টাই-আহোম
৭ প্ৰবন্ধ
-
টাই-আহোম জনগোষ্ঠী
টাই-আহোম জনগোষ্ঠী হৈছে অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ টাই জাতিগত গোট। ঐতিহাসিকভাৱে তেওঁলোকৰ আগমন, ৰাজ্য-গঠন, লিপি-ভাষা আৰু পূৰ্বপুৰুষ-পূজাভিত্তিক ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰা অসম ইতিহাসৰ এটা মুখ্য অধ্যায়।
-
টাই ভাষা
টাই ভাষা (𑜁𑜪𑜨 𑜄𑜩Tai languages) বা ঝুৱাং-টাই ভাষা (Zhuang–Tai languages) হল এটা ভাষাৰ সমুহ। ইয়াত অসমৰ আহোম ভাষা, অৰুণাচলৰ খামতি ভাষা, চীনৰ গুৱাংচিৰ জাতীয় ভাষা দাই ভাষা,থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ভাষা থাই ভাষা, লাওছৰ ৰাষ্ট্ৰীয় ভাষা লাও ভাষা আৰু মান দেশৰ শান ভাষা অন্তৰ্ভুক্ত কৰা হৈছে।
-
মু'ঙ মাও
মু'ঙ মাও (Möng Mao; টাই-নোৱা: ᥛᥫᥒᥰ ᥛᥣᥝᥰ; চীনা: 勐卯;ছান: မိူင်းမၢဝ်း;মান ভাষা: မိုင်းမော; ) এখন জনগোষ্ঠীয় টাই ৰাষ্ট্ৰ আছিল যিয়ে কেইবাখনো সৰু টাই ৰাজ্য বা মুখীয়াল পদ নিয়ন্ত্ৰণ কৰিছিল, যি বৰ্তমানৰ ম্যানমাৰ, চীন, অসমত পৰে।
-
কাজলীচকী
কাজলীচকী(𑜀𑜠𑜊𑜡𑜎𑜣,Kajali fort) আহোম ৰাজ্য (মু'ঙ দুন চুন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪)ৰ সুৰক্ষাৰ বাবে স্থাপন কৰা আহোম সেনাছাউনী আছিল যি বৰ্তমান প্ৰত্নতত্ব বিভাগৰ দ্বাৰা এখন সংৰক্ষিত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। এই সেনা চাউনী কলং নৈৰ পশ্চিম মুখত স্থাপন কৰা হৈছিল।
-
চাওদাং
চাওডাং(𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,Tsāo-Dāng) হৈছে টাই-আহোম সকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণা বেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল। বৰ কাকত মহুং পুথি অনুসৰী চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাওৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল। এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল।
-
প'ঙ দেশ
প'ঙ দেশ (Kingdom of Pong) ম্যানমাৰ আৰু অসম অন্তৰ্গত হোৱা এখন টাই ৰাষ্ট্ৰ আছিল যি বহুতো সৰু সৰু টাই ৰাজ্য মিলি গঠিত হৈছিল। এই দেশৰ উত্তৰৰ পৰ্বতমালাই বৰ্তমানৰ অসম-ম্যানমাৰৰ সীমা, দক্ষিণে খাম্বাত আছিল যি য়ুনানৰ সীমা চুইছিল আৰু পশ্চিমে চীন পাহাৰ আছিল।এই দেশৰ ৰাজধানী মু'ঙ কাওং আছিল।
-
ফা-চিন
ফা-চিন (𑜏𑜢𑜃𑜫, লাও: ສິ້ນ; থাই: ซิ่น, ผ้าซิ่น; টাই নুৱা: ᥔᥤᥢᥲ) বা আহোম মেখেলা হৈছে হাতেৰে নিৰ্মিত পৰম্পৰাগত টাই জাতিৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা মেখেলা।