প্ৰাচীন বিশ্ব
১৭ প্ৰবন্ধ
-
সিন্ধু সভ্যতা
সিন্ধু সভ্যতা (Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা।
-
আলেকজেণ্ডাৰ
মাকেদ’নিয়াৰ ৩য় আলেক্সান্দ্ৰ’ছ (Ἀλέξανδρος,; Alexander,; ২০/২১ জুলাই ৩৫৬ খ্ৰী.পূ. – ১০/১১ জুন ৩২৩ খ্ৰী.পূ.), যিজনক বেছিকৈ মহান আলেক্সান্দ্ৰ’ছ নামেৰে জনা যায়, আছিল ইতিহাসৰ আটাইতকৈ বিখ্যাত বীৰসকলৰ ভিতৰত অন্যতম। প্ৰাচীন গ্ৰীক ৰাজ্য মেচিডনৰ ৰজা। পিতাকৰ নাম ফিলিপ।
-
ৰোমান সাম্ৰাজ্য
ৰোমান সাম্ৰাজ্য (Imperium Rōmānum, পৌৰাণিক আৰু মধ্যযুগীয় গ্ৰীক ভাষা: Βασιλεία τῶν Ῥωμαίων Basileia tōn Rhōmaiōn) হৈছে ৰোমান স্বৰাজোত্তৰ কালৰ সভ্যতা। ৰোমান সাম্ৰাজ্যখন এজন সম্ৰাটৰ নেতৃত্বত থকা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ শাসনাধীন অঞ্চলসমূহ মেডিটেৰেনিয়ান সাগৰৰ চাৰিওফালে ইউৰোপ,…
-
ব্ৰঞ্জ যুগ
ব্ৰঞ্জ যুগ হৈছে মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু চিহ্ন লিপিৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য।
-
মহেঞ্জোদাৰো
মহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা। ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড সিন্ধু সভ্যতাৰ এক বৃহত্তম ক্ষেত্ৰ আৰু প্ৰাচীন ইজিপ্ট, মেচ'পটেমিয়া আদি সভ্যতাৰ সমসাময়িক বিশ্বৰ প্ৰধানতম প্ৰাচীন নগৰসমূহৰ অন্যতম।
-
হান ৰাজবংশ
হান ৰাজবংশ হৈছে কিন (Qin) ৰাজবংশৰ (খ্ৰী:পূ: ২২১-২০৭) পিছতে চীনৰ দ্বিতীয়টো ৰাজবংশ। এই ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল বিদ্ৰোহী নেতা লিউ বাং। মৃত্যুৰ পিছত তেওঁ হান সম্ৰাট গাউজু হিচাপে পৰিচয় লাভ কৰে। মাজতে কিছু বছৰ জিন (Xin) ৰাজবংশৰ (৯-২৩ চন) আধিপত্য চলিছিল যদিও হান ৰাজবংশই পুনৰ ক্ষমতা দখল কৰে।
-
নৱপ্ৰস্তৰ যুগ
নৱপ্ৰস্তৰ যুগ বা নব্য প্ৰস্তৰ যুগ (Neolithic) হৈছে প্ৰস্তৰ যুগৰ শেষৰছোৱা কাল। এই কালছোৱা আজিৰ পৰা প্ৰায় ১২,০০০ বছৰ পূৰ্বেই আৰম্ভ হৈছিল। নৱপ্ৰস্তৰ যুগতেই মানুহে সমীপৱৰ্তী প্ৰাচ্যত কৃষিকাৰ্য কৰিবলৈ শিকিছিল আৰু এয়া পিছলৈ ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল।
-
প্ৰস্তৰ যুগ
প্ৰস্তৰ যুগ হৈছে প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) প্ৰথমটো ভাগ য’ত ধাৰ থকা, জোঙা অথবা মিহি পৃষ্ঠৰ যাৱতীয় সামগ্ৰী সাজিবলৈ প্ৰস্তৰ অৰ্থাৎ শিলৰ ব্যৱহাৰ কৰা হৈছিল।
-
প্ৰাচীন ইজিপ্ট
প্ৰাচীন ইজিপ্ট পৃথিৱীৰ ৬টা প্ৰাচীনতম তথা স্বাধীনভাৱে গঢ় লৈ উঠা সভ্যতাৰ অন্যতম। এই সভ্যতা আফ্ৰিকাৰ উত্তৰ-পূৰ্বাঞ্চলত নীল নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। ৩১৫০ খ্ৰী:পূ:তে প্ৰাচীন ইজিপ্টিয় সভ্যতাৰ উন্মেষ ঘটিছিল। প্ৰথমজন ফাৰাওৰ অধীনত উজনি আৰু নামনি ইজিপ্টক একগোট কৰা হৈছিল।
-
মেচ'পটেমিয়া
