অসমৰ ৰাজবংশসমূহ
৭ প্ৰবন্ধ
-
পাল ৰাজবংশ (কামৰূপ)
পাল ৰাজবংশ (Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল। প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।
-
বৰ্মণ ৰাজবংশ
বৰ্মণ বংশ (Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
-
শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল।
-
কোচ ৰাজবংশ
অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা) কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে।
-
খেন্ বংশ
খেন্ বংশ মধ্যযুগত কমতা ৰাজ্য শাসন কৰা এটা ৰাজবংশ। কমতাপুৰত ১৫ শতিকাৰ শেষৰ ফালে অৰাজকতা সৃষ্টি হোৱাত নীলধ্বজ নামৰ এজনে ১৪৪০ চনত কমতাপুৰৰ সিংহাসন দখল কৰে। তেৱেঁই কামৰূপ-কমতাত খেন্ বা খান বা সেন বংশৰ পাতনি মেলে। নীলধ্বজৰ পাছত পুতেক চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ ৰজা হয়।
-
দানৱ ৰাজবংশ
দানৱ ৰাজবংশই উত্তৰ-পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল। মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই। কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে।
-
ভৌম ৰাজবংশ
ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে। মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল।