শ্ৰুতিকথাত যুদ্ধ
৫ প্ৰবন্ধ
-
কুৰুক্ষেত্ৰ যুদ্ধ
কুৰুক্ষেত্ৰ যুদ্ধ (সংস্কৃত: कुरुक्षेत्र युद्ध), মহাভাৰত যুদ্ধ বুলিও কোৱা হয়। হিন্দু মহাকাব্য মহাভাৰতৰ বৰ্ণনা কৰা অনুসৰি হস্তিনাপুৰৰ সিংহাসনৰ বাবে কৌৰৱ আৰু পাণ্ডৱ ভাতৃসকলৰ বংশগত সংগ্ৰামৰ পৰা উদ্ভৱ হোৱা এখন যুদ্ধ। ভগৱৎ গীতাৰ বাণীসমূহৰ প্ৰসংগ হিচাপে এই যুদ্ধখন ব্যৱহাৰ কৰা হয়।
-
ট্ৰজান যুদ্ধ
ট্ৰজান যুদ্ধ (ইংৰাজী: Trojan War) খ্ৰীষ্টপূৰ্ব দ্বাদশ বা ত্ৰয়োদশ শতিকাৰ আশে-পাশে সংঘটিত হোৱা গ্ৰীক শ্ৰুতিকথাত বৰ্ণনা কৰা এক কিংবদন্তিমূলক সংঘাত। ট্ৰয়ৰ পেৰিছে স্পাৰ্টাৰ ৰজা স্বামী মেনেলাছৰ পৰা হেলেনক লৈ যোৱাৰ পিছত আকিয়ান (গ্ৰীক)সকলে ট্ৰয় চহৰৰ বিৰুদ্ধে যুদ্ধ চলাইছিল।
-
তাৰকাময় যুদ্ধ
তাৰকাময় যুদ্ধ (সংস্কৃত: तारकामय युद्ध, আক্ষৰিক অৰ্থ:'তাৰাৰ প্ৰেমৰ বাবে যুদ্ধ') হিন্দু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এখন প্ৰাচীন যুদ্ধ৷ চন্দ্ৰ দেৱতা সোমে বৃহস্পতিৰ পত্নী তাৰাক পলোৱাই নিয়াৰ ফলত এই যুদ্ধৰ সূত্ৰপাত হৈছিল।
-
ৰাগনৰক
ৰাগনৰক (ইংৰাজী: Ragnarök,) নৰ্ছ শ্ৰুতিকথাত বৰ্ণনা কৰা এলানী ভৱিষ্যত পৰিঘটনাৰ শৃংখলা৷ এই পৰিঘটনাবোৰৰ ভিতৰত অসংখ্য মহান নৰ্ছ পৌৰাণিক ব্যক্তিত্বসমূহ বিনষ্ট হ'ব (দেৱতা অডিন, থৰ, টাইৰ, ফ্ৰেয়াৰ, হেইমডাল আৰু ল’কিকে ধৰি) বুলি উল্লেখ কৰা এখন বৃহৎ যুদ্ধও অন্তৰ্ভুক্ত৷ ৰাগনৰক ফলত পৃথিৱীখন জ্বলি যোৱাকে ধৰি এক…
-
হিন্দু শ্ৰুতিকথামূলক যুদ্ধ
হিন্দু শ্ৰুতিকথামূলক যুদ্ধ (ইংৰাজী: Hindu mythological wars) বুলিলে প্ৰাচীন ভাৰতৰ হিন্দু গ্ৰন্থত বৰ্ণনা কৰা যুদ্ধ সমূহক বুজা যায়। এই যুদ্ধবোৰত মহাশক্তিশালী মৰ্ত্যলোকৰ লগতে দেৱতা আৰু অলৌকিক সত্তা উভয়কে চিত্ৰিত কৰা হৈছিল, যিবোৰে প্ৰায়ে মহাশক্তিৰ অলৌকিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল।