অসমৰ ইতিহাস
১০০ প্ৰবন্ধ
-
বুৰঞ্জী
বুৰঞ্জী হৈছে টাই-আহোম সমাজত গঢ় লৈ উঠা লিখিত ইতিহাস-লেখনৰ এক পৰম্পৰা, য’ত ৰাষ্ট্ৰশাসন, বংশ-পরম্পৰা, যুদ্ধ-কূটনীতি আদিৰ তথ্য সংৰক্ষিত থাকে। এই বুৰঞ্জীসমূহে অসম আৰু কাষৰীয়া অঞ্চলসমূহৰ অতীত বুজিবলৈ আজিও গুৰুত্বপূৰ্ণ প্ৰামাণ্য উৎসৰ ভূমিকা পালন কৰে।
-
চুতীয়া ৰাজ্য
চুতীয়া ৰাজ্য আছিল ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকাৰ প্ৰথম ভাগলৈকে পূব অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত গঢ় লৈ উঠা এখন বৃহৎ মধ্যযুগীয় ৰাজতান্ত্ৰিক ৰাজ্য। শদিয়াক কেন্দ্ৰ কৰি ই উত্তৰ-পূব সীমান্ত-বাণিজ্য, সাংস্কৃতিক-ধৰ্মীয় প্রতিষ্ঠান আৰু আঞ্চলিক ৰাজনীতিত দীৰ্ঘকাল প্ৰভাৱ বিস্তাৰ কৰিছিল।
-
কামৰূপ ৰাজ্য
কামৰূপ ৰাজ্য (প্ৰাগজ্যোতিষ) আছিল অসমৰ প্ৰথম স্পষ্ট ঐতিহাসিক ৰাজ্য, যি প্ৰায় ৩৫০ চনৰ পৰা ১১৪০ চনলৈ ব্ৰহ্মপুত্ৰ উপত্যকাত কেন্দ্ৰ কৰি দীৰ্ঘ সময় ধৰি টিকি আছিল।
-
ইয়াণ্ডাবু সন্ধি
ইয়াণ্ডাবু সন্ধি (১৮২৬) প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তি-চুক্তি। এই চুক্তিৰ ফলত ব্ৰহ্মদেশে বিস্তীৰ্ণ ভূখণ্ড হেৰুওৱাৰ লগতে ক্ষতিপূৰণ আৰু কূটনৈতিক ব্যৱস্থা মানি ল’বলগীয়া হয়, যিয়ে অঞ্চলটোৰ ৰাজনৈতিক সমীকৰণ সলনি কৰে।
-
কুমাৰ ভাস্কৰ বৰ্মা
কুমাৰ ভাস্কৰ বৰ্মা বৰ্মণ ৰাজবংশৰ অন্তৰ্গত কামৰূপ ৰাজ্যৰ এক প্ৰসিদ্ধ ৰজা। ৰজা হৰ্ষবৰ্দ্ধনৰ যুগত তেওঁৰ কূটনৈতিক মৰ্যাদা বৃদ্ধি পাইছিল, আৰু উত্তৰাধিকাৰী নথকাৰ বাবে তেওঁৰ মৃত্যুৰ পিছত কামৰূপত নতুন ৰাজবংশৰ উত্থান ঘটে।
-
কছাৰী ৰাজ্য
কছাৰী ৰাজ্য মধ্যযুগীয় অসমৰ এক উল্লেখযোগ্য জনজাতীয় ৰাজতন্ত্ৰ, যাৰ শাসক ডিমাছা জনগোষ্ঠীৰ লোক আছিল। ডিমাপুৰ, মাইবং আৰু খাচপুৰক কেন্দ্ৰ কৰি এই ৰাজ্যই দীৰ্ঘকাল ধৰি বহু জাতি-গোষ্ঠী, ধৰ্মীয় ৰূপান্তৰ আৰু আঞ্চলিক ক্ষমতাৰ টানাপোড়েনৰ মাজেৰে বিকাশ লাভ কৰে।
-
গড়গাঁও
গড়গাঁও আহোম ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰাজধানী আৰু কৌশলগত দুৰ্গনগৰ আছিল। শিৱসাগৰ জিলাত অৱস্থিত এই স্থান বিশেষকৈ কাৰেংঘৰ আৰু বহুতলীয়া গড়-খাৱৈভিত্তিক নিৰাপত্তা ব্যৱস্থাৰ বাবে পৰিচিত।
-
কমতা ৰাজ্য
কমতা ৰাজ্য ত্ৰয়োদশ শতিকাত পাল বংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম ভাগক কেন্দ্ৰ কৰি গঢ় লোৱা এক আঞ্চলিক ৰাজশক্তি। ইয়াৰ উত্থানক বহু ইতিহাসবিদে অসম বুৰঞ্জীৰ প্ৰাচীন যুগৰ অন্ত আৰু মধ্য যুগৰ আৰম্ভণি বুলি গণ্য কৰে।
-
শৰাইঘাটৰ যুদ্ধ
শৰাইঘাটৰ যুদ্ধ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত গুৱাহাটীৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক নিৰ্ণায়ক নৌ-যুদ্ধ। লাচিত বৰফুকনৰ নেতৃত্বত আহোম বাহিনীয়ে কৌশল, ভূ-প্ৰকৃতিৰ সদ্ব্যৱহাৰ আৰু নৌ-প্ৰাধান্যৰ জৰিয়তে মোগলৰ অসম অধিকাৰ সম্প্ৰসাৰণৰ অন্তিম বৃহৎ প্ৰচেষ্টাক বাধা দিয়ে।
