মানৱ আচৰণ
৭ প্ৰবন্ধ
-
আচৰণ
আচৰণ বা আচাৰ বা ব্যৱহাৰ (Behaviour) হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ্ধিমত্তাচালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয়।
-
আৱেগ
আৱেগ (Emotion) হৈছে বিভিন্ন ধৰণৰ চিন্তা, অনুভূতি, আচৰণৰ সঁহাৰি, আৰু কিছু পৰিমাণে আনন্দ বা অসন্তুষ্টিৰ সৈতে জড়িত, স্নায়ুশাৰীৰিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰৰ মানসিক অৱস্থা বা স্থিতি। বৰ্তমান ইয়াৰ কোনো বৈজ্ঞানিক ঐকমত্য সংজ্ঞা নাই।
-
চিন্তা
চিন্তা (Thought ) আৰু বিচাৰ শব্দ দুটাই অতি সাধাৰণ অৰ্থত সংবেদনশীল উদ্দীপনাৰ পৰা স্বাধীনভাৱে হ’ব পৰা জ্ঞানমূলক প্ৰক্ৰিয়াক বুজায়। ইহঁতৰ আটাইতকৈ পেৰাডাইমেটিক ৰূপসমূহ হ’ল বিচাৰ, যুক্তি, ধাৰণা গঠন, সমস্যা সমাধান, আৰু বিবেচনা।
-
জোহাটছু
জোহাটছু (Jōhatsu, 蒸発) হ'ল জাপানৰ এক সামাজিক পৰিঘটনা, য’ত কিছুমান মানুহে হঠাতে নিজৰ পৰিচয় সম্পূৰ্ণৰূপে ত্যাগ কৰি বেলেগ পৰিচয়েৰে নতুন জীৱন আৰম্ভ কৰে। এই লোকসকলে নিজৰ পুৰণি জীৱনৰ সৈতে সম্পৰ্কিত কোনো লেখ-জোখ বা তথ্য এৰি নাযায়।
-
দয়া (গুণ)
দয়া সংস্কৃত ভাষাৰপৰা আহৰিত এটা শব্দ, যাক সাধাৰণতে “সহানুভূতি’’ বা “কৰুণা’’ বুলি অৰ্থ কৰা হয়। ই মূল ধাতু “দা’’ৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "উপহাৰ" আৰু ই হিন্দু আৰু শিখ ধৰ্মৰ এনে এটা ধাৰণাক বুজায়, যাৰ দ্বাৰা আনৰ দুখ-কষ্টৰ প্ৰতি সহানুভূতি অনুভৱ কৰা হয়।
-
ভণ্ডামি
ভণ্ডামি (Hypocrisy) হ'ল নিজে যি নহয় তাৰ অভিনয় কৰা বা যি নহয় সেইটো বিশ্বাস কৰা। ১২০০ চনৰ আশে-পাশে ইংৰাজী ভাষাত "ভণ্ডামি" শব্দটো প্ৰৱেশ কৰে, যাৰ অৰ্থ আছিল "গুণসম্পন্ন বা মঙ্গলজনকৰ অভিনয় কৰা পাপ"(the sin of pretending to virtue or goodness)।
-
সমত্ব
সমত্ব বা সমতা হৈছে হিন্দু ধৰ্মত সমতাৰ ধাৰণা। ইয়াৰ মূল সম (সমা) অৰ্থাৎ – সমান বা সম। সাম্য - অৰ্থাৎ সকলো মানুহৰ প্ৰতি সমান বিবেচনা - শব্দটোৰ আন এটা ৰূপ।