বাংলাদেশৰ ইতিহাস
১৩ প্ৰবন্ধ
-
বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল।
-
অসম প্ৰদেশ
অসম প্ৰদেশ (Assam Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯১২ চনত “পূৰ্ব বংগ আৰু অসম” বিভাজনৰ ফলত প্ৰদেশখনৰ সৃষ্টি হৈছিল। ইয়াৰ ৰাজধানী আছিল শ্বিলঙত। অসম ভূখণ্ডক প্ৰথমবাৰ ১৮৭৪ চনত বংগৰ পৰা “উত্তৰ-পূব সীমান্ত” নন-ৰেগুলেচন প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল।
-
বংগ বিভাজন (১৯০৫)
প্ৰথমটো বংগ বিভাজন (Partition of Bengal, ১৯০৫; বংগ ভংগ) আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত হোৱা বংগ প্ৰদেশৰ এক পুনৰ্গঠন। এই পুনৰ্গঠনে পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান বসতিপ্ৰধান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান অঞ্চলৰ পৰা পৃথক কৰিছিল।
-
বংগ চুবাহ
বংগ চুবাঃ (সুবাহ বাংলা; ) বা মোগল বংগ (মোগল বাংলা) আছিল মোগল সাম্ৰাজ্যৰ সৰ্ববৃহৎ ভাগ (যি পাছলৈ এক স্বতন্ত্ৰ ৰাজ্য হ'লগৈ)। ১৬ৰ পৰা ১৮ শতিকালৈ ই পশ্চিম বংগ আৰু বাংলাদেশকে ধৰি বংগ অঞ্চলৰ অধিকাংশ সামৰিছিল, য'ত বৰ্তমানৰ বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ অংশও আছিল। এই চুবাহৰ সৃষ্টি হৈছিল বংগ চুলতানীৰ পতনৰ পাছত।
-
পূৰ্ববংগ আৰু অসম
পূৰ্ববংগ আৰু অসম (পূৰ্ববঙ্গ ও আসাম; Eastern Bengal and Assam) ১৯০৫ৰ পৰা ১৯১২লৈ ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক ভাগ (প্ৰদেশ) আছিল। প্ৰদেশখনৰ ৰাজধানী আছিল ঢাকা। বৰ্তমানৰ বাংলাদেশ, উত্তৰ-পূব ভাৰত আৰু পশ্চিমবংগৰ উত্তৰ অংশক সামৰি এই প্ৰদেশ গঠন কৰা হৈছিল।
-
চাকমা চক্ৰ
চাকমা চক্ৰ বা Chakma Circle (চাকমা ভাষাত: 𑄌𑄇𑄴𑄟𑄳𑄦 𑄥𑄢𑄴𑄇𑄬𑄣𑄴), যাক চাকমা ৰাজ নামেৰেও জনা যায়, ই আধুনিক বাংলাদেশৰ চট্টগ্ৰাম পাহাৰীয়া অঞ্চলত অৱস্থিত তিনিটা বংশানুক্ৰমিক আদিবাসী প্ৰধানতাৰ ভিতৰত এটা।
-
বাংলাদেশৰ স্বাধীনতা দিৱস
স্বাধীনতা দিৱস, (Independence Day (Bangladesh) আনুষ্ঠানিকভাৱে ২৬ মাৰ্চ তাৰিখটো বাংলাদেশত স্বাধীনতা আৰু ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। আঘা মহম্মদ ইয়াহ্যা খানৰ অপাৰেচন চাৰ্চলাইটৰ (Operation Searchlight) পিছত ১৯৭১ চনৰ ২৬ মাৰ্চৰ পুৱাৰ ভাগত পাকিস্তানে পৰাজয় বৰণ কৰে আৰু বাংলাদেশৰ নামৰে এখন নতুন…
-
বিজয় গিৰি
ৰাজা বিজয় গিৰি আছিল চাকমা চক্ৰৰ ১৫সংখ্যক চাকমা ৰজা। তেওঁৰ পিতৃ ১৪ নং চাকমা ৰজা সম্বুদ্ধই কৈশোৰ অৱস্থাতহে তেওঁক যুৱৰাজ (মুকুট ৰাজকুমাৰ) হিচাপে মনোনীত কৰি ৰাজকৰ্ম আৰু সামৰিক পৰিচালনাৰ প্ৰাথমিক শিক্ষা দিয়াইছিল।
-
বীৰাংগনা
বীৰাংগনা (Birangona) হৈছে বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত পাকিস্তান সেনা, ৰাজাকাৰ অৰ্ধসামৰিক বাহিনী আৰু তেওঁলোকৰ স্থানীয় সহযোগীসকলে ধৰ্ষণ কৰা মহিলাসকলক বাংলাদেশ চৰকাৰে প্ৰদান কৰা উপাধি।
-
জুলাই গণ অভ্যুত্থান দিৱস (বাংলাদেশ)
জুলাই গণ অভ্যুত্থান দিৱস বাংলাদেশৰ এটা জাতীয় বন্ধৰ দিন, যিটো দিন ২০২৫ চনৰপৰা বছৰি ৫ আগষ্টত জুলাই বিপ্লৱৰ স্মৃতিত পালন কৰা হয়। ২০২৪ চনৰ ৫ আগষ্টত জুলাই বিপ্লৱৰ ফলস্বৰূপে, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১৫বছৰীয়া শাসনৰ অন্ত পেলাই পদত্যাগ কৰে, যিটো দিন পিছলৈ ৩৬ জুলাই নামেৰে জনাজাত হয়।
-
দেৱাশীষ ৰায়
দেৱাশিস ৰায় (জন্ম ৯ এপ্ৰিল ১৯৫৯) এগৰাকী বাংলাদেশী ৰাজনীতিজ্ঞ আৰু আইনজীৱী। তেওঁ হৈছে চিত্তাকল হিল ট্ৰাক্টছৰ আদিবাসীসকলৰ ভিতৰত সৰ্বাধিক বৃহৎ সমষ্টি চাকমা চক্ৰৰ আনুষ্ঠানিক ৰজা।
-
বাংলাদেশৰ ভাষা আন্দোলন দিৱস
বাংলাদেশৰ ভাষা আন্দোলন দিৱস ( Bhāṣā Āndōlôn Dibôs ), যাক আনুষ্ঠানিকভাৱে ভাষা শ্বহীদ দিৱস (Śôhīd Dibôs) বুলি কোৱা হয়, প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীত বাংলা ভাষা আন্দোলন আৰু ইয়াৰ শ্বহীদসকলক স্মৰণ কৰা বাংলাদেশৰ ৰাষ্ট্ৰীয় স্মৰণ দিৱস।
-
বাংলাদেশৰ মূৰ্তি আৰু ভাস্কৰ্য
বাংলাদেশৰ মূৰ্তি আৰু ভাস্কৰ্য বাংলাদেশী সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হৈ আহিছে। বাংলাদেশ এসময়ত দক্ষিণ এছিয়াত বিশেষকৈ গুপ্তৰ পিছৰ আৰু মধ্যযুগীয় যুগত শিলৰ ভাস্কৰ্যক প্ৰভাবিত কৰা এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল।