কীৰ্তিস্তম্ভ আৰু স্মাৰক
১৪ প্ৰবন্ধ
-
তাজমহল
তাজমহল (ताज महल, تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল।
-
মহাবলীপুৰম স্মাৰকসমূহ
মহাবলীপুৰম স্মাৰকসমূহ তামিলনাডু ৰাজ্যৰ চেন্নাই পৰা ৫৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। এইসমূহ সপ্তম আৰু অষ্টম শতাব্দীত পল্লৱ ৰজাসকলে নিৰ্মাণ কৰিছিল। কথিত আছে, প্ৰথম নৰসিংহবৰ্মণ মামল্লেৰ ৰাজত্বকালত এই চহৰখনে বিশেষ গুৰুত্ব অৰ্জন কৰিছিল। কৰমণ্ডল উপকূলত পাথৰ কুণ্ডত এই স্মাৰকসমূহ নিৰ্মিত হয়।
-
সমাধি
এটা সমাধি (প্ৰাচীন গ্ৰীক ভাষাৰ τύμβος tumbos, অৰ্থাৎ "টিলা" বা "সমাধিস্থল স্মৃতিসৌধ") হৈছে মৃতকৰ শৰীৰৰ শেষ অৱস্থানৰ ঠাই। ই মাটিৰ ওপৰত বা তলত হ’ব পাৰে আৰু আকৃতি, আকাৰ আৰু সাংস্কৃতিক তাৎপৰ্যৰ ক্ষেত্ৰত বহু পৰিমাণে ভিন্ন হ’ব পাৰে।
-
হুমায়ুনৰ সমাধিক্ষেত্ৰ
হুমায়ুনৰ সমাধিক্ষেত্ৰ (हुमायूँ का मक़बरा, Humayun ka Maqbara) হ'ল মোগল সম্ৰাট হুমায়ুনৰ সমাধিক্ষেত্ৰ। ১৫৬২ খ্ৰীষ্টাব্দত হুমায়ুনৰ পত্নী হামিদা বানু বেগমে এই সমাধিস্থল নিৰ্মাণ কৰে। এইটোৰ নক্সা প্ৰস্তুত কৰিছিল পাৰ্ছী স্থপতিবিদ মিৰাক মিৰ্জা গিয়াথে।
-
ৰাজঘাট সমাধি পৰিসৰ
ৰাজঘাট ভাৰতৰ দিল্লীত অৱস্থিত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ। পূৰ্বতে ৰাজঘাট ঐতিহাসিক পুৰণি দিল্লী বা ছাহজাহানবাদত অৱস্থিত ঘাটৰ নাম আছিল এই ঘাট দৰিয়াগঞ্জৰ পূবত অৱস্থিত গড়েৰে পৰিবেষ্টিত নগৰৰ ৰাজঘাট গেট যমুনা নদীৰ পশ্চিম পাৰৰ ৰাজঘাটত মিলিছিল।
-
শ্বাহ জালাল দৰগাহ
শ্বাহ জালাল দৰগাহ (শাহজালাল দরগাহ) হৈছে বাংলাদেশৰ চিলেটত অৱস্থিত চতুৰ্দশ শতিকাৰ মুছলমান সাধু শ্বাহ জালালৰ মাজাৰ আৰু সমাধিস্থল। দৰগাহ নামেৰে জনাজাত এই স্থানটো প্ৰথমে ১৫০০ চনত নিৰ্মাণ কৰা হৈছিল যদিও ইয়াৰ পিছৰ শতিকাবোৰত ইয়াৰ গঠনত বহু সংযোজন আৰু পৰিৱৰ্তন কৰা হয়।
-
একতাৰ মূৰ্তি
একতাৰ মূৰ্তি বা ঐক্যৰ মূৰ্তি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী তথা উপপ্ৰধানমন্ত্ৰী আৰু বিখ্যাত স্বাধীনতা সংগ্ৰামী চৰ্দাৰ বল্লভভাই পেটেললৈ উছৰ্গিত স্মৃতিসৌধ। ১৮২ মিটাৰ উচ্চতাৰ এই মূৰ্তি বৰ্তমান পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি। এই ভাস্কৰ্য গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত।
-
ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ
ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰ বা ডিগবৈ ৱাৰ চিমেট্ৰী অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এক সমাধিক্ষেত্ৰ। এই সমাধিক্ষেত্ৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আৰু বৰ্তমান ইয়াত ২০০টা সমাধি আছে। ইয়াৰে ১৯৪টা সমাধি চিনাক্ত আৰু ৬টা অচিনাক্ত।
-
অহিংসাৰ মূৰ্তি
অহিংসাৰ মূৰ্তি ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ নাছিকৰ মংগী-টুংগীত অৱস্থিত। ই বিশ্বৰ আটাইতকৈ ওখ জৈন মূৰ্তি। এই মূৰ্তিটোত প্ৰথম জৈন তীৰ্থংকৰ ঋষভানাথৰ চিত্ৰ অংকন কৰা হৈছে। এই মূৰ্তিটোৰ উচ্চতা ১০৮ ফুট (৩৩ মিটাৰ) – পেডেষ্টেলকে ধৰি ১২১ ফুট (৩৭ মিটাৰ)।
-
গুৱাহাটী যুদ্ধ সমাধিস্থান
গুৱাহাটী যুদ্ধ সমাধিস্থান অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এক সমাধিক্ষেত্ৰ। দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা কমন্ৱেল্থ সৈনিকৰ বাবে এই সমাধিস্থান আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ শিলপুখুৰী অঞ্চলৰ নৱগ্ৰহ পথত এই সমাধিস্থান আছে। ইয়াৰ পিছফালেই আছে নৱগ্ৰহ শ্মশান। এই পথেৰে গ'লে নৱগ্ৰহ মন্দিৰো পোৱা যায়।
-
বিষ্ণু ৰাভা স্মৃতি উদ্যান
বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত।
-
শ্বহীদ স্মাৰক ক্ষেত্ৰ
শ্বহীদ স্মাৰক ক্ষেত্ৰ গুৱাহাটীৰ বৰাগাঁৱত অৱস্থিত ঐতিহাসিক অসম আন্দোলন (১৯৭৯–১৯৮৫)ৰ শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত এটা স্মৃতিসৌধ আৰু উদ্যান। অসমৰ সাংস্কৃতিক, ভাষিক আৰু ভূখণ্ডীয় পৰিচয় ৰক্ষাৰ স্বাৰ্থত হোৱা গণ আন্দোলনৰ সময়ত প্ৰাণ হেৰুৱা ৮৬০ গৰাকী আন্দোলনকাৰীৰ বলিদানৰ স্মৃতিত এই স্মৃতিসৌধটো নিৰ্মাণ কৰা…
-
সবুজ বুৰ্জ
সবুজ বুৰ্জ (Sabz Burj) (শাব্দিক অৰ্থ: ‘সেউজীয়া টাৱাৰ’) দিল্লীৰ নিজামুদ্দিন কমপ্লেক্সৰ ওচৰত, হুমায়ুনৰ সমাধিৰ পশ্চিমে মথুৰা ৰোডৰ এটা সংযোগস্থলত অৱস্থিত অষ্টভুজাকাৰ মোগল যুগৰ এটা সমাধি-স্থাপত্য। ১৫৩০ৰ দশকত নিৰ্মিত এই স্থাপত্যটো মোগল যুগৰ আটাইতকৈ প্ৰাচীন অট্টালিকাসমূহৰ ভিতৰত অন্যতম।
-
সামাজিক ন্যায়ৰ মূৰ্তি
সামাজিক ন্যায়ৰ মূৰ্তি যাক ড° বি আৰ আম্বেদকাৰ স্মাৰক বুলিও জনা যায়, ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ বিজয়াৱাড়াত অৱস্থিত ২০৬ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। ভাৰতীয় বহু গণিতজ্ঞ, ৰাষ্ট্ৰনেতা, সমাজ সংস্কাৰক তথা ভাৰতীয় সংবিধানৰ জনক বি আৰ আম্বেদকাৰৰ নামত উচৰ্গা কৰা স্মৃতিসৌধ।