ইতিহাস
প্ৰাচীন সভ্যতাৰ পৰা আধুনিক কাললৈ — ৰাজ্য, যুদ্ধ, আন্দোলন আৰু ঘটনাপ্ৰবাহ · ৫৮৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মৎস্য ৰাজ্য
মৎস্য(मत्स्य)প্ৰাচীনকালৰ এখন বৈদিক ৰাজ্য আছিল আৰু পিছলৈ ষোল্লটা মহাজনপদৰ অংশ হৈ পৰছিল। মৎস্য ৰাজ্যৰ বিষয়ে হিন্দু মহাকাব্য সাহিত্যতো দেখা যায়। মৎস্যৰ ৰাজধানী আছিল বিৰাতনগৰী বৰ্তমানৰ বৈৰাট, ৰাজস্থানত যাৰ নামকৰণ ইয়াৰ প্ৰতিষ্ঠাপক ৰজা বিৰাটৰ নামেৰে ৰখা হৈছিল বুলি কোৱা হয়।
-
লোথাল
লোথাল সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা প্ৰাচীন সিন্ধু সভ্যতাৰ অন্তৰ্গত এখন নগৰ আৰু প্ৰায় ৩৭০০ খ্ৰীষ্টপূৰ্বতেই মানুহৰ প্ৰথম বসতি আৰম্ভ হোৱা এই নগৰখন বৰ্তমানৰ গুজৰাটৰ ভাল অঞ্চলত অৱস্থিত।
-
শ্বাং ৰাজবংশ
শ্বাং ৰাজবংশ বা য়িন ৰাজবংশ শ্বাঙৰ টাঙৰ (চেং টাং) দ্বাৰা স্থাপিত এক চীনা ৰাজবংশ। এই ৰাজবংশই হালধীয়া নদীৰ উপত্যকাত শাসন কৰিছিল খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দীত। পৰম্পৰাগত বিশ্বাস অনুযায়ী তেওঁলোকৰ আগতে শ্বিয়া আৰু তেওঁলোকৰ পাছত পশ্চিমীয়া ঝৌ ৰাজবংশই চীন শাসন কৰিছিল।
-
শ্ৰীলংকাৰ অসামৰিক যুদ্ধ
শ্ৰীলংকাৰ সামৰিক যুদ্ধ (ශ්රී ලංකාවේ සිවිල් යුද්ධය; இலங்கை உள்நாட்டுப் போர்) ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈকে চলা শ্ৰীলংকাৰ গৃহযুদ্ধ। ১৯৮৩ চনৰ ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা চৰকাৰৰ বিৰুদ্ধে ভেলুপিল্লাই প্ৰভাকৰন নেতৃত্বাধীন লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম, চমুকৈঃ LTTE (যাক দ্য তামিল টাইগাৰ বুলি জনাজাত)ৰ এখন যুদ্ধ।
-
সমাধি
এটা সমাধি (প্ৰাচীন গ্ৰীক ভাষাৰ τύμβος tumbos, অৰ্থাৎ "টিলা" বা "সমাধিস্থল স্মৃতিসৌধ") হৈছে মৃতকৰ শৰীৰৰ শেষ অৱস্থানৰ ঠাই। ই মাটিৰ ওপৰত বা তলত হ’ব পাৰে আৰু আকৃতি, আকাৰ আৰু সাংস্কৃতিক তাৎপৰ্যৰ ক্ষেত্ৰত বহু পৰিমাণে ভিন্ন হ’ব পাৰে।
-
হাক্হ্মানী সাম্ৰাজ্য
হাক্হ্মানী সাম্ৰাজ্য (/əˈkiːmənɪd/; পুৰণি পাৰ্চিয়ানঃ 𐎧𐏁𐏂, Xšāça, আক্ষৰিকভাৱে. 'সাম্ৰাজ্য’ বা ‘ৰাজ্য'), ইয়াক প্ৰথম পাৰ্চী সাম্ৰাজ্য বুলিও কোৱা হয়, খ্ৰীষ্টপূৰ্ব ৫৫০ চনত মহান চাইৰছে প্ৰতিষ্ঠা কৰা এখন প্ৰাচীন ইৰাণী সাম্ৰাজ্য আছিল।
-
হুমায়ুনৰ সমাধিক্ষেত্ৰ
হুমায়ুনৰ সমাধিক্ষেত্ৰ (हुमायूँ का मक़बरा, Humayun ka Maqbara) হ'ল মোগল সম্ৰাট হুমায়ুনৰ সমাধিক্ষেত্ৰ। ১৫৬২ খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে। এইটোৰ নক্সা প্ৰস্তুত কৰিছিল পাৰ্ছী স্থপতিবিদ মিৰাক মিৰ্জা গিয়াথে।
-
হেংদান
হেংদান হল আহোমসকলৰ পৰম্পৰাগত এবিধ অস্ত্ৰ। আহোম সকলৰ মতে হেং-দান্ অকল যুদ্ধৰ অস্ত্ৰই নহয়, ই বশ্যতা স্বীকাৰ কৰোৱাত, ৰাজকাৰ্য চলোৱাত, কৰ-কাটল আদি আদায় কৰাত দিগ্বিজয় কৰাত সাৰথি হোৱা এবিধ আপুৰুগীয়া আহিলা। হেং-দান্ টাই-আহোম ভাষাৰ শব্দ।
-
২০২৪ চনৰ অসহযোগ আন্দোলন
২০২৪ চনৰ বাংলাদেশ কোটা সংস্কাৰ আন্দোলনৰ পৰিসৰৰ ভিতৰত আৰম্ভ হোৱা বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলন আছিল। এই আন্দোলনৰ একমাত্ৰ দাবী আছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ পদত্যাগ।
-
ৰুছ বিপ্লৱ
ৰুছ বিপ্লৱ আছিল ৰাছিয়াৰ সাম্ৰাজ্যত ১৯১৭ চনত আৰম্ভ হোৱা এখন ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ যুগ। এই সময়ছোৱাত ৰাছিয়াই নিজৰ ৰাজতন্ত্ৰৰ অৱসান ঘটাই সমাজতান্ত্ৰিক চৰকাৰ গ্ৰহণ কৰিছিল, যি দুবাৰ বিপ্লৱ আৰু এটা গৃহযুদ্ধৰ পাছত সংঘটিত হয়।
-
ৱিকিমিডিয়া আন্দোলন
ৱিকিমিডিয়া আন্দোলন ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ বৰঙণি আগবঢ়োৱাসকলৰ বৈশ্বিক সম্প্ৰদায়। এই আন্দোলন আৰম্ভ হ'ল ৱিকিপিডিয়াৰ জৰিয়তে। এতিয়া, প্ৰায় ৭০০০০ স্বেচ্ছাসেৱী থকা ৱিকিপিডিয়া সম্প্ৰদায়ৰ উপৰি আন ৱিকিমিডিয়া প্ৰকল্পলৈ বৰঙণি আগবঢ়োৱাসকলৰ গোটো আছে।
-
অপাৰেচন চাৰ্চলাইট
অপাৰেচন চাৰ্চলাইট মাৰ্চ, ১৯৭১ চনত তৎকালীন পূব পাকিস্তানত বঙালী জাতীয়তাবাদী আন্দোলন দমন কৰিবলৈ পাকিস্তানী সেনাই চলোৱা এক পৰিপল্পিত অভিযান আছিল। পশ্চিম পাকিস্তানত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ আদেশত পৰিচালিত এই অপাৰেচনক নৱেম্বৰ ১৯৭০ চনৰ অপাৰেচন ব্লিট্জৰ অংশ হিচাবে ধৰা হৈছিল।
-
অপাৰেচন মেঘদূত
অপাৰেচন মেঘদূত লাডাখৰ ছিয়াচেন হিমবাহত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা অভিযানৰ সাংকেতিক নাম। ১৯৮৪ চনৰ ১৩ এপ্ৰিলৰ পুৱা সংঘটিত হোৱা এইখন বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ।
-
অশোকৰ অনুশাসন
অশোকৰ অনুশাসন (Edicts of Ashoka) হ'ল মৌৰ্য সম্ৰাট অশোকৰ দ্বাৰা লিখোৱা কেতবোৰ নীতি নিৰ্দেশনামূলক বাণীৰ সমষ্টি। সাম্ৰাজ্যৰ প্ৰান্তৱৰ্তী স্থানসমূহত ডাঙৰ শিলৰ ওপৰত; সাম্ৰাজ্যৰ মধ্যৱৰ্তী প্ৰধান প্ৰধান স্থানসমূহত সৰু শিলাখণ্ডৰ ওপৰত; প্ৰধান প্ৰধান বৌদ্ধ কেন্দ্ৰসমূহত স্তম্ভ প্ৰতিষ্ঠা কৰি স্তম্ভৰ গাত…
-
অসমীয়া যুক্তাক্ষৰ
যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ। সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে- দুটা বৰ্ণ লগলাগি- ক + ক = ক্ক, ক + স = ক্স, ক + ষ = ক্ষ
-
আতাউল্লাহ ৰছিদী
আতাউল্লাহ ৰছিদী বিন আহমদ ম’মাৰ আছিল ১৭ শতিকাৰ এজন স্থপতি আৰু বৰ্তমানৰ ভাৰতৰ মোগল সাম্ৰাজ্যৰ এজন গণিত লেখক। তেওঁ ঔৰংগাবাদৰ বিবি কা মকবৰা আৰু শ্বাহজাহানাবাদৰ কিছুমান অট্টালিকাৰ ডিজাইন কৰিছিল। এজন গণিত লেখক হিচাপে তেওঁ আৰবী ভাষাৰ খুলাছাত আল-হিছাব আৰু সংস্কৃত ভাষাৰ বীজগণিত ফাৰ্চী ভাষালৈ অনুবাদ কৰে।
-
আন্দোলন (সংগীত)
আন্দোলন (হিন্দী: अंदोलन) হৈছে উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত বা হিন্দুস্তানী সংগীতৰ এটি গুৰুত্বপূৰ্ণ অলংকাৰ। ই একপ্ৰকাৰৰ মৃদু দোলন যি এটা স্বৰৰ চাৰিওফালে প্ৰয়োগ কৰা হয়।
-
আব্বাচীয় খিলাফত
আব্বাছীয় খিলাফত (ٱلْخِلَافَة ٱلْعَبَّاسِيَّة, al-Khilāfah al-‘Abbāsiyyah) আছিল ইছলামৰ এটি প্ৰধান খিলাফত যিয়ে ৭৫০ চনত উমাইয়া খিলাফতৰ স্থান লৈছিল। এই খিলাফত ১২৫৮ চনলৈকে মধ্যপ্ৰাচ্যত আধিপত্য বিস্তাৰ কৰিছিল, যদিও তাৰপিছতো কিছু আনুষ্ঠানিক খলিফা মিছৰৰ কায়'ৰত অস্তিত্ব বজাই ৰাখিছিল।
-
আহোম বিবাহ পৰম্পৰা
আহোম বিবাহ পৰম্পৰা (চীনা ভাষা:傣 阿洪 婚姻传统,থাই ভাষা:การแต่งงานแบบดั้งเดิม ไทอาหม, ইংৰাজী ভাষা:Tai Ahom Marriage Tradition) মুখ্য তিনিদিনীয়াকৈ পতা ফুৰালুং ধৰ্ম নিয়মেৰে পালন কৰা আহোমসকলৰ একমাত্ৰ বিবাহ পৰম্পৰা।আহোম বিবাহ পৰম্পৰাৰ ৰীতি-নীতি মতে ৰিক্ খ্বান উৎসৱ বিবাহৰ প্ৰথম দিনা চাওৱান উৎসৱ বিবাহৰ…
-
আহোম মুদ্ৰা
আহোমসকল বৃহত্তৰ টাই জাতিৰ এটা ঠাল। আহোমসকলৰ প্ৰথমজন ৰজা চুকাফা সেইসময়ৰ বৰ্ত্তমানৰ দক্ষিণ-পশ্চিম চীনদেশৰ মৌঙ মাও ৰাজ্যৰ পৰা ১২২৮ খ্ৰীষ্টাব্দত আহিছিল বুলি কোৱা হয়।
-
ইউৰোপীয় জ্ঞানোদয়
ইউৰোপীয় জ্ঞানোদয় (Age of Enlightenment) বা বৌদ্ধিক যুগ (Enlightenment) হৈছে ইউৰোপত ১৭শ শতিকাৰ শেষ ভাগৰ পৰা ১৮শ শতিকালৈ চলি থকা এক বৌদ্ধিক আৰু দাৰ্শনিক আন্দোলন। এই যুগত যুক্তি, বিজ্ঞান, মানৱ অধিকাৰ, ধৰ্মীয় সহিষ্ণুতা আৰু ৰাজনৈতিক স্বাধীনতাৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ বিকাশ ঘটে।
-
ইৰানৰ ইতিহাস
ইৰাণৰ ইতিহাস সাধাৰণতে বৃহত্তৰ ইৰাণৰ ইতিহাস, যাক আগতে পাৰস্য বুলি জনাজাত আছিল। বৃহত্তৰ ইৰাণ পশ্চিমে আনাতোলিয়া, বছফৰাছ আৰু মিচৰ, পূবে প্ৰাচীন ভাৰত আৰু ছাৰ দৰিয়া, উত্তৰত পাৰস্য উপসাগৰ আৰু দক্ষিণে ওমান উপসাগৰলৈকে বিস্তৃত।
-
কলিতা জাতিৰ ইতিহাস
কলিতা সকলৰ প্ৰসঙ্গত কালিৰাম মেধিয়ে এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈ থৈছে। মেধিৰ মতে, Assam is the home of the Kalitas and its civilisation is pre-eminently a Kalita civilisation. ইমানখিনি কৈও কলিতা সকলৰ আদি বাসস্থান সম্পৰ্কে মেধি স্পষ্ট নহয়।
