ডুবি তাম্ৰলিপি আৰু ছীল সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি কৰা তামৰ ফলিত খোদিত তাম্ৰলিপি বা তাম্ৰশাসন আৰু ছীল। উদ্ধাৰিত ছয়খন তামৰ ফলিসমূহ ভূমিৰ অনুদান সংক্ৰান্তিয়। কামৰূপ ৰাজ্যৰ ৰজাসকলে জাৰী কৰা এতিয়ালৈকে আৱিষ্কৃত সকলো তামৰ ফলিত খোদিত ভূমি অনুদানৰ ভিতৰত এয়া আটাইতকৈ পুৰণি।১ বৰ্মণ ৰাজবংশৰ ৰজা ভূতি বৰ্মায়ে জাৰী কৰা পূৰ্বৰ অনুদানৰ ফলি ধ্বংস হোৱাৰ পিছত ৰজা ভাস্কৰ বৰ্মণে ডুবিৰ তাম্ৰশাসন সমূহ পুনৰবাৰ জাৰী কৰিছিল।২ মুঠতে ছয়খন ফলি উদ্ধাৰ হৈছিল যদিও এখন ফলি ধ্বংস হোৱাৰ বাবে এই সংগ্ৰহত থকা আন পাঁচটা তামৰ ফলিৰহে পাঠ পোৱা যায়। এই ফলিসমূহত সংস্কৃত ভাষাত মুঠ ৭৬টা শ্লোক আছে। তাম্ৰলিপিত ব্যৱহাৰ কৰা লিপি ষষ্ঠ আৰু সপ্তম শতিকাত প্ৰচলিত উত্তৰ ভাৰতীয় বৰ্ণমালাৰ পূব প্ৰকাৰত লিখা হৈছে।৩
আৱিষ্কাৰ
ভূমি অনুদান সম্পৰ্কীয় এই ছয়খন তামৰ ফলি প্ৰথমে ১৯৫০ চনত অসমৰ অবিভক্ত কামৰূপ জিলাৰ (বৰ্তমান বজালী জিলা) পাঠশালা ৰেল ষ্টেচনৰ পৰা প্ৰায় তিনি মাইল দূৰত ডুবি গাঁৱৰ এটা শিৱ মন্দিৰৰ ওচৰত খনন কৰাৰ সময়ত আৱিষ্কাৰ কৰা হৈছিল।৪ কিন্তু ষষ্ঠ ফলিখন আৱিষ্কাৰৰ পিছতে পুনৰুদ্ধাৰ কৰিব নোৱাৰাকৈ ধ্বংস হৈছিল। এই তামৰ ফলি সমূহ বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয় সংৰক্ষিত অৱস্থাত আছে।৫
ডুবি তাম্ৰলিপি অনুসৰি বৰ্মণ ৰাজবংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মাৰ পূৰ্বপুৰুষ মহাভাৰত যুগৰ নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্ত আছিল। এই ডুবি তাম্ৰলিপি বাংলাদেশৰ ছিলেটত আৱিষ্কাৰ হোৱা নিধানপুৰ তাম্ৰলিপিৰ৬ আগতে অৰ্থাৎ ভাস্কৰবৰ্মনৰ ৰাজত্বকালৰ আগ অংশত জাৰী কৰা হৈছিল। ৭
ছীল
ছয়খন তামৰ ফলি একেলগে এটা আঙুঠি আৰু ব্ৰঞ্জৰ ছীল বা মোহৰৰ সৈতে একেলগে ধৰি ৰখা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। উদ্ধাৰিত মোহৰটো ডিম্বাকৃতিৰ। ইয়াৰ ওপৰৰ ফালে সন্মুখৰ পৰা হাতীৰ এটা চিত্ৰ অংকিত আৰু এয়া সকলো কামৰূপ মোহৰৰ এক সাধাৰণ বৈশিষ্ট্য।৮ মোহৰৰ তলৰ দুই-তৃতীয়াংশত সংস্কৃত পাঠৰ এঘাৰটা শাৰী আছে। ইয়াৰ পাঠ হাতীৰ চিত্ৰৰ পৰা এটা ৰেখাৰে পৃথক কৰা হৈছে। ইয়াত পোৱা পাঠটোৱে প্ৰাগজ্যোতিষপুৰৰ৯ প্ৰভু মহাৰাজ শ্ৰী পুষ্য বৰ্মাৰ পৰা কুমাৰ ভাস্কৰ বৰ্মালৈ ৰজাসকলৰ নাম খোদিত কৰা হৈছে। ইয়াত উল্লিখিত কিছুমান নাম ৰজাৰ নামৰ সমাৰ্থক শব্দৰ দ্বাৰা প্ৰতিষ্ঠাপিত হৈছে। ১০
গ্ৰন্থৰাজি
- Lahiri, Nayanjot. (1991). Pre-Ahom Assam: Studies in the Inscriptions of Assam between the Fifth and the Thirteenth Centuries AD. Munshiram Manoharlal Publishers Pvt Ltd
- শৰ্মা, মুকুন্দ মাধৱ. (১৯৭৮). Inscriptions of Ancient Assam. গুৱাহাটী বিশ্ববিদ্যালয়
তথ্যসূত্ৰ
- ↑ Sharma 1978, পৃ. 28
- ↑ Sharma 1978, পৃ. 29
- ↑ Sharma 1978, পৃ. 10
- ↑ Lahiri 1991, পৃ. 26
- ↑ Sharma 1978, পৃ. 10
- ↑ Sharma 1978, পৃ. 10
- ↑ Sharma 1978, পৃ. 29
- ↑ Sharma 1978, পৃ. 34: "The figure of an elephant is invariably present in all the available seals attached to the CP grants of the Kamarupa kings."
- ↑ Sharma 1978, পৃ. 33
- ↑ Sharma 1978, পৃ. 34
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডুবি তাম্ৰলিপি আৰু ছীল” প্ৰবন্ধৰ সংশোধন ৪২১৯৪৮ (৩০ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।