ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ বা বৰফুকনৰ জয়স্তম্ভ, এটা শিলালিপি-স্তম্ভ, য’ত আহোম সেনাৰ ১৬৬৭ খ্ৰীষ্টাব্দত গুৱাহাটী জয়ৰ ঘটনা খোদিত কৰা হৈছে। এই লিপিত নামজানী বৰফুকন বা লাচিত বৰফুকনৰ গুণৰ বৰ্ণনা কৰা হৈছে, যি বৰবৰুৱাৰ পুত্ৰ আছিল।
-
নিধানু ৰাজবংশী
নিধানু ৰাজবংশী ( Nidhanu Rajbongshi) ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছে অন্যায়ভাবে আৰোপ কৰা কৰ দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত পুলিচৰ গুলীত শ্বহীদ হয়৷ মাত্ৰ ২৮ বছৰ বয়সীয়া নিধানুৱে বৃটিছে আৰোপ কৰা পাইকাৰী জৰিমনা আদায় নিদিয়াৰ ফলত মৃত্যুমুখত পৰিবলগীয়া হৈছিল৷ এৱেঁই অবিভক্ত গোৱালপাৰা জিলাৰ স্বাধীনতা…
-
পাৰ্বত্য নিবাস
পাৰ্বত্য নিবাস (Hill station) বা শৈল নিবাস হʼল নিকটৱৰ্তী সমভূমি বা উপত্যকাতকৈ অধিক উচ্চতাত অৱস্থিত এখন পৰ্যটনমূলক চহৰ। পাৰ্বত্য নিবাস বা ইংৰাজী হিলষ্টেছন শব্দটো মূলতঃ ঔপনিৱেশিক এছিয়াত (বিশেষকৈ ভাৰতত) ব্যৱহৃত হৈছিল।
-
পাৰ্হিদোলা
দোলা সৰ্বভাৰতীয় শব্দ। সংস্কৃত সাহিত্যত ইয়াৰ উল্লেখ আছে। মধ্যযুগত আহোম স্বৰ্গদেউ, ডা-ডাঙৰীয়া, সত্ৰাধিকাৰ, ৰাজবিষয়া প্ৰভৃতিৰ উপৰি আঢ্যৱন্ত লোকসকলে বিয়া-বাৰুৰ কালত দোলা ব্যৱহাৰ কৰাটো অপৰিহাৰ্য আছিল। সিবোৰৰ ভিতৰত আঁঠু ভঙা দোলা, ঢেকৰ লগোৱা দোলা, কেঁকোৰা দোলা, পাৰ্হি দোলা উল্লেখযোগ্য।
-
প্ৰাচীন হালিচ
প্ৰাচীন হালিচ ( ancient Halych) হৈছে পশ্চিম ইউক্ৰেইনৰ হালিচ, ক্ৰাইলছ, শ্বেভচেনকোভে, বিলশ্বিভ্চি আৰু জালুকভা অঞ্চলত অৱস্থিত এটা ৰাষ্ট্ৰীয় স্থাপত্য-ঐতিহাসিক সংৰক্ষণ। এই স্থানত প্ৰাচীন হালিচ আৰু ইয়াৰ আশে-পাশে থকা একাদশ শতিকাৰ পৰা ১৭ শতিকাৰ ঐতিহাসিক অট্টালিকা আৰু কীৰ্তিচিহ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
-
বিষ্ণু ৰাভা স্মৃতি উদ্যান
বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত।
-
মুমতাজমহল
মুমতাজ মহল (হিন্দুস্তানী: ممتاز محل, मुमताज़ महल, আক্ষৰিক অৰ্থত জুৱেল পেলেচ) পুৰণি দিল্লীৰ লালকিল্লাত অৱস্থিত। যমুনা নদীৰফালে মুখ কৰি থকা ছটা মূল ৰাজপ্ৰাসাদৰ ভিতৰত মুমতাজ মহল অন্যতম। এই ছয়োটা ৰাজপ্ৰাসাদকে সংযোগ কৰিছিল সৰগীয় ধাৰা (নাহৰ-ই-বিশিষ্ট)ৰদ্বাৰা, যিটো জলপথৰ মাজেৰে গৈছিল।
-
শামলীৰ যুদ্ধ
শামলীৰ যুদ্ধ বা থানা ভৱনৰ যুদ্ধ হৈছে ১৮৫৭ চনৰ ১০ মে’ত ইমদাদুল্লাহ মুহাজিৰ মক্কীৰ বাহিনী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা এক সংঘৰ্ষ। ই ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ অংশ আছিল।
-
সমত্ব
সমত্ব বা সমতা হৈছে হিন্দু ধৰ্মত সমতাৰ ধাৰণা। ইয়াৰ মূল সম (সমা) অৰ্থাৎ – সমান বা সম। সাম্য - অৰ্থাৎ সকলো মানুহৰ প্ৰতি সমান বিবেচনা - শব্দটোৰ আন এটা ৰূপ।
-
স্ফিংছ
স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়। ৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্টৰ এক উল্লেখযোগ্য পিৰামিড গিজাৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ভিতৰতে ই এবিধ বিশাল প্ৰতিমা।
-
হাবুং মৈদাম
হাবুং মৈদাম হৈছে আহোমসকলৰ পঞ্চমৰাজধানী হাবুংৰ টাইভেটিত অৱস্থিত দুটা প্ৰাচীন মৈদাম।
-
হিন্দু শ্ৰুতিকথামূলক যুদ্ধ
হিন্দু শ্ৰুতিকথামূলক যুদ্ধ (ইংৰাজী: Hindu mythological wars) বুলিলে প্ৰাচীন ভাৰতৰ হিন্দু গ্ৰন্থত বৰ্ণনা কৰা যুদ্ধ সমূহক বুজা যায়। এই যুদ্ধবোৰত মহাশক্তিশালী মৰ্ত্যলোকৰ লগতে দেৱতা আৰু অলৌকিক সত্তা উভয়কে চিত্ৰিত কৰা হৈছিল, যিবোৰে প্ৰায়ে মহাশক্তিৰ অলৌকিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
-
হেল্লাডিয়া
হেল্লাডিয়া (৫শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল। তেওঁক পেণ্টোমাইম মঞ্চত এগৰাকী খ্যাতনামা অভিনেত্ৰী হিচাপে উল্লেখ কৰা হৈছিল। তেওঁক লৈ ৰচিত বিভিন্ন এপিগ্ৰামত তেওঁৰ অভিনয় কৌশলৰ প্ৰশংসা কৰা হৈছে। তেওঁ তেওঁৰ সময়ৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল।
-
২০২০ নাগোৰ্ন কাৰাবাখ যুদ্ধ
-
ৰংমহল
ৰংমহল বা ৰঙৰ প্ৰাসাদ পুৰণি দিল্লীৰ লালকিল্লাত অৱস্থিত। ই প্ৰথমে সাম্ৰাজ্যবাদী হাৰেমৰ অংশ হিচাপে কাম কৰিছিল। ই ৰাজপ্ৰাসাদৰ সেইটো অংশ আছিল য’ত ৰাজপৰিয়ালৰ মহিলা সদস্যসকলে জিৰণি ল’ব পাৰিছিল। শ্বাহজাহানৰ শাসনকালত ইয়াক পেলেচ অৱ ডিষ্টিংচন (ইমতিয়াজ মহল) বুলি জনা গৈছিল।
-
ৰত্ন প্ৰসাদ
ৰত্ন প্ৰসাদ বা শ্ৰীলংকাৰ স্থানীয় ভাষাত ৰত্ন প্ৰসাদয়া আছিল ১৬৭ চনৰপৰা ১৮৬ খ্ৰীষ্টাব্দলৈ প্ৰাচীন শ্ৰীলংকাত শাসন কৰা ৰজা কনিত্ত তিছাই নিৰ্মাণ কৰা এটা স্তম্ভ। অষ্টম আৰু দশম শতিকাৰ সময়ছোৱাত দ্বিতীয় মিহিন্দু আৰু চতুৰ্থ মিহিন্দুই এই ভৱনটো সংস্কাৰ কৰিছিল।
-
ৰুছ-ইউক্ৰেনীয় যুদ্ধ
ৰুছ-ইউক্ৰেনীয় যুদ্ধ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলিত এক যুদ্ধ য'ত মুখ্যতঃ ৰাছিয়া, ৰাছিয়া-পন্থী বাহিনী আৰু এফালে বেলাৰুছ আৰু আনফালে ইউক্ৰেইন আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সমৰ্থক সকল জড়িত হৈ আছে। মৰ্য্যদাৰ বিপ্লৱৰ পিছত ২০১৪ চনৰ ফেব্ৰুৱাৰীমাহত এই সংঘৰ্ষ আৰম্ভ হয়।