ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দাসত্ব
দাসত্ত্ব (Slavery) হৈছে এক সামাজিক-আইনি প্ৰথা য’ত এজন বা কিছুমান মানুহে মালিক (আন এজন বা আন কিছুমান বিত্তশালী মানুহ)ৰ ওচৰত শাৰীৰিক ভাবে নিজকে অৰ্পণ কৰে। ইয়াত শ্ৰমৰ বিনিময়ত উচিত মূল্য লাভ নকৰে। কেৱল দুবেলা দুমুঠি খাবলৈ দিয়ে, তাকো ভালদৰে নিদিয়ে।
-
ধোলাভীড়া
ধোলাভীড়া (ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।
-
নক্সালবাৰী বিদ্ৰোহ
নক্সালবাৰী বিদ্ৰোহ (Naxalbari uprising) ১৯৬৭ চনত ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলাৰ শিলিগুৰি মহকুমাৰ নক্সালবাৰী ব্লকত সংঘটিত হোৱা সশস্ত্ৰ কৃষক বিদ্ৰোহ। মূলতঃ জনজাতীয় (আদিবাসী) আৰু বংগৰ উগ্ৰ কমিউনিষ্ট নেতাসকলে ইয়াৰ নেতৃত্ব দিছিল আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) দল বিকশিত…
-
পাৱন মন্দিৰ
পাৱন মন্দিৰ ইণ্ডোনেছিয়াৰ মধ্য জাভাত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। শৈলেন্দ্ৰ বংশৰ ৰাজত্বকালত (৮ম–৯ম শতিকা) নিৰ্মিত এই বৰোবুদুৰ মন্দিৰ চৌহদৰ এটা অংশ, যিটো একেটা অক্ষত অৱস্থিত তিনিটা মন্দিৰৰে গঠিত; বড়োবুদুৰ, পাৱন, আৰু মেন্দুট। তিনিওটা মন্দিৰতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি লিপিবদ্ধ কৰা হৈছে।
-
পূৰ্ণ স্বৰাজ
পূৰ্ণ স্বৰাজৰ ঘোষণা (पूर्ण, পূৰ্ণ, অৰ্থ "সম্পূৰ্ণ", स्व, স্ব, অৰ্থ "নিজৰ" আৰু राज, ৰাজ, অৰ্থ "শাসন"), বা ভাৰতৰ স্বাধীনতা ঘোষণা, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা কৰা হৈছিল।
-
প্ৰাগঐতিহাসিক অসম
প্ৰাগঐতিহাসিক অসমৰ লিখিত ইতিহাস পুৰাণ, তন্ত্ৰ শাস্ত্ৰ আদিতে সীমিত। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। মহীৰঙ্গ (সম্ভৱতঃ ময়ৰঙ্গ) দানৱ নামৰ এজন অনাৰ্য ৰজাই প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ উল্লেখ পোৱা যায়।
-
ফুলহৰ
ফুলহৰ হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ মিথিলা অঞ্চলৰ অন্তৰ্গত মধুবনী জিলাত অৱস্থিত এটা প্ৰাচীন ঐতিহাসিক স্থান। কিংবদন্তি অনুসাৰে, এই স্থানতেই প্ৰথমবাৰৰ বাবে ভগৱান ৰাম আৰু দেৱী সীতাৰ সাক্ষাৎ হৈছিল। ফুলহৰ মিথিলাৰ ৰজা জনকৰ ৰাজকীয় ফুলবাগিছা আছিল।
-
বঙ্গদৰ্শন
