ইনকিলাব জিন্দাবাদ (; इंक़लाब ज़िन्दाबाद) এক উৰ্দু বাক্য, ১ যাৰ অনুবাদ হৈছে "বিপ্লৱ দীৰ্ঘজীৱী হওক।" মহম্মদ ইকবালে ইয়াক প্ৰথমবাৰৰ বাবে সাহিত্যত ব্যৱহাৰ কৰিছিল। প্ৰথমে যদিও ব্ৰিটিছ ৰাজত্বকালত বাঁওপন্থী কমিউনিষ্টসকলে এই শ্লোগানটো ব্যৱহাৰ কৰিছিল, আজি বাংলাদেশ, ভাৰত আৰু পাকিস্তানত প্ৰতিবাদৰ সময়ত বিভিন্ন মতাদৰ্শগত পটভূমিৰ নাগৰিক সমাজৰ কৰ্মী আৰু ৰাজনীতিবিদসকলে এই শ্লোগানটো ব্যৱহাৰ কৰে। ২ ৩ ৪ ৫ ৬
ইতিহাস
১৯২১ চনত ইছলামিক পণ্ডিত, উৰ্দু কবি, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশিষ্ট নেতা আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাতা মাওলানা হাচৰাত মোহানিয়ে এই শ্লোগানটো সৃষ্টি কৰে। ৭ ভগত সিঙৰ (১৯০৭-১৯৩১) যোগেদি ১৯২০-ৰ দশকৰ শেষৰ ফালে তেওঁৰ বক্তৃতা আৰু লেখাৰ জডি়য়তে এই শ্লোগানটো জনপ্ৰিয় হৈছিল। ৮ এইটো হিন্দুস্তান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছ’চিয়েচনৰ অফিছিয়েল শ্লোগানও আছিল, ৮ আৰু কমিউনিষ্ট একত্ৰীকৰণৰ শ্লোগানৰ সমান্তৰালকৈ সৰ্বভাৰতীয় আজাদ মুছলিম সন্মিলনৰ এটি শ্লোগান। ৯ ১৯২৯ চনৰ এপ্ৰিল মাহত দিল্লীৰ কেন্দ্ৰীয় আইনসভাত বোমা বিস্ফোৰণৰ পিছত ভগত সিং আৰু তেওঁৰ সহযোগী বটুকেশ্বৰ দত্তই এই শ্লোগানটো উত্থাপন কৰে। ১০ পৰৱৰ্তী সময়ত, প্ৰথমবাৰৰ বাবে এক মুকলি আদালতত, ১৯২৯ চনৰ জুন মাহত দিল্লী উচ্চ ন্যায়ালয়ত তেওঁলোকৰ যৌথ বক্তব্যৰ অংশ হিচাপে এই শ্লোগান উত্থাপিত হয়। ৮ ১১ তেতিয়া্ৰে পৰাই ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম গুৰুত্বপূৰ্ণ অংগত পৰিণত হৈছে। স্বাধীনতা আন্দোলনৰ দীৰ্ঘস্থায়ী ভাৰতীয় ৰাজনৈতিক উপন্যাসবোৰত, স্বাধীনতাৰ প্ৰতি সমৰ্থনৰ আৱেগ প্ৰায়েই চৰিত্ৰসমূহে চিঞৰি চিঞৰি দিয়া এই শ্লোগানৰ দ্বাৰা চিহ্নিত কৰিব পাৰি৷ ১২
তথ্যসূত্ৰ
- ↑ inquilab · Definition of inquilab in English by Oxford Dictionaries. Oxford Dictionaries · English
- ↑ Arvind Kejriwal Calls His Win in Delhi Election the 'Birth of a New Politics'
- ↑ Pakistan में Inquilab Zindabad और Azaadi के Slogan क्यों गूंज रहे हैं? (BBC Hindi). ইউটিউব
- ↑ সংৰক্ষণাগাৰভুক্ত অনুলিপি
- ↑ (29 May 2022). Inquilab Zindabad slogan will stay relevant till people continue their struggle against diverse inequalities
- ↑ (20 May 2022). At Umar Khalid's bail hearing, Delhi HC deliberates on meaning of 'inquilab': 'Revolution not necessarily bloodless'
- ↑ Pandya, Prashant H. (2014-03-01). Indian Philately Digest. Indian Philatelists' Forum
- ↑ Bhagat Singh: Select Speeches And Writings, Edited by D. N. Gupta. archive.org
- ↑ Ali, Afsar. (17 July 2017). Partition of India and Patriotism of Indian Muslims. The Milli Gazette
- ↑ Habib, S. Irfan. (2007). Shaheed Bhagat Singh and his Revolutionary Inheritance. পৃ. 79–94
- ↑ Singh, Bhagat. Full Text of Statement of S. Bhagat Singh and B.K. Dutt in the Assembly Bomb Case. www.marxists.org
- ↑ Bhatnagar, O.P. (2007). Indian Political Novel in English. Saruk and Sons. পৃ. 42. ISBN 9788176257992
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইনকিলাব জিন্দাবাদ” প্ৰবন্ধৰ সংশোধন ৪৪১০৮১ (২৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।