মেচ’পটেমিয়া;, Μεσοποταμία "নদীৰ মাজৰ ঠাই"; بلاد الرافدين; میانرودان) হৈছে টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক প্ৰাচীন সভ্যতা। বৰ্তমানৰ ইৰাক, কুৱেইট, উত্তৰ-পূব ছিৰিয়া, দক্ষিণ-পূব তুৰ্কী আৰু দক্ষিণ-পশ্চিম ইৰাণ জুৰি এই সভ্যতা বিস্তৃত আছিল।
-
প্ৰাচীন গ্ৰীচ
প্ৰাচীন গ্ৰীচ হৈছে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ-৭ম শতিকাৰ পৰা খ্ৰীষ্টিয় ৬০০ চনলৈকে গ্ৰীচত বিৰাজমান এক সভ্যতা। এই কালছোৱাৰ পিছতেই প্ৰাৰম্ভিক মধ্য যুগ আৰু বিজেণ্টাইন শাসনকালৰ সূচনা হয়। প্ৰাচীন গ্ৰীচ বুলিলে ধ্ৰুপদী গ্ৰীচকো (খ্ৰী:পূ: ৫ম ৰ পৰা ৪ৰ্থ শতিকা) অন্তৰ্ভুক্ত কৰা হয়।
-
লৌহ যুগ
লৌহ যুগ (ইং: Iron Age) হৈছে ব্ৰঞ্জ যুগৰ পৰৱৰ্ত্তী কাল য’ত আধুনিক মানুহে লোৰ ব্যৱহাৰ শিকিছিল আৰু বহুলভাৱে ইয়াৰ ব্যৱহাৰ কৰিছিল। অতি কমেও ১২০০ খ্ৰী:পূ:তে এনাটলিয়াত লোৰ উৎপাদন কৰাৰ প্ৰমাণ পোৱা গৈছে। লৌহ যুগটো লো আৰু তীখাৰ বহুল ব্যৱহাৰৰ কাৰণে জনাজাত।
-
হৰপ্পা
হৰপ্পা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ আৰু ই চাহিৱালৰ পৰা প্ৰায় ২৪ কি:মি: (১৫ মাইল) পশ্চিমত অৱস্থিত। উত্তৰ দিশত প্ৰায় ৮ কি:মি: দূৰেৰে বৈ যোৱা ৰবি নদীৰ কাষৰীয়া আধুনিক যুগৰ গাঁও এখনৰ পৰা ক্ষেত্ৰখনৰ নামটো লোৱা হৈছে। বৰ্তমানৰ এই গাঁওখন ঐতিহাসিক হৰপ্পাৰ পৰা ১ কি:মি: দূৰত্বত অৱস্থিত।
-
মায়া সভ্যতা
মায়া সভ্যতা (Maya civilization) মায়া লোকসকলৰ দ্বাৰা বিকশিত এক প্ৰাচীন মেছো-আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰাক-কলম্বিয়ান আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক আৰু উচ্চ বিকশিত লিখন প্ৰণালী চিত্ৰশাব্দিক লিপিৰ লগতে ইয়াৰ কলা, স্থাপত্য, গণিত, দিনপঞ্জী তথা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ বাবে প্ৰখ্যাত।
-
মু'ঙ
মু'ঙ (,আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 চীনা ভাষা:勐,থাই ভাষা: เมือง,লাও ভাষা: ເມືອງ,শান ভাষা: မိူင်း,ইংৰাজী: Mueng) টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাওছ, বাৰ্মা, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে।
-
মেহৰগড়
মেহৰগড় ( Mehrgarh) পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্ছি সমভূমিত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ (৭০০০-২৫০০/২০০০ খ্ৰীষ্টপূৰ্ব) এক আবাসিক ক্ষেত্ৰ। সিন্ধু নদীৰ উপত্যকা অঞ্চলৰ পশ্চিম অংশ আৰু বৰ্তমানৰ পাকিস্তানৰ ব’লান পাছৰ কাষতেই মেহৰগড় অৱস্থিত।
-
সুমেৰ
সুমেৰ বা চুমেৰ বা চুমেৰিয়া দক্ষিণ মেছ'পটেমিয়াৰ ঐতিহাসিক অঞ্চলৰ (দক্ষিণ-মধ্য ইৰাক) পৰিচিত সভ্যতাসমূহৰ ভিতৰত আটাইতকৈ প্ৰাচীন সভ্যতা। খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু পঞ্চম সহস্ৰাব্দৰ ভিতৰত চলকোলিথিক আৰু প্ৰাৰম্ভিক ব্ৰঞ্জ যুগত এই সভ্যতাৰ উত্থান ঘটিছিল।