স্বাধীনোত্তৰ অসম
২৬ প্ৰবন্ধ
-
অসম আন্দোলন
অসম আন্দোলন আছিল ১৯৭৯–১৯৮৫ সময়ছোৱাত অসমত অবৈধ অনুপ্ৰবেশকাৰীৰ পৰিচয় নিৰ্ণয় আৰু ভোটাৰ তালিকাৰ শুদ্ধীকৰণক কেন্দ্ৰ কৰি গঢ়ি উঠা এক বিস্তৃত জন-আন্দোলন। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলা এই আন্দোলনৰ অন্ত ১৫ আগষ্ট ১৯৮৫ তাৰিখে অসম চুক্তি সাক্ষৰিত হোৱাত ঘটে।
-
অসম চুক্তি
অসম চুক্তি হৈছে ১৯৮৫ চনত স্বাক্ষৰিত এক বুজাবুজি চুক্তি, যাৰ জৰিয়তে অসম আন্দোলনৰ আনুষ্ঠানিক সমাপ্তি ঘটে। ১৫ আগষ্ট ১৯৮৫ তাৰিখে নতুন দিল্লীত ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়।
-
নেলীৰ হত্যাকাণ্ড
নেলীৰ হত্যাকাণ্ড বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়।
-
চৰকাৰী ভাষা আন্দোলন (অসম)
চৰকাৰী ভাষা আন্দোলন বা চমুকৈ ভাষা আন্দোলন Official language movement) ১৯৬০-৬১ চনত সমগ্ৰ অসমত সংঘটিত হোৱা এক ভাষাকেন্দ্ৰিক আন্দোলন। স্বাধীনতাৰ পিছৰে পৰা সময়ে-সময়ে অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈ আহিছিল।
-
বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা)
বঙালী ভাষা আন্দোলন (বৰাক উপত্যকা) (Bengali Language Movement (Barak Valley)) অসমীয়া ভাষাৰ সৈতে বঙালী ভাষাকো অসমৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত বৰাক উপত্যকাত সংঘটিত হোৱা এটি গণ আন্দোলন।
-
মাধ্যম আন্দোলন (অসম)
মাধ্যম আন্দোলন বা উচ্চশিক্ষাৰ মাধ্যম আন্দোলন (Medium movement) ১৯৭২ৰ জুন মাহৰ পৰা ১৯৭৩ৰ জানুৱাৰীলৈ অসমত সংঘটিত হোৱা এক ভাষিক আন্দোলন। অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত অসমীয়া ভাষাকে উচ্চশিক্ষাৰ একমাত্ৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ দাবীত চলা এই আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা, গুঃবিঃ…
-
অপাৰেচন অল ক্লিয়াৰ
অপাৰেচন অল ক্লিয়াৰ হৈছে ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ভূটানৰ দক্ষিণ অংশত থিতাপি লৈ থকা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ ঘাটি উচ্ছেদ কৰিবলৈ ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩ জানুৱাৰীলৈ চলোৱা এক সামৰিক অভিযান। ৰয়েল ভূটান আৰ্মীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান।
-
অসম শোধনাগাৰ আন্দোলন
অসম শোধানাগাৰ আন্দোলন (The Refinery Movement in Assam) অসমৰ খাৰুৱা তেলেৰে (crude oil) অসমৰ সলনি কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ বাৰাউনীত শোধানাগাৰ স্থাপন কৰিব বিচৰা সিদ্ধান্তৰ প্ৰতিবাদ কল্পে ১৯৫৬-৫৭ চনত সংঘটিত এক আন্দোলন। স্বাধীনতাৰ পিছত ভাৰতত সকলোতকৈ বৃহৎ তৈলক্ষেত্ৰখন আৱিষ্কৃত হৈছিল অসমৰ নাহৰকটীয়াত।
-
অসমত হোৱা ভূমিকম্প (১৯৪৭)
১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল। ভাৰতৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ অধীনত আছিল) আৰু চীনত ইয়াক অনুভৱ কৰা হৈছিল।
-
কোকৰাঝাৰ সংঘৰ্ষ ২০১২
২০১২ চনৰ জুলাই মাহত অসমৰ কোকৰাঝাৰত থলুৱা বড়ো আৰু বঙালীভাষী মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল। প্ৰথম ঘটনাটো হৈছিল ২০ জুলাইৰ দিনা। ৮ আগষ্টলৈ ৭৭ জন লোকৰ মৃত্যু হৈছিল। ৪ লাখতকৈও অধিক লোকে ৪০০ খনতকৈও অধিক গাওঁৰ পৰা বিতাৰিত হৈ ২৭০ টা শৰণাৰ্থী শিবিৰত আশ্ৰয় লব লগীয়া হৈছিল।
-
বড়ো চুক্তি ২০২০
ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব…
-
বড়ো ৰোমান লিপি আন্দোলন
বড়ো ৰোমান লিপি আন্দোলন (Bodo Roman Script Movement) বড়ো ভাষা লিখিবলৈ ৰোমান লিপিৰ স্বীকৃতি বিচাৰি সংঘটিত হোৱা এক ভাষিক আন্দোলন। বড়ো সাহিত্য সভাই এই আন্দোলনৰ নেতৃত্ব দিছিল আৰু ইয়াত অসম ভৈয়াম জনজাতি পৰিষদ, সদৌ বড়ো ছাত্ৰসন্থা আদি সংগঠনো জড়িত হৈ পৰিছিল।
-
অপাৰেচন বজৰং
অপাৰেচন বজৰং হৈছে ১৯৯০ চনৰ ২৮ নৱেম্বৰত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে চলোৱা এটা অভিযান। লক্ষীপথাৰৰ লাংকাচি আৰু দিমৰুহোলা গাঁৱত সেনাৰ এই অভিযান চলিছিল। সেই সময়ত অসমত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল। যদিও অপাৰেচনৰ আগে আগে চৰকাৰখন ভাঙি দি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰা হৈছিল।
