( Bhāṣā Āndōlôn Dibôs ), যাক আনুষ্ঠানিকভাৱে ভাষা শ্বহীদ দিৱস (Śôhīd Dibôs) বুলি কোৱা হয়, প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীত বাংলা ভাষা আন্দোলন আৰু ইয়াৰ শ্বহীদসকলক স্মৰণ কৰা বাংলাদেশৰ ৰাষ্ট্ৰীয় স্মৰণ দিৱস।
-
ভাৰতত মি-টু আন্দোলন
ভাৰতীয় সমাজৰ বিভিন্ন খণ্ড, বিশেষকৈ চৰকাৰ, সংবাদ মাধ্যম, আৰু বলীউড চলচ্চিত্ৰ উদ্যোগত যৌন নিৰ্যাতন উদঙাই দিবলৈ ২০১৮ চনৰ শেষৰ ফালে (আৰু আজিও চলি আছে) ভাৰতীয় মি টু আন্দোলন আৰম্ভ হৈছিল।
-
শনিবাৰৰ মাতৃসকল
শনিবাৰৰ মাতৃসকল তুৰস্কৰ ইস্তানবুলৰ গালাটাছাৰাইত প্ৰতি শনিবাৰে দুপৰীয়া আধা ঘণ্টা সময় ধৰি গোট খায় আৰু প্ৰথম অৱস্থাত নিৰুদ্দেশ হোৱা আত্মীয়ৰ বিষয়ে স্পষ্টীকৰণ বিচাৰে।
-
হিন্দী বিৰোধী আন্দোলন
হিন্দী বিৰোধী আন্দোলন বুলিলে ২০ শতিকাৰ মাজভাগত ভাৰতৰ কিছুমান বিশেষ অঞ্চলত উদ্ভৱ হোৱা এক উল্লেখযোগ্য সামাজিক-ৰাজনৈতিক আন্দোলনক বুজায়। এই প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল ভাৰতৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে হিন্দী জাপি দিয়াৰ পৰা প্ৰতিহত কৰা।
-
২০০৬ চনৰ নেপালী বিপ্লৱ
২০০৬ চনৰ নেপালী বিপ্লৱ বা ২০০৬ চনৰ গণতন্ত্ৰ আন্দোলন (নেপালী ভাষাত: ) তেতিয়াৰ নেপালৰ ৰজা জ্ঞানেন্দ্ৰৰ প্ৰত্যক্ষ আৰু অগণতান্ত্ৰিক শাসনৰ বিৰুদ্ধে হোৱা ৰাজনৈতিক আন্দোলন। এই আন্দোলনক কোনো কোনোৱে দ্বিতীয় জন আন্দোলনো আখ্যা দিয়ে, এই কথা বুজাবলৈ যে ই ১৯৯০ চনৰ জন আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ দৰে।
-
২০২৩-২৪ ভাৰতীয় ট্ৰাক চালকসকলৰ প্ৰতিবাদ
২০২৩–২৪ চনৰ ভাৰতীয় ট্ৰাক চালকৰ প্ৰতিবাদ হ'ল ১৬৩ নং ধাৰাৰ অন্তৰ্গত মটৰ গাড়ী আইনত উল্লিখিত হিট এণ্ড ৰান গোচৰৰ বিতৰ্কিত সংশোধনীৰ বিৰুদ্ধে প্ৰকাশ কৰা এক গণবিক্ষোভ। ২০২৪ চনৰ ১ জানুৱাৰী তাৰিখে ভাৰতীয় ন্যায় সংহিতাৰ নতুন হিট এণ্ড ৰান কেছ ক্ল’জৰ বিৰোধিতা কৰি প্ৰতিবাদটিৰ সূচনা হয়।