টিৰাছ (Τύρας) কৃষ্ণ সাগৰৰ উত্তৰ উপকূলত অৱস্থিত এখন প্ৰাচীন গ্ৰীক চহৰ আছিল। ইয়াক টিৰান (Τύραν) বুলিও কোৱা হৈছিল।১ ষ্টিফানাছ অব বাইজেণ্টিয়ামৰ মতে এই চহৰখনক পূৰ্বতে ওফিউছা (Ὀφιοῦσσα) বুলি জনা গৈছিল।১ মিলেটছৰ উপনিৱেশকাৰীসকলে সম্ভৱতঃ অনুমাণিক খ্ৰীষ্টপূৰ্ব ৬০০ চনত এই চহৰখন স্থাপন কৰিছিল। এই চহৰখন টিৰাছ নদীৰ মুখৰপৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত অৱস্থিত আছিল। বৰ্তমান এই নদীখনক ডিনষ্টাৰ বুলি কোৱা হয়। এই চহৰৰ আশে-পাশে থকা থলুৱা জনজাতিটোক টাইৰাগেটাই বুলি কোৱা হৈছিল। বৰ্তমান টিৰাছৰ এই ধ্বংসাৱশেষসমূহ ইউক্ৰেইনৰ ওডেছা অৱলাষ্টৰ অন্তৰ্গত বিলহৰড-ড্নিষ্ট্ৰোভস্কি চহৰত অৱস্থিত।
ইতিহাস
আদিম যুগত টিৰাছ চহৰখন অতি গুৰুত্বপূৰ্ণ আছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত এই চহৰখন একাংশ স্থানীয় ৰজাৰ অধীনলৈ আহে। এই ৰজাসকলৰ নাম চহৰখনৰ মুদ্ৰাত পোৱা যায়। প্ৰায় খ্ৰীষ্টপূৰ্ব ৫০ চনত গেটায় জনজাতিয়ে চহৰখন ধ্বংস কৰিছিল।২ ৫৬ খ্ৰীষ্টাব্দত সম্ৰাট নীৰোৰ শাসনকালত ৰোমানসকলে এই চহৰখন পুনৰুদ্ধাৰ কৰিছিল বুলি ধাাৰণা কৰা হয়। ইয়াৰ পিছৰপৰা এই চহৰখন নামনি মোৱেছিয়া প্ৰদেশৰ অংশ হৈ পৰে। ইয়াত সম্ৰাট ডমিটিয়ানৰপৰা অলেকজেণ্ডাৰ চ্যেভেৰাছৰ সময়লৈকে বিভিন্ন সম্ৰাটৰ মুখৰ আকৃতি থকা ধাৰাবাহিক মুদ্ৰা পোৱা গৈছে।৩ প্ৰকৃততে, চহৰখনত স্বায়ত্ত্বশাসিতভাৱে মুদ্ৰা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া সম্ৰাট ডমিটিয়ানৰ সময়ৰপৰা (৮১ খ্ৰীষ্টাব্দ) সম্ৰাট অলেকজেণ্ডাৰ চ্যেভেৰাছৰ শাসনকালৰ শেষলৈকে (২৩৫ খ্ৰীষ্টাব্দ) চলিছিল। এই সময়ছোৱাত অতি কম সময়ৰ বাবেহে এই কাম-বন্ধ হৈছিল। এই যুগৰ টিৰাছৰ মুদ্ৰাসমূহ তামৰ আছিল। ইয়াত ৰোমান সাম্ৰাজ্যৰ ৰাজকীয় পৰিয়ালৰ সদস্যসকলৰ প্ৰতিকৃতি খোদিত কৰা হৈছিল। টিৰাছত ৰোমান নৌসেনাৰ এটা সৰু শাখা ক্লাছিছ ফ্লেভিয়া মোৱেছিকা নিয়োজিত আছিল।৪
২০১ খ্ৰীষ্টাব্দত সম্ৰাট ছেপ্টিমিয়াছ ছেভেৰাছ আৰু কাৰাকালাই চহৰখনৰ বাসিন্দাসকলক শুল্কমুক্ত বাণিজ্য কৰাৰ অধিকাৰ প্ৰদান কৰিছিল। ৫ অলেকজেণ্ডাৰ চ্যেভেৰাছৰ শাসনকালৰ কিছুসময়ৰ পাছতে গথসকলে চহৰখন আংশিকভাৱে ধ্বংস কৰে। কিন্তু প্ৰত্নতাত্ত্বিক আৱিষ্কাৰসমূহৰপৰা জনা যায় যে সম্ৰাট প্ৰথম থিঅ'ড'চিয়াছৰ অধীনত চতুৰ্থ শতিকাৰ শেষলৈকে ৰোমানসকল ইয়াত আছিল। পৰৱৰ্তী সময়ত বৰ্বৰ আক্ৰমণৰ ফলত ধ্বংস হোৱা এই চহৰখনক বাইজেণ্টাইনসকলে 'মৌৰোকাষ্ট্ৰন' অৰ্থাৎ "ক'লা দুৰ্গ" বুলি নতুন নামকৰণ কৰে। চহৰখনৰ শাসন-ব্যৱস্থা পাঁচজন আৰ্কন (শাসক), এখন চিনেট, এখন জনসাধাৰণৰ সভা আৰু এজন পঞ্জীয়কৰ হাতত আছিল। ইয়াৰ মুদ্ৰাত থকা ছবিসমূহৰপৰা বুজা যায় যে ইয়াত ঘেঁহু, মদ আৰু মাছৰ ব্যৱসায় চলিছিল। ইয়াত উদ্ধাৰ হোৱা কমসংখ্যক শিলালিপিসমূহো প্ৰধানকৈ বাণিজ্যৰ সৈতে জড়িত আছিল।৬ চহৰখনৰ অৱশিষ্ট অংশ অতি কম পৰিমাণে পোৱা যায়। কাৰণ ইয়াৰ স্থানডোখৰ মধ্যযুগীয় এটা ডাঙৰ দুৰ্গে আৱৰি ধৰিছে। জেনোৱাৰ লোকসকলে ইয়াক 'মৌৰোকাষ্ট্ৰো' (আৰু পিছলৈ আক্কাৰমেন/চেটাটেয়া আলবা) বুলি কৈছিল।৭

তথ্যসূত্ৰ
- এই গ্ৰন্থখনত তলৰ উৎসসমূহ উদ্ধৃত কৰা হৈছে:
- ই. এইচ. মিনছ (E. H. Minns). Scythians and Greeks (কেম্ব্ৰিজ, ১৯০৯)
- ভি. ভি. লাটিশ্বেভ (V. V. Latyshev), Inscriptiones Orae Septentrionalis Ponti Euxini, প্ৰথম খণ্ড (Volume I)।
অধিক পঢ়ক
- Kleiman, I. B. (2001). North Pontic Archaeology: Recent Discoveries and Studies. Colloquia Pontica. Brill. পৃ. 53–66. ISBN 9789004120419
- Karyshkovskij, Petr O.; Kleiman, Isaac B. (1994). The City of Tyras: A Historical and Archaeological Essay. Polis Press. ISBN 9785770745313
তথ্যসূত্ৰ
- ↑ ষ্টিফানাছ অব বাইজেণ্টিয়াম, ইথ্নিকা, পৃষ্ঠা.৩৫৪-৩৫৫, ২২৭
- ↑ Minns 1911
- ↑ Minns 1911
- ↑ Bertolazzi, Riccardo. (2024). The Eastern Roman Empire under the Severans: Old Connections, new Beginnings?. Vandenhoeck & Ruprecht. পৃ. 243. ISBN 978-3-647-30251-5
- ↑ Bertolazzi, Riccardo. (2024). The Eastern Roman Empire under the Severans: Old Connections, new Beginnings?. Vandenhoeck & Ruprecht. পৃ. 243. ISBN 978-3-647-30251-5
- ↑ Minns 1911
- ↑ Minns 1911
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিৰাছ” প্ৰবন্ধৰ সংশোধন ৬২৯১৩০ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।