-
২০০৮ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৮ অসম বোমা বিস্ফোৰণ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী আৰু পশ্চিম অসমৰ প্ৰতিবেশী অঞ্চল সমূহত সংঘটিত হৈছিল। প্ৰতিবেদনসমূহৰ মতে প্ৰায় ১৮টা বোমাৰ বিস্ফোৰণ ঘটে, যাৰ ফলত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়।
-
অভি-নীল হত্যাকাণ্ড
অভি-নীল হত্যাকাণ্ড (2018 Karbi Anglong lynching বা Abhi-Neel Murder Case) ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল। ডকমোকালৈ ফুৰিব যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুবৰণ কৰিছিল।
-
অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়।
-
অসমত হত্যাৰ বলি হোৱা সাংবাদিকৰ তালিকা
১৯৮৭ চনৰ পৰা বিশজনতকৈও অধিক সম্পাদক, সাংবাদিক বা সংবাদপত্ৰৰ লগত জড়িত ব্যক্তিক অসমত হত্যা কৰা হৈছে।
-
২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ
২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱসত অসমৰ ধেমাজিত হৈছিল। ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা শিশুৰ ওপৰত চলোৱা এই বোমা বিস্ফোৰণৰ দায়িত্ব সংযুক্ত মুক্তি বাহিনী, অসমে লৈছিল। এই বোমা বিস্ফোৰণত ১৮ মানুহ নিহত আৰু ৪০ জন আহত হৈছিল।
-
২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ২০০৯ চনৰ ৬ এপ্ৰিলত গুৱাহাটীৰ মালিগাঁৱকে ধৰি অসমৰ চাৰিটা অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভা সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছিল।
-
উত্তৰ কামৰূপ হিংসা
উত্তৰ কামৰূপ হিংসা ১৯৮০ চনৰ ৪ আৰু ৫ জানুৱাৰীত সংঘটিত অসম আন্দোলনৰ সমৰ্থক আৰু বিৰোধীৰ মাজত সংঘটিত এলানি হিংসাত্মক কাৰ্যকলাপৰ শৃংখলাক সূচায়। এজন হাইস্কুলীয়া ছাত্ৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য দিলীপ হুজুৰীৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমীয়া আৰু বঙালী অনুপ্ৰবেশকাৰীসকলৰ মাজত হিংসাত্মক ঘটনাৰ…
-
কাৰ্বি ডিমাছা সংঘৰ্ষ ২০০৫
২০০৫ চনত অসমৰ থলুৱা জনজাতি কাৰ্বি আৰু ডিমাছাসকলৰ মাজত সংঘৰ্ষ হৈছিল। সেই সংঘৰ্ষত মুঠতে ১০৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।
-
খৈৰাবাৰী গণহত্যা
খৈৰাবাৰী গণহত্যা ( Khoirabari massacre ) ১৯৮৩ চনৰ ৭ ফেব্ৰুৱাৰীত অসমৰ সেই সময়ৰ দৰং আৰু বৰ্তমানৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাজহ চক্ৰ অঞ্চলত সংঘটিত হৈছিল। আনুমানিক ১০০ৰ পৰা ৫০০ অভিবাসী বঙালী উক্ত গণহত্যাৰ বলি হয়।
-
তিতাবৰত খোল বাদনেৰে অভিলেখ
২০১৩ চনৰ ৬ জানুৱাৰীত অসমৰ যোৰহাট জিলাৰ তিতাবৰ ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন (পঞ্জীয়নভুক্ত) শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰাৰ লগতে জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰি এক নতুন অভিলেখ সৃষ্টি কৰে।
-
মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা
১৯৭৭ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া যোৰহাট নগৰৰ পৰা ১৪ কিঃমিঃ পশ্চিমে টেকেলা গাঁৱত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক কঢ়িয়াই অনা Tu 124 jet, V 643 পুষ্পক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
-
২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা
৯ জুলাই ২০১২ তাৰিখে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত, এগৰাকী যুৱতীৰ ওপৰত এখন বাৰৰ বাহিৰত প্ৰায় ৩০জন পুৰুষৰ এটা দলৰ দ্বাৰা উৎপীড়ন চলোৱা হৈছিল, যাৰ বহুতক পৰৱৰ্তী সময়ত ঘটনাটোৰ ভিডিঅ' ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।
-
২০১৪ বৰ্ষত অসম
২০১৪ হৈছে একবিংশ শতিকাৰ ১৪তম আৰু ২০১০ দশকৰ পঞ্চমটো বৰ্ষ। এই বৰ্ষটো বুধবাৰৰ পৰা আৰম্ভ হৈছে। ২০১৪ বৰ্ষত অসমৰ কেইটিমান উল্লেখযোগ্য ঘটনা হ’ল: