সামৰিক অভিযান
৮ প্ৰবন্ধ
-
কাৰ্গিল যুদ্ধ
কাৰ্গিল যুদ্ধ ( Kargil War) হৈছে ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LoC)ৰ অন্যান্য ঠাইত সংঘটিত হোৱা এক সশস্ত্ৰ যুদ্ধ বা সংঘাত। ভাৰতত এই সংঘাতক ‘অপাৰেচন বিজয়’ বুলিও কোৱা হয়।
-
অপাৰেচন অল ক্লিয়াৰ
অপাৰেচন অল ক্লিয়াৰ হৈছে ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ভূটানৰ দক্ষিণ অংশত থিতাপি লৈ থকা অসমৰ বিচ্ছিন্নতাবাদী সংগঠনৰ ঘাটি উচ্ছেদ কৰিবলৈ ২০০৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০০৪ চনৰ ৩ জানুৱাৰীলৈ চলোৱা এক সামৰিক অভিযান। ৰয়েল ভূটান আৰ্মীয়ে চলোৱা এইটো আছিল প্ৰথম অভিযান।
-
অপাৰেচন চাৰ্চলাইট
অপাৰেচন চাৰ্চলাইট মাৰ্চ, ১৯৭১ চনত তৎকালীন পূব পাকিস্তানত বঙালী জাতীয়তাবাদী আন্দোলন দমন কৰিবলৈ পাকিস্তানী সেনাই চলোৱা এক পৰিপল্পিত অভিযান আছিল। পশ্চিম পাকিস্তানত অৱস্থিত কেন্দ্ৰীয় চৰকাৰৰ আদেশত পৰিচালিত এই অপাৰেচনক নৱেম্বৰ ১৯৭০ চনৰ অপাৰেচন ব্লিট্জৰ অংশ হিচাবে ধৰা হৈছিল।
-
অপাৰেচন বজৰং
অপাৰেচন বজৰং হৈছে ১৯৯০ চনৰ ২৮ নৱেম্বৰত ভাৰতীয় সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে চলোৱা এটা অভিযান। লক্ষীপথাৰৰ লাংকাচি আৰু দিমৰুহোলা গাঁৱত সেনাৰ এই অভিযান চলিছিল। সেই সময়ত অসমত অসম গণ পৰিষদৰ চৰকাৰ চলি আছিল। যদিও অপাৰেচনৰ আগে আগে চৰকাৰখন ভাঙি দি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্ত্তন কৰা হৈছিল।
-
অপাৰেচন মেঘদূত
অপাৰেচন মেঘদূত লাডাখৰ ছিয়াচেন হিমবাহত সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে চলোৱা অভিযানৰ সাংকেতিক নাম। ১৯৮৪ চনৰ ১৩ এপ্ৰিলৰ পুৱা সংঘটিত হোৱা এইখন বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ।
-
অপাৰেচন ৰাজীৱ
অপাৰেচন ৰাজীৱ (Operation Rajiv) ভাৰতীয় সেনাৰ অভিযানৰ কোডনেম আছিল, যাৰ উদ্দেশ্য আছিল ১৯৮৭ চনৰ জুন মাহত চিয়াচেন হিমবাহৰ প্ৰকৃত গ্ৰাউণ্ড পজিচন লাইন (এ.জি.পি.এল)ৰ সৈতে হিমবাহটোৰ এটা উচ্চ বিন্দু দখল কৰা। এই অভিযানৰ আগতে, অঞ্চলটো পাকিস্তানী বাহিনীৰ নিয়ন্ত্ৰণত আছিল, যিয়ে শীৰ্ষত এটা পোষ্ট স্থাপন কৰিছিল।
-
ভাৰতৰ সেনা অভিযানৰ তালিকা
ভাৰতৰ সেনা অভিযানৰ তালিকাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ভাৰতীয় স্থলসেনা, ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌসেনাক সামৰি লোৱা ভাৰত গণৰাজ্যৰ সামগ্ৰিক একত্ৰিত সামৰিক বাহিনীৰ বিভিন্ন কাৰ্যকলাপ তালিকাভূক্ত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সশস্ত্ৰ বাহিনীৰ প্ৰধান সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
লুচাই অভিযান
লুচাই অভিযান (Lushai Expedition) ১৮৭১-৭২ চনত ব্ৰিটিছ ভাৰতীয় সেনাই কৰা এক আক্ৰমণমূলক অভিযান। জেনেৰেল ব্ৰন্ল' আৰু বুৰ্চিয়াৰে ইয়াৰ নেতৃত্ব লৈছিল। ইয়াৰ উদ্দেশ্য আছিল লুচাইসকলে অসমত আক্ৰমণ চলাই অপহৰণ কৰা ব্ৰিটিছ লোকসকলৰ উদ্ধাৰ। অপহৃত লোকৰ মাজত মেৰী ৱিন্চেষ্টাৰ নামৰ এক ছয়বছৰীয়া ছোৱালীও আছিল।