-
প্ৰাগজ্যোতিষপুৰ
প্ৰাগজ্যোতিষপুৰ মধ্যযুগত বৰ্মন ৰাজবংশৰ শাসনকালীন এক ঐতিহাসিক নগৰ আৰু কামৰূপ ৰাজ্যৰ ৰাজধানী হিচাপে পৰিচিত। সপ্তম শতিকাৰ পিছত ‘প্ৰাগজ্যোতিষপুৰ’ নাম অধিক প্ৰচলিত হয় যদিও নগৰখনৰ সঠিক অৱস্থান সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত বহুমত আছে।
-
অসমৰ ইতিহাস
অসমৰ ইতিহাস বহু জনগোষ্ঠীৰ মিলন, স্থানান্তৰ, আৰু সাংস্কৃতিক বিনিময়ৰ দীঘল প্ৰক্ৰিয়াৰ ফল। ইয়াৰ উৎস-সামগ্ৰী লোকগাঁথা, মহাকাব্য-পুৰাণ, শিলালিপি-তাম্ৰফলি, আৰু আহোম যুগৰ বুৰঞ্জীলৈকে বিস্তৃত।
-
অসমীয়া সাহিত্যৰ ইতিহাস
চৰ্যাপদৰ পৰা আধুনিক কাললৈ অসমীয়া সাহিত্যৰ প্ৰায় তেৰশ বছৰীয়া ইতিহাস — লোকগীত, বৈষ্ণৱ সাহিত্য, বুৰঞ্জী, জোনাকী যুগ আৰু আধুনিক সাহিত্যৰ এক সামগ্ৰিক আভাস।
-
পাল ৰাজবংশ (কামৰূপ)
পাল ৰাজবংশ (Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল। প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।
-
বৰ্মণ ৰাজবংশ
বৰ্মণ বংশ (Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
-
শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল।
-
কোচ ৰাজবংশ
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা) কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে।
-
বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল।
-
অগ্নিগড়
অগ্নিগড় (Agnigarh) হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে।
-
পুষ্য বৰ্মা
পুষ্য বৰ্মা (Pushya Varman)(ৰাজত্ব ৩৫০-৩৭৪) হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। তেওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সময়তে ব্ৰাহ্মণ সকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।
-
সাঁচিপাত
সাঁচিপাত হৈছে সাঁচিগছৰ (Aquilaria agallocha) ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।
-
বাৰ ভূঞা
বাৰ ভূঞা মধ্যযুগীয় অসম আৰু বংগৰ এচাম শাসনকৰ্তা আৰু জমিদাৰ আছিল। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। তেওঁলোকে আনৰ পৰা প্ৰায় স্বাধীনতা বজাই ৰাখি নিজ মাজতে গোট কৰিছিল। এই ভূপতিসকল কোনো বিশেষ জনগোষ্ঠী, ধৰ্ম বা জাতিৰ নাছিল। বাহিৰা শক্তিয়ে আক্ৰমণ কৰিলে তেওঁলোকে সাধাৰণতে একেলগে তাৰ বিৰুদ্ধে যুঁজ কৰিছিল।
-
মানৰ অসম আক্ৰমণ
মানৰ অসম আক্ৰমণ (ইংৰাজী ভাষা:Burmese Invasions of Assam) বুলিলে ১৮১৭ চনৰ পৰা ১৮২৬ চনৰ ভিতৰত ব্ৰহ্মদেশৰ (এতিয়াৰ ম্যানমাৰ) সৈন্যই অসমত তিনিবাৰ কৰা আক্ৰমণক বুজায়। ইয়াৰ ফলত ১৮২১ চনৰ পৰা ১৮২৫ চনলৈ আহোম ৰাজ্য বৰ্মদেশৰ তলতীয়া আছিল।