-
কাজলীচকী
কাজলীচকী(𑜀𑜠𑜊𑜡𑜎𑜣,Kajali fort) আহোম ৰাজ্য (মু'ঙ দুন চুন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪)ৰ সুৰক্ষাৰ বাবে স্থাপন কৰা আহোম সেনাছাউনী আছিল যি বৰ্তমান প্ৰত্নতত্ব বিভাগৰ দ্বাৰা এখন সংৰক্ষিত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। এই সেনা চাউনী কলং নৈৰ পশ্চিম মুখত স্থাপন কৰা হৈছিল।
-
কান্নুৰ দুৰ্গ
কান্নুৰ দুৰ্গ বা চেণ্ট এঞ্জেলো দুৰ্গ আৰব সাগৰৰফালে থকা এটা দুৰ্গ, যিটো কেৰেলাৰ কান্নুৰৰপৰা ৩ কিলোমিটাৰ দূৰত অৱস্থিত।
-
কৈশোৰ গৰ্ভাৱস্থা
কৈশোৰ গৰ্ভাৱস্থা বা কিশোৰী বয়সত গৰ্ভধাৰণ (Teenage pregnancy) হৈছে ২০ বছৰৰ তলৰ মহিলাৰ হোৱা গৰ্ভধাৰণ। এগৰাকী কিশোৰীৰ ঋতুমতি হোৱাৰ পিছত যৌন সম্ভোগৰ দ্বাৰা গৰ্ভধাৰণ হয়, কিন্তু ডিম্বস্ফোটন আৰম্ভ হোৱাৰ পিছত এক কিশোৰীৰ প্ৰথম ঋতুস্ৰাৱৰ অলপদিন আগতেও গৰ্ভধাৰণ হ'ব পাৰে।
-
গৃহযুদ্ধ
গৃহযুদ্ধ হৈছে একেখন ৰাজ্য (বা দেশ)ৰ ভিতৰত সংগঠিত গোটৰ মাজত হোৱা যুদ্ধ। এটা পক্ষৰ লক্ষ্য হ’ব পাৰে দেশ বা কোনো অঞ্চলৰ ওপৰত নিয়ন্ত্ৰণ লোৱা, কোনো অঞ্চলৰ বাবে স্বাধীনতা লাভ কৰা, বা চৰকাৰী নীতি সলনি কৰা।
-
গোহাঁই কমল আলি
গোহাঁই কমল আলি (Gohain Kamal Ali) কোচ ৰাজ্যৰ ৰাজধানী কোচ বিহাৰ আৰু অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা পথ। কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ তত্ত্বাৱধানত এই আলি নিৰ্মাণ কৰা হৈছিল। ১৫৪৭ চনত গোহাঁই কমল আলি সম্পূৰ্ণ হয়।
-
চাওদাং
চাওডাং(𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,Tsāo-Dāng) হৈছে টাই-আহোম সকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণা বেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল। বৰ কাকত মহুং পুথি অনুসৰী চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাওৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল। এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল।
-
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ (Scheduled Tribe status to six ethnic groups) অসমৰ ছয়টা জনগোষ্ঠী (টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু অসমৰ চাহ জনগোষ্ঠীৰ) জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে দীৰ্ঘদিন ধৰি চলা এটা প্ৰক্ৰিয়া।এই প্ৰক্ৰিয়া অসম বিধান সভাত প্ৰস্তাৱিত হৈছে আৰু উপত্যকাৰ জনজাতি নামৰ এটা…