সিন্ধু সভ্যতা
৮ প্ৰবন্ধ
-
সিন্ধু সভ্যতা
সিন্ধু সভ্যতা (Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা।
-
মহেঞ্জোদাৰো
মহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা। ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড সিন্ধু সভ্যতাৰ এক বৃহত্তম ক্ষেত্ৰ আৰু প্ৰাচীন ইজিপ্ট, মেচ'পটেমিয়া আদি সভ্যতাৰ সমসাময়িক বিশ্বৰ প্ৰধানতম প্ৰাচীন নগৰসমূহৰ অন্যতম।
-
হৰপ্পা
হৰপ্পা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ আৰু ই চাহিৱালৰ পৰা প্ৰায় ২৪ কি:মি: (১৫ মাইল) পশ্চিমত অৱস্থিত। উত্তৰ দিশত প্ৰায় ৮ কি:মি: দূৰেৰে বৈ যোৱা ৰবি নদীৰ কাষৰীয়া আধুনিক যুগৰ গাঁও এখনৰ পৰা ক্ষেত্ৰখনৰ নামটো লোৱা হৈছে। বৰ্তমানৰ এই গাঁওখন ঐতিহাসিক হৰপ্পাৰ পৰা ১ কি:মি: দূৰত্বত অৱস্থিত।
-
লোথাল
লোথাল সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা প্ৰাচীন সিন্ধু সভ্যতাৰ অন্তৰ্গত এখন নগৰ আৰু প্ৰায় ৩৭০০ খ্ৰীষ্টপূৰ্বতেই মানুহৰ প্ৰথম বসতি আৰম্ভ হোৱা এই নগৰখন বৰ্তমানৰ গুজৰাটৰ ভাল অঞ্চলত অৱস্থিত।
-
ধোলাভীড়া
ধোলাভীড়া (ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।
-
মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী
নৃত্যৰতা যুৱতী (Dancing Girl of Mohenjo-daro) হৈছে সিন্ধু সভ্যতাৰ এক অন্যতম থলী মহেঞ্জোদাৰোত আৱিষ্কৃত প্ৰায় ২৫০০ খ্ৰী:পূ:ৰ এক ব্ৰঞ্জৰ মূৰ্ত্তি।
-
মেহৰগড়
মেহৰগড় ( Mehrgarh) পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্ছি সমভূমিত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ (৭০০০-২৫০০/২০০০ খ্ৰীষ্টপূৰ্ব) এক আবাসিক ক্ষেত্ৰ। সিন্ধু নদীৰ উপত্যকা অঞ্চলৰ পশ্চিম অংশ আৰু বৰ্তমানৰ পাকিস্তানৰ ব’লান পাছৰ কাষতেই মেহৰগড় অৱস্থিত।
-
ৰাখীগড়ী
ৰাখীগড়ী বা ৰাখী গড়ী হৈছে হান্সী জিলাৰ এখন গাঁও আৰু প্ৰত্নতাত্ত্বিক স্থান। ই উত্তৰ ভাৰতৰ হাৰিয়ানা ৰাজ্যত অৱস্থিত। এই স্থান দিল্লীৰপৰা প্ৰায় ১৫০ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত। ই ঘগ্গৰ নদীৰ সমভূমিত অৱস্থিত আৰু ঋতুভিত্তিক ঘগ্গৰ নদীৰপৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত।