টাই আহোম
১১ প্ৰবন্ধ
-
চাওফা
চাওফা (𑜋𑜰𑜫;𑜇า.Tsāo phâa; চীনা:召法;ছান:ၸဝ်ႈၾႃႉ,অৰ্থ: স্বৰ্গদেউ, স্বৰ্গৰ ৰজা) হ'ল আহোম ৰাজ্য, শান ৰাজ্য, দাঈ ৰাজ্য, থাই ৰাজ্য আৰু খামটিসকলৰ টাইবংশানুক্ৰমিক টাইশাসকসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি। কেৱল টাই বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক স্বৰ্গদেউ বুলিও কোৱা হয়।
-
ফুৰালুং ধৰ্ম
আম-ছু-ছিন ফ্ৰালুং বা চমুকৈ ফ্ৰালুং ধৰ্ম (𑜒𑜪 𑜏𑜥 𑜏𑜢𑜃𑜫 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫; অৰ্থ: মহান ড্ৰেগনৰ ধৰ্ম) আহোম সকলৰ পৰম্পৰাগত ধৰ্ম যি প্ৰাচীন পূব এছীয় ধৰ্মৰ এটা ঠাল। আহোম সকলে ১২২৮ ত চাওলুং চুকাফাৰ লগত অসমলৈ আহোঁতে লগত তিনি শ্ৰেণীৰ পণ্ডিত,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল।
-
ঙি ঙাও খাম
ঙি ঙাও খাম (𑜂𑜣 𑜂𑜰 𑜫 𑜁𑜪,Ngingaokham) বা ফুৰা-লু'ঙ (𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫) চীনা ড্ৰেগনৰ এটা প্ৰজাতি যি টাই আহোমসকলৰ মাজত প্ৰচলিত এক কিংবদন্তিমূলক জীৱ তথা এক পৰম্পৰাগত প্ৰতীক।পূৰ্বতে আহোম সকলে ড্ৰেগন নৃত্য আৰু ড্ৰেগন নাও খেলো অনুষ্ঠিত কৰিছিল। এই সংস্কৃতিসমুহ চীনত আৰম্ভনি হৈছিল।
-
মে ডাম মে ফি
মে ডাম মে ফি ( 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 Máe Dām Máe Phi) হ’ল টাই-আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে। কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে।
-
ৰিক খ্বন
ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়।
-
চকলং
চক-লং (𑜋𑜨𑜀𑜫 𑜎𑜨𑜂𑜫) হ'ল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাই লিট নাঙ হুন ফাত উল্লিখিত নিয়ম অনুসৰি পালন কৰা বৈবাহিক অনুষ্ঠান যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান।
-
সাতঘৰীয়া আহোম
সাতঘৰীয়া আহোম হৈছে আহোমসকলৰ সাতটা ফৈদ (ঘৰ) বা সামাজিক ভাগ। তৃতীয়জন আহোম স্বৰ্গদেৱ চুবিণ্ফাৰ ৰাজত্বকালত আহোমসকলৰ মাজত আনুষ্ঠানিকভাৱে শাসক আৰু শাসিত শ্ৰেণীৰ সৃষ্টি হৈছিল। সাতঘৰীয়া আহোম পৰিয়ালকেইটা শাসক শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাকী লোকসকল শাসিত শ্ৰেণীত সোমাই পৰিছিল।
-
উম-ফা
ক্ষেক উম-ফা হৈছে আহোম সকলে পালন কৰা এক প্ৰকাৰৰ উৎসৱ। উৎসৱ ৰ প্ৰধান উপাস্য দেৱতা হ'ল ফা ন্যুৰু লেংদন। এই লেংদন স্বৰ্গদেৱে চীনৰ ম্যু-ফী ৰাজ্যৰ পৰা খুন্লুং আৰু খুন্লাইক ম্যুৰি-মুংৰামলৈ পঠাওঁতে যি উৎসৱ পালন কৰা হৈছিল সিয়েই কালক্ৰমত ওম্ফা উৎসৱ ৰ ৰূপ গ্ৰহণ কৰা বুলি বিশ্বাস কৰা হয়।
-
লাও (পানীয়)
লাও (𑜎𑜰𑜫,চীনা ভাষা:酪,থাই ভাষা:เหล้า) হল মূলতঃ টাইসকলৰ পৰম্পৰাগত পানীয় যাক অসম, চীন, ছান, থাইলেণ্ড আৰু লাওচৰ টাই সকলে প্ৰস্তুত আৰু গ্ৰহণ কৰে। অসম আৰু উত্তৰ পূৰ্ব্বাঞ্চলত লাওৰ প্ৰয়োগ যথেষ্ট হয়। বিশেষকৈ অসমৰ টাই আহোম সকলৰ মাজত ইয়াৰ প্ৰয়োগ যথেষ্ট।
-
খ্যেক ফুৰালুং
ফুৰালুং বা খ্যেক ফুৰালুং বা খ্যেক ফ্ৰালুং (𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫,অৰ্থ:মহান ড্ৰেগনৰ আৰাধনা) হৈছে টাই-আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ফুৰালুং ধৰ্মৰ এক অনুষ্ঠান যত সৃষ্টিকৰ্তা ড্ৰেগন ফুৰালুংৰ আৰাধনা কৰা হয়।সাধাৰণতে মে-দাম-মে-ফিৰ আগদিনা সন্ধ্যা এই অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ১০১ গছ চাকি জ্বলাই বন্দনা কৰা হয়।
-
শিঙৰীঘৰত উঠা
শিঙৰীঘৰত উঠা আহোম ৰজাসকলৰ ৰাজ্যাভিষেক অনুষ্ঠান। আহোম ৰজাসকলৰ ৰাজ অভিষেক উৎসৱ এক বিশেষ পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। আহোম ৰজাসকলে অভিষেকৰ সময়ত মূলতঃ আহোম টাই পৰম্পৰা মানিছিল, হিন্দু নিয়মেৰে হিন্দু নাম উপধি পিছলৈ গ্ৰহণ কৰিছিল যদিও সেয়া আছিল টাই নামৰ অনুবাদ মাত্ৰ।