বঙ্গদৰ্শন হ'ল ১৮৭২ চনত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে প্ৰতিষ্ঠা কৰা এখন বাংলা সাহিত্য আলোচনী। এইখন ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পাদনাত পুনৰ প্ৰকাশিত হৈছিল। এই আলোচনীখনে বাঙালীৰ পৰিচয় গঢ়িবলৈ আৰু বঙ্গত ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
বাৰেন্দ্ৰ
বাৰেন্দ্ৰ, যাক বাৰিন্দ বুলিও কোৱা হয়, উত্তৰ বংগৰ এটা প্ৰাচীন আৰু ঐতিহাসিক ভূ-খণ্ড আছিল, বৰ্তমান বেছিভাগেই বাংলাদেশত আৰু অলপ অংশ ভাৰতৰ পশ্চিম বংগ আৰু পূব বিহাৰ ৰাজ্যত আছে।
-
বৰোবুদুৰ মন্দিৰ চৌহদ
বৰোবুদুৰ মন্দিৰ চৌহদ ইণ্ডোনেছিয়াৰ মধ্য জাভাত থকা তিনিটা বৌদ্ধ মন্দিৰক অঞ্চলক সামৰি এক বিশ্ব ঐতিহ্যৰ নাম। ইয়াত বৰোবুদুৰ, মেন্দুট, আৰু পাৱন মন্দিৰ অন্তৰ্ভুক্ত। একে শাৰীতে নিৰ্মাণ কৰা এই মন্দিৰসমূহ শৈলেন্দ্ৰ বংশৰ সময়ত প্ৰায় অষ্টম আৰু নৱম শতিকাত নিৰ্মাণ কৰা হৈছিল।
-
মানৱজাতিৰ ইতিহাস
বিশ্বৰ ইতিহাস হৈছে পৃথিৱী নামৰ গ্ৰহত বসবাস কৰা মানৱজাতিৰ ইতিহাস, গ্ৰহ হিচাপে পৃথিৱীৰ ইতিহাস নহয়। মানুহৰ ইতিহাস মূলত প্ৰস্তৰ যুগৰ পৃথিৱীৰ সময়ৰ পৰা আৰম্ভ হয়। আদিম যুগৰ পৰা প্ৰাপ্ত সকলো প্ৰত্নতাত্ত্বিক আৰু লিখিত ইতিহাসৰ আওতাভুক্ত।
-
মাৰ্টিন লুথাৰ
মাৰ্টিন লুথাৰ (১০ নৱেম্বৰ ১৪৮৩ – ১৮ ফেব্ৰুৱাৰী ১৫৪৬) এজন জাৰ্মান পুৰোহিত, ধৰ্মতত্ত্ববিদ, লেখক, গীতিকাৰ, অধ্যাপক আৰু প্ৰাক্তন অগাষ্টিনিয়ান ফ্ৰাইয়াৰ। লুথাৰ আছিল প্ৰটেষ্টেণ্ট সংস্কাৰৰ মূল ব্যক্তিত্ব আৰু তেওঁৰ ধৰ্মতত্তৱৰ লুথাৰিয়ান ধৰ্মৰ ভিত্তি গঠন কৰে।
-
যতি-চিন
আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা, দাৰি, আদি ব্যৱহাৰ কৰোঁ।
-
যন্তৰ মন্তৰ, নতুন দিল্লী
নতুন দিল্লীৰ যন্তৰ মন্তৰ (Jantar Mantar) হৈছে খালি চকুৰে পৰ্যবেক্ষণৰ উদ্দেশ্যে নিৰ্মাণ কৰা এটি মান-মণ্ডপ বা মানমন্দিৰ। ভাৰতৰ পাঁচটা যন্তৰ মন্তৰৰ ভিতৰত ই অন্যতম। "যন্তৰ মন্তৰ"ৰ অৰ্থ হʼল "স্বৰ্গৰ সামঞ্জস্য জুখিব পৰা যন্ত্ৰ।" ইয়াত সৰ্বমুঠ ১৩টা স্থাপত্য জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰ আছে।
-
যোৰহাট জিলাৰ ইতিহাস
আহোম ৰজাসকলৰ শাসন কালত যোৰহাট জিলাখন পোহৰলৈ আহিছিল। আহোম ৰজা গদাধৰ সিংহই বৈষ্ণৱ মহন্ত সকলক নিৰ্যাতন কৰি এতিয়াৰ যোৰহাটৰ ভিতৰতে ৰাখিছিল। যোৰহাট নামটো গৌৰীনাথ সিংহৰ দিনতহে প্ৰখ্যাত হয়। পুৰণি কালত ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ নহ’লেও বাণিজ্যিক নহ’লেও এই ঠাইৰ এটা বিশেষত্ব আছিল।
-
