শালস্তম্ভ ৰাজবংশ
৮ প্ৰবন্ধ
-
শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল।
-
শালস্তম্ভ
শালস্তম্ভ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ প্ৰথম জন ৰজা৷ তেওঁৰ ৰাজত্বকাল ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৭৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷ কামৰূপত ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত ম্লেছসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু তেওঁলোকৰ দলপতি শালস্তম্ভই ৰাজসিংহাসন দখল কৰে৷
-
হৰ্জৰবৰ্মন
হৰ্জৰবৰ্মন অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ পঞ্চম জন ৰজা৷ তেওঁৰ পিতৃ প্ৰালম্ভ আৰু মাতৃ জীৱদা বা জীয়দা৷ তেওঁ ৮২০ খ্ৰীষ্টাব্দৰ পৰা ৮৩৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷
-
হৰ্ষদেৱ
হৰ্ষদেৱ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ তৃতীয় জন ৰজা৷ তেওঁ ৭২৫ খ্ৰীষ্টাব্দৰ পৰা ৭৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷
-
বনমাল
বনমাল অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ সপ্তম জন ৰজা৷ তেওঁৰ পিতৃ হৰ্জৰবৰ্মনৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে ৰাজ্যশাসনৰ ভাৰ লয়৷ তেওঁ ৮৩৫ খ্ৰীষ্টাব্দৰ পৰা অনুমানিক ৮৬০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷
-
বল বৰ্মন
বল বৰ্মন আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ চতুৰ্থজন ৰজা। বলবৰ্মন হৰ্ষদেৱৰ পুত্ৰ।
-
বলবৰ্মন (তৃতীয়)
বলবৰ্মন (তৃতীয়) আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ এজন ৰজা৷ পিতৃ জয়মালৰ মৃত্যুৰ পিছত তেওঁ সিংহাসন লাভ কৰে৷ তেওঁৰ ৰাজত্বকাল ৮৮০ খ্ৰীষ্টাব্দৰ পৰা ৯০৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷
-
বিগ্ৰহ স্তম্ভ
বিগ্ৰহ স্তম্ভ আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ দ্বিতীয় জন ৰজা৷ পিতৃ শালস্তম্ভ ৰজাৰ মৃত্যুৰ পিছত তেওঁ আৰু উত্তৰাধিকাৰী কুমাৰসকলে ৬৭৫ খ্ৰীষ্টাব্দৰ পৰা ৭২৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল বুলি জনা যায়৷