-
অসম প্ৰদেশ
অসম প্ৰদেশ (Assam Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯১২ চনত “পূৰ্ব বংগ আৰু অসম” বিভাজনৰ ফলত প্ৰদেশখনৰ সৃষ্টি হৈছিল। ইয়াৰ ৰাজধানী আছিল শ্বিলঙত। অসম ভূখণ্ডক প্ৰথমবাৰ ১৮৭৪ চনত বংগৰ পৰা “উত্তৰ-পূব সীমান্ত” নন-ৰেগুলেচন প্ৰদেশ হিচাপে পৃথক কৰা হৈছিল।
-
হৰি-হৰ যুদ্ধ
হৰি-হৰ যুদ্ধ অসমত প্ৰচলিত এটা কিংবদন্তি। ভগবান কৃষ্ণ আৰু শিৱৰ মাজত সংঘটিত হোৱা এখন যুদ্ধক লৈ ই প্ৰচলিত। অসমৰ তেজপুৰ নগৰৰ নামৰ উৎপত্তিৰ কাৰণ হিচাবে এই প্ৰবাদ বিখ্যাত। এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী উষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত।
-
ঘটোৎকচ
ঘটোৎকাচ প্ৰাচীন ভাৰতীয় মহাকাব্য মহাভাৰতৰ এটা বিশিষ্ট চৰিত্ৰ। ঘটোৎকচ হিড়িম্বাপুৰৰ (বৰ্তমানৰ ডিমাপুৰ) ৰজা আছিল। তেওঁৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়। তেওঁ অঞ্জনাপৰ্ৱ, বৰবৰিকা আৰু মেঘৱৰ্ণৰ পিতৃ।
-
সতী সাধনী
সতী সাধনী বা সাধনী নাৰায়ণ চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল। শেষৰজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল। সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।
-
ষ্টিলৱেল পথ
ষ্টিলৱেল ৰোড নামৰ বুৰঞ্জীপ্ৰসিদ্ধ পথটো আগতে জনা গৈছিল লিডু ৰোড নামেৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহায্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মাণ কৰা হৈছিল, কিয়নো বাৰ্মা ৰোড জাপানী সৈন্যই ১৯৪২ চনত দখল কৰি লৈছিল।
-
ঔপনিৱেশিক অসম
১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ ফলত অসম ইংৰাজৰ হাতলৈ যায়। অসম অধিকাৰ কৰাৰ পাছত অসম উপত্যকা পোন প্ৰথমে বঙ্গৰ কমিচনাৰ ডেভিড স্কটৰ তলত ৰাখে। মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰি দেশত শান্তি স্থাপন কৰাৰ সময়ছোৱালৈকে সময়ছোৱালৈকে ডেভিড স্কটৰ হাততেই অসমৰ শাসনভাৰ আছিলে।
-
জয়ন্তীয়া ৰাজ্য
জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য আছিল। আনুমানিক পঞ্চদশ শতিকাত প্ৰভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। যষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰাজ্যখন কোচৰ অন্তৰ্গত কৰে। ১৮৩৫ চনত এই ৰাজ্য ইংৰাজ শাসিত অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়।
-
কিৰাট
কিৰাট বা কিৰাত (किरात) পৰ্বতীয়া অঞ্চল বিশেষকৈ হিমালয় আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অঞ্চলত বসবাস কৰা লোকসকলক বুজোৱা সাধাৰণ সংস্কৃত শব্দ। কিৰাটসকল মূলত চীনা-তিব্বতীয় গোষ্ঠীৰ অন্তৰ্গত আছিল বুলি বিশ্বাস কৰা হয়।