শিঙৰীঘৰত উঠা
শিঙৰীঘৰত উঠা আহোম ৰজাসকলৰ ৰাজ্যাভিষেক অনুষ্ঠান। আহোম ৰজাসকলৰ ৰাজ অভিষেক উৎসৱ এক বিশেষ পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আহোম ৰজাসকলে অভিষেকৰ সময়ত মূলতঃ আহোম টাই পৰম্পৰা মানিছিল, হিন্দু নিয়মেৰে হিন্দু নাম উপধি পিছলৈ গ্ৰহণ কৰিছিল যদিও সেয়া আছিল টাই নামৰ অনুবাদ মাত্ৰ।
-
শ্বিয়া ৰাজবংশ
শ্বিয়া ৰাজবংশ পৰম্পৰাগত চীনা বিশ্বাস অনুযায়ী প্ৰথম চীনা ৰান্জবংশ। লোক বিশ্বাস অনুযায়ী, পাঁচ সম্ৰাটৰ অন্তিম সম্ৰাট শ্বুনে মহান য়ুক সিংহাসন দিছিল, যাৰ পাছত তেওঁ শ্বিয়া ৰাজবংশৰ স্থাপনা কৰিছিল। পৰম্পৰাগত ইতিহাস লিখনত পোৱা যায় যে শ্বিয়া ৰাজবংশৰ পাছত শ্বাং ৰাজবংশই চীন শাসন কৰিছিল।
-
শৰৎ আৰু বসন্তৰ যুগ
শৰৎ আৰু বসন্তৰ যুগ (সৰলীকৃত চীনা: 春秋时代; পৰম্পৰাগত চীনা: 春秋時代, পিন্যিন: Chūnqiū Shídài) চীনৰ ইতিহাসৰ এটি সময়, যি আনুমানিক খ্ৰীষ্টপূৰ্ব ৭৭১ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৭৬লৈকে (বা খ্ৰীষ্টপূৰ্ব ৪০৩) ঝৌ সাম্ৰাজ্যৰ শেষৰ ফালে দেখা গৈছিল। এই কাল পূব ঝৌ কালৰ অন্তৰ্গত।
-
ষত্ববিধি
বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্ববিধি (Change of স into ষ) বোলে।
-
সংস্কৃতকৰণ
সংস্কৃতকৰণ (Sanskritisation) হৈছে ভাৰতবৰ্ষত উপলব্ধ এক সামাজিক পৰিৱৰ্তন। ই সামাজিক বৰ্গীকৰণত তলৰ ফালে স্থান দিয়া কোনো জাতিয়ে ওপৰ খাপৰ জাতি এটাৰ পৰম্পৰা আৰু জীৱনশৈলী অনুকৰণ কৰি ওপৰ ধাপলৈ আগবঢ়া এক প্ৰক্ৰিয়া। ১৯৫০ৰ দশকত ভাৰতৰ সমাজতাত্বিক এম. এন. শ্ৰীনিৱাসে সংস্কৃতকৰণ শব্দটি জনপ্ৰিয় কৰি তোলে।
-
সভ্যতা
সভ্যতা হ'ল ৰাষ্ট্ৰৰ বিকাশ, সামাজিক স্তৰবিন্যাস, নগৰায়ন, আৰু চিহ্নিত বা কথিত ভাষাৰ (যেনে, লিখা ব্যৱস্থা ) বাহিৰেও যোগাযোগৰ প্ৰতীকী ব্যৱস্থাৰ দ্বাৰা চিহ্নিত যিকোনো জটিল সমাজ।
-
সমাস
সমাস (Compound Word) হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদ। বাক্য বা প্ৰকাশিত মনৰ ভাব চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।
-
সুদাস
সুদাস পিজাৱন আছিল মূল বা মধ্য ঋগ্বেদ যুগত (খ্ৰীষ্টপূৰ্ব প্ৰায় ১৪ শতিকা) ভাৰতৰ এজন ভাৰত-আৰ্য্য জনজাতীয় ৰজা। পঞ্জাৱৰ পৰুষ্ণী (বৰ্তমান ৰবি নদী)ৰ ওচৰত হোৱা দশ ৰজাৰ যুদ্ধত তেওঁ নিজৰ জনগোষ্ঠীটোক বিজয়ৰ দিশত আগবঢ়াই লৈ যায়, শক্তিশালী পুৰু জনগোষ্ঠীৰ অন্য জনগোষ্ঠীৰ সৈতে মিত্ৰতাক পৰাস্ত কৰে, যাৰ বাবে…
-
হাচটেগ জাষ্টিচ ফ'ৰ জুবিন গাৰ্গ
JusticeForZubeenGarg হৈছে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছত আৰম্ভ হোৱা এক অনলাইন সামাজিক আন্দোলন। এই হাচটেগে অসমীয়া সমাজত আৰু অনলাইন মাধ্যমত ন্যায়ৰ বাবে গণপ্ৰচাৰ তথা চৰকাৰী তদন্তৰ দাবী ৰাইজৰ মাজত জাগ্ৰত কৰিছে।
-
হুন হুনাহপু
হুন হুনাহপু "এজন হুনাহপু" হৈছে লেট উত্তৰ ধ্ৰুপদী মায়া পৌৰাণিক কাহিনীৰ এক ব্যক্তিত্ব, যাৰ নামে তেওঁক দিনৰ গণনাৰ XX দিন হুনাহপু (ক্লাছিক আহাউ "প্ৰভু"ৰ সৈতে মিল থকা)ৰ সৈতে সংযোগ কৰে। তেওঁৰ কাহিনীটো আৰম্ভণিৰ ঔপনিৱেশিক "প'পল ৱুহ" পাণ্ডুলিপিৰ অংশ।
-
২০০৮ চনৰ অসমৰ বোমা বিস্ফোৰণ
২০০৮ অসম বোমা বিস্ফোৰণ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দুপৰীয়া ভাগত গুৱাহাটী আৰু পশ্চিম অসমৰ প্ৰতিবেশী অঞ্চল সমূহত সংঘটিত হৈছিল। প্ৰতিবেদনসমূহৰ মতে প্ৰায় ১৮টা বোমাৰ বিস্ফোৰণ ঘটে, যাৰ ফলত কমেও ৬১জন মানুহ নিহত হয় আৰু ৪৭০জনতকৈয়ো অধিক মানুহ আহত হয়।
-
ৰঙিয়া ৰাইজমেল
ৰঙিয়া ৰাইজমেল (Rangia Raijmel) ৰঙিয়াৰ কৃষকসকলে ব্ৰিটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আক্ৰমণত কামৰূপৰ ডেপুটি কমিচনাৰ মেকাবি (R.B.
-
ৰমন্যাসবাদ
ৰমন্যাসবাদ (Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। ইংৰাজী ভাষাৰ 'ৰোমাঞ্চ' শব্দটো মূলতঃ ফৰাচী ভাষাৰ পৰা আহিছে। প্ৰাচীন ফৰাচী ভাষাত romans আৰু romanz এই দুটা ৰূপত ব্যৱহৃত শব্দটোৰ পৰা আহিছে।
-
ৰাণী কি বাৱ
ৰাণী কি বাৱ (Rani ki Vav) ভাৰতৰ গুজৰাট ৰাজ্যৰ পাটন চহৰত অৱস্থিত এক ঐতিহাসিক স্থল। আক্ষৰিক ভাবে ৰাণী কি বাৱৰ অৰ্থ হৈছে 'ৰাণীৰ খটখটিযুক্ত কুঁৱা'। এই স্থল সৰস্বতী নদীৰ পাৰত অৱস্থিত। একাদশ শতিকাৰ চৌলুক্য ৰজা ভীম প্ৰথমৰ পত্নী উদয়মতী ইয়াক নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়।
-
আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, কোচি
কোচি আন্তৰ্জাতিক কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল (ইংৰাজীঃ-Kochi International Container Transshipment Terminal (ICTT))), যি স্থানীয়ভাৱে ভাল্লাৰপাদম টাৰ্মিনেল নামেৰে জনাজাত, হৈছে ভাৰতৰ প্ৰথমটো ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল আৰু বিশেষ অৰ্থনৈতিক অঞ্চলত কাৰ্যক্ষম হোৱা প্ৰথমটো কণ্টেইনাৰ টাৰ্মিনেল।