ভাৰতৰ স্বাধীনতা আন্দোলন
৩১ প্ৰবন্ধ
-
ভাৰতৰ স্বাধীনতা আন্দোলন
ভাৰতৰ স্বাধীনতা আন্দোলন বুলিলে দক্ষিণ এছিয়াৰ একাংশত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পাচৰচোৱাত ব্ৰিটিছ চৰকাৰৰ শাসনৰ প্ৰতিবাদ কৰি তেওঁলোকক শাসনভাৰ এৰি গুচি যাবলৈ দাবীৰ পৰিপ্ৰেক্ষিতত তৎকালীন ব্ৰিটিছ শাসনৰ বিৰোধিতাত উদ্ভুত বিভিন্ন ৰাজনৈতীক সংৰচন, দৰ্শন আৰু আন্দোলনকে বুজা যায়।
-
ইষ্ট ইণ্ডিয়া কোম্পানী
ইষ্ট ইণ্ডিয়া কোম্পানী ( East India Company) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰ পৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ…
-
ভাৰত ত্যাগ আন্দোলন
ভাৰত ত্যাগ আন্দোলন (কেইবাটাও ভাৰতীয় ভাষালৈ ‘ভাৰত এৰাঁ আন্দোলন’ হিচাপে অনূদিত), যাক আগষ্ট আন্দোলন বুলিও কোৱা হয়, ভাৰতত ব্ৰিটিছ-শাসন সমাপ্ত কৰাৰ দাবীত ১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীৰ দ্বাৰা অল-ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ বোম্বাই অধিবেশনত আৰম্ভ কৰা এক আন্দোলন আছিল।
-
অসহযোগ আন্দোলন
অসহযোগ আন্দোলন হৈছে ১৯২০ চনৰ ৫ ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে স্বায়ত্বশাসন আৰু সম্পূৰ্ণ স্বাধীনতাৰ লক্ষ্যৰে আৰম্ভ কৰা এক আন্দোলন। ২১ মাৰ্চ ১৯১৯ চনৰ ৰাৱলাট আইন, আৰু ১৩ এপ্ৰিল ১৯১৯ৰ জালিয়ানৱালা বাগ গণহত্যাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে (INC) বৃট্ৰিছ চৰকাৰৰ পূণৰ গঠনৰ বাবে থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ…
-
চিপাহী বিদ্ৰোহ ১৮৫৭
চিপাহী বিদ্ৰোহ হৈছে ১৮৫৭ চনৰ ১০ মে'ত মিৰাট চহৰত হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীৰ চিপাহীসকলে কৰা এক বিদ্ৰোহ। ক্ৰমশঃ এই বিদ্ৰোহ সমগ্ৰ উত্তৰ আৰু মধ্য ভাৰতত (বৰ্তমানৰ উত্তৰপ্ৰদেশ, বিহাৰ, উত্তৰ মধ্যপ্ৰদেশ আৰু দিল্লী অঞ্চল) বিয়পি পৰিছিল।
-
দাণ্ডী যাত্ৰা
দাণ্ডী যাত্ৰা, যাক লোণ যাত্ৰা, লোণ সত্যাগ্ৰহ, আৰু দাণ্ডী সত্যাগ্ৰহ বুলিও কোৱা হয়, হৈছে ঔপনিৱেশিক ভাৰতত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত চলা এক অহিংস গণ প্ৰতিবাদ।
-
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড
জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰ হত্যাকাণ্ড ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছিল।
-
স্বদেশী আন্দোলন
স্বদেশী আন্দোলন (Swadeshi Movement) আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা পৰ্যায় বা অংশ। এই আন্দোলনে ভাৰতীয়সকলৰ মাজত ৰাষ্ট্ৰীয়তাবাদী আৱেগ একত্ৰিত কৰিছিল। ১৯০৫ চনৰ বংগ বিভাজনৰ পাছতেই, ১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে কলিকতাৰ টাউন হলৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হৈছিল।
-
ভাৰতৰ বিভাজন
১৯৪৭ চনত ভাৰতৰ বিভাজনৰ জৰিয়তে ব্ৰিটিছ ভাৰতক দুখন স্বতন্ত্ৰ ডমিনিয়ন ৰাষ্ট্ৰ, ইউনিয়ন অৱ ইণ্ডিয়া আৰু ডমিনিয়ন অৱ পাকিস্তানত বিভক্ত কৰা হয়। ভাৰতীয় সংঘ ভাৰতীয় গণৰাজ্য, আৰু পাকিস্তানৰ আধিপত্য হৈছে ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান আৰু পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ।
-
বংগ বিভাজন (১৯০৫)
প্ৰথমটো বংগ বিভাজন (Partition of Bengal, ১৯০৫; বংগ ভংগ) আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত হোৱা বংগ প্ৰদেশৰ এক পুনৰ্গঠন। এই পুনৰ্গঠনে পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান বসতিপ্ৰধান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান অঞ্চলৰ পৰা পৃথক কৰিছিল।
-
পলাশীৰ যুদ্ধ
পলাচী যুদ্ধ:- আছিল বংগৰ নৱাব আৰু তেওঁৰ ফ্ৰান্স মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক সিদ্ধান্তকাৰী বিজয় যিয়ে বংগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সূচনা কৰে আৰু পৰবৰ্তী কেইবা শতক জুৰি ভাৰতত কোম্পানীৰ শাসনৰ প্ৰসাৰ ঘটাই।
-
স্বৰাজ
স্বৰাজ (Swarajस्वराज; স্ব- "নিজ", ৰাজ "শাসন") বুলিলে সাধাৰণতে স্বায়ত্ত্বশাসন বুজায় আৰু মহৰ্ষি দয়ানন্দ স্বৰস্বতীয়ে "গৃহ-শাসন"ৰ সমাৰ্থক হিচাপে ব্যৱহাৰ কৰিছিল যি পিছলৈ মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল কিন্তু শব্দটোৱে প্ৰকৃততে বিদেশী দমনৰ পৰা ভাৰতৰ স্বাধীন,গান্ধীৰ ধাৰণাক বুজাইছিল।
-
চম্পাৰণ সত্যাগ্ৰহ
চম্পাৰণ সত্যাগ্ৰহ (Champaran Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ বিহাৰৰ চম্পাৰণ জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। ১৯১৬ চনৰ সংঘটিত হোৱা চম্পাৰণ সত্যাগ্ৰহ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰথম সত্যাগ্ৰহ আন্দোলন আছিল।
-
বংগৰ নৱজাগৰণ
বংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন।
-
গান্ধী–আৰউইন চুক্তি
গান্ধী–আৰউইন চুক্তি (Gandhi–Irwin Pact) আছিল লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলৰ আগতে ১৯৩১ চনৰ ৫ মাৰ্চত মহাত্মা গান্ধী আৰু ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইনৰ দ্বাৰা স্বাক্ষৰিত এক ৰাজনৈতিক চুক্তি।
-
চৌৰী চোৰা ঘটনা
চৌৰী চোৰা ঘটনা সংঘটিত হৈছিল ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ গোৰক্ষপুৰ জিলা (বৰ্তমানৰ উত্তৰ প্ৰদেশ) চৌৰী চোৰাত। অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰা এক বৃহৎ প্ৰতিবাদকাৰী দল আৰু পুলিচৰ সৈতে সাধাৰণ তৰ্ক পৰা সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু প্ৰতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণ কৰিছিল।
-
ছাইমন কমিশ্যন
ছাইমন কমিশ্যন (Simon Commission) বা ভাৰতীয় সংবিধানিক কমিশ্যন (Indian Statutory Commission) ছাৰ জন ছাইমনৰ নেতৃত্বত গঠিত ব্ৰিটিছ সদনৰ সাতজন সাংসদৰ এক গোটৰ নাম আছিল। এই কমিশ্যন ভাৰতৰ সংবিধানিক পুনৰ্গঠন অধ্যয়নৰ বাবে ১৯২৮ চনত ভাৰতত উপস্থিত হয়।
-
পূৰ্ণ স্বৰাজ
পূৰ্ণ স্বৰাজৰ ঘোষণা (पूर्ण, পূৰ্ণ, অৰ্থ "সম্পূৰ্ণ", स्व, স্ব, অৰ্থ "নিজৰ" আৰু राज, ৰাজ, অৰ্থ "শাসন"), বা ভাৰতৰ স্বাধীনতা ঘোষণা, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা কৰা হৈছিল।
-
মহাত্মা গান্ধীয়ে কৰা অনশনৰ তালিকা
মহাত্মা গান্ধী অথবা জাতিৰ পিতা হিচাপে জনাজাত মোহনদাস কৰমচান্দ গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৭ টা অনশন খাটিছিল। তেওঁৰ আটাইতকৈ দীঘলীয়া অনশন আছিল ২১ দিনৰ। প্ৰতিবাদৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা অনশন, গান্ধীৰ অহিংসা আদৰ্শ আৰু সত্যাগ্ৰহৰ এক অংগ আছিল।
-
ইনকিলাব জিন্দাবাদ
ইনকিলাব জিন্দাবাদ (; इंक़लाब ज़िन्दाबाद) এক উৰ্দু বাক্য, যাৰ অনুবাদ হৈছে "বিপ্লৱ দীৰ্ঘজীৱী হওক।" মহম্মদ ইকবালে ইয়াক প্ৰথমবাৰৰ বাবে সাহিত্যত ব্যৱহাৰ কৰিছিল।
-
খেড়া সত্যাগ্ৰহ
খেড়া সত্যাগ্ৰহ (Kheda Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ গুজৰাটৰ খেড়া জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯১৮ চনত এই সত্যাগ্ৰহ আন্দোলনৰ আয়োজন কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ ই অন্যতম উল্লেখযোগ্য বিদ্ৰোহ আছিল।
-
মই কিয় নাস্তিক
মই কিয় নাস্তিক (Why I Am an Atheist, मैं नास्तिक क्यों हूँ) হৈছে ভাৰতীয় বিপ্লৱী ভগত সিঙে ১৯৩০ চনত লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত লিখা ৰচনা-শৈলীৰ প্ৰবন্ধ। উক্ত প্ৰবন্ধটোৰ যোগেদি তেওঁ তেওঁৰ ধৰ্মীয় বন্ধুসকলৰ উত্তৰ দিছিল, যিয়ে তেওঁক নিজৰ অহংকাৰৰ বাবে নাস্তিক হোৱা বুলি ভাবিছিল।
-
লক্ষ্ণৌ চুক্তি
লক্ষ্নৌ চুক্তি (Lucknow Pact) আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সৰ্বভাৰতীয় মুছলিম লীগৰ মাজত হোৱা একধৰণৰ চুক্তি বা বুজাবুজি৷ ১৯১৬ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ লক্ষ্ণৌত অনুষ্ঠিত হোৱা দুয়োটা দলৰ এখন যুটীয়া বৈঠকত এই চুক্তি হয়৷ এই চুক্তিৰ জৰিয়তে দুয়োটা দলেই প্ৰাদেশিক বিধানমণ্ডলীত ধৰ্মীয় সংখ্যালঘুৰ…
-
আওং যুদ্ধ
আওং যুদ্ধ ১৮৫৭ চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহৰ সময়ত ১৮৫৭ চনৰ ১৫ জুলাইত ইষ্ট ইণ্ডিয়া কোম্পানী বাহিনী আৰু নানা চাহাবৰ বাহিনীৰ মাজত আওং যুদ্ধ সংঘটিত হৈছিল। জেনেৰেল ছাৰ হেনৰী হেভলকৰ নেতৃত্বত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনীয়ে কানপুৰলৈ আগবাঢ়ি আহিছিল আৰু এই বাহিনীটো বিদ্ৰোহী চিপাহী সেনাৰ সহায়ত নানা…
-
ঝালকাৰী বাঈ
ঝালকৰীবাই (২২ নৱেম্বৰ ১৮৩০ – ৫ এপ্ৰিল ১৮৫৮) ঝান্সীৰ ঘেৰাওৰ উচ্চতাত তাই ৰাণীৰ বেশ ধৰি নিজৰ হৈ, সন্মুখত যুঁজিছিল, যাৰ ফলত ৰাণীয়ে দুৰ্গৰপৰা নিৰাপদে পলায়ন কৰিবলৈ সক্ষম হৈছিল।
-
নিধানু ৰাজবংশী
নিধানু ৰাজবংশী ( Nidhanu Rajbongshi) ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছে অন্যায়ভাবে আৰোপ কৰা কৰ দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত পুলিচৰ গুলীত শ্বহীদ হয়৷ মাত্ৰ ২৮ বছৰ বয়সীয়া নিধানুৱে বৃটিছে আৰোপ কৰা পাইকাৰী জৰিমনা আদায় নিদিয়াৰ ফলত মৃত্যুমুখত পৰিবলগীয়া হৈছিল৷ এৱেঁই অবিভক্ত গোৱালপাৰা জিলাৰ স্বাধীনতা…
-
নেহেৰু প্ৰতিবেদন
নেহেৰু প্ৰতিৱেদন (Nehru Report) ১৯২৮ চনত মতিলাল নেহৰুৰ সভাপতিত্বত সৰ্বদলীয় সন্মিলন এ প্ৰস্তুত কৰা এখন স্মাৰকপত্ৰ আছিল। এই প্ৰতিৱেদনত ব্ৰিটিছ ভাৰতক ডমিনিয়ন মৰ্যাদা প্ৰদান কৰাৰ লগতে ভাৰতৰ বাবে এখন সংঘীয় শাসন-ব্যৱস্থা-ভিত্তিক সংবিধান প্ৰণয়নৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল।
-
পাৰ্বতী গিৰি
পাৰ্বতী গিৰি (১৯২৬ চনৰ ১৯ জানুৱাৰী – ১৯৯৫ চনৰ ১৭ আগষ্ট), ধনঞ্জয় গিৰিৰ কন্যা। পশ্চিম ওড়িশাৰ মাদাৰ টেৰেছা নামেৰে জনাজাত গিৰি ভাৰতৰ ওড়িশাৰ এগৰাকী বিশিষ্ট মহিলা স্বাধীনতা সংগ্ৰামী আছিল৷ ভাৰতীয় স্বাধীনতা সংগ্ৰামত ওড়িশাৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল৷ ব্ৰিটিছ চৰকাৰ…
-
বাৰদোলী সত্যাগ্ৰহ
বাৰদোলী সত্যাগ্ৰহ (Bardoli Satyagraha) ১৯২৮ চনৰ জুন মাহত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত গুজৰাটৰ চুৰত জিলাৰ বাৰদোলী অঞ্চলত সংঘটিত এক কৃষক আন্দোলন আছিল। ইয়াক ভাৰতৰ স্বাধীনতা আন্দোলনৰ আইন অমান্য আন্দোলনৰ এক মুখ্য খণ্ড বুলি গণ্য কৰা হয়। এই আন্দোলনৰ নেতৃত্ব চৰ্দাৰ বল্লভভাই পেটেলে দিছিল।
-
১৯৪৬ চনৰ ভাৰতীয় নৌসেনা বিদ্ৰোহ
১৯৪৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাৰ নাৱিক, সৈন্য, আৰক্ষী কৰ্মী আৰু সাধাৰণ নাগৰিকৰ এক ব্যৰ্থ বিদ্ৰোহ আছিল ৰয়েল ইণ্ডিয়ান নেভীৰ বিদ্ৰোহ।