অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

চকৰি ফেঁটী বুৰঞ্জী

চকৰি ফেঁটী বুৰঞ্জী (Chakari Feti Burjanji) হৈছে আহোম ৰাজত্বৰ সময়ছোৱাত ৰচিত এখন বুৰঞ্জী। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এইখন বুৰঞ্জী ৰচনা কৰিছিল। চকৰী ফেঁটীয়ে আক্ৰমণ কৰোঁতে কেতিয়াও পিছ নোহোঁহকে বা ভয় নকৰে।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২২ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চকৰি ফেঁটী বুৰঞ্জী (Chakari Feti Burjanji) হৈছে টাই-আহোম জনগোষ্ঠী ৰাজত্বৰ সময়ছোৱাত ৰচিত এখন বুৰঞ্জী। স্বৰ্গদেউ চুৰেম্‌ফাৰ দিনত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে এইখন বুৰঞ্জী ৰচনা কৰিছিল। চকৰী ফেঁটীয়ে আক্ৰমণ কৰোঁতে কেতিয়াও পিছ নোহোঁহকে বা ভয় নকৰে। ঠিক সেইদৰে এইখন বুৰঞ্জীয়েও সঁচা কথা লিখিবলৈ পিছ হোঁহকা নাছিল। বুৰঞ্জীখনৰ নামটো এনে এটা ৰূপকৰ ওপৰত আধাৰিত বুলি কোৱা হয়।১

সংক্ষিপ্ত বৰ্ণনা

চকৰি ফেঁটী বুৰঞ্জীয়ে চ্যু-পাত-ফাৰ দিনৰ পৰা চুৰেম্‌ফাৰ দিনৰ ৰাজত্বলৈকে সামৰি লয়। অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক ড॰ লীলা গগৈয়ে এইখন বুৰঞ্জীৰ বিষয়ে শিৱসাগৰত বুৰঞ্জী চৰ্চা শীৰ্ষক প্ৰবন্ধ এটাত উল্লেখ কৰি গৈছে। প্ৰবন্ধটোৰ মতে- “বুৰঞ্জীখন গতানুগতিক ৰজাঘৰীয়া কাৰ্যকলাপৰ বিতং বিৱৰণ নহয়, অথবা যুদ্ধ-বিগ্ৰহৰ বিৱৰণো নহয়। বুৰঞ্জীখন আহোমসকলৰ খেল-মেল, ফৈদ আদিৰ বুৰঞ্জীৰ উপৰি নতুনকৈ আহোম সম্প্ৰদায়ভুক্ত কৰি উচ্চ মান-মৰ্যাদা আৰু বিষয়বাব পোৱাৰ ইতিহাসো ইয়াত সংৰক্ষিত হৈছে।”১ উল্লেখযোগ্য যে, এই বুৰঞ্জীতে সেইসময়ৰ ক্ষমতাশালী ৰাজবিষয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱা 'জলম বটা' আখ্যা দিয়া হৈছিল। অৰ্থাৎ, তেওঁক প্ৰকৃত আহোম নহয় বুলি কোৱা হৈছিল। এই কথাত অপমানবোধ কৰি বৰবৰুৱাই য'তে যিমান বুৰঞ্জী পালে সকলো জ্বলাই পেলালে। অসম বুৰঞ্জীত ইয়াকে বুৰঞ্জী দাহ বুলি জনা যায়। এনেদৰে জ্বলাই দিওঁতে অনেক সমল চিৰদিনৰ বাবে হেৰাই গ'ল।১

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৬৯. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চকৰি ফেঁটী বুৰঞ্জী” প্ৰবন্ধৰ সংশোধন ৩৩৩১৭৫ (১৫ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।