ব্ৰিটিছ শাসিত ভাৰত
১৬ প্ৰবন্ধ
-
ব্ৰিটিছ ৰাজ
ব্ৰিটিছ ৰাজ (; rāj, সংস্কৃত আৰু হিন্দুস্তানী ভাষাত "শাসন") বুলিলে ১৮৫৮ চনৰ পৰা ১৯৪৭ চনলৈ ভাৰতীয় উপমহাদেশত ব্ৰিটিছৰ ঔপনিবেশিক শাসনক বুজায়। ব্ৰিটিছৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোক প্ৰচলিত ভাষাত ইণ্ডিয়া বা ভাৰত বোলা হৈছিল।
-
দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)
দেশীয় ৰাজ্যসমূহ (Princely state) আছিল ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ নামমাত্ৰ সাৰ্বভৌম আৰু ব্ৰিটিছ মুকুটৰ অধীনস্থ। ১৯২০ চনত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰতীয়সকলৰ বাবে স্বৰাজক লক্ষ্য হিচাপে ঘোষণা কৰে আৰু ভাৰতৰ ৰজাসকলক দায়িত্বশীল চৰকাৰ স্থাপন কৰিবলৈ কয়।
-
বংগ বিভাজন (১৯০৫)
প্ৰথমটো বংগ বিভাজন (Partition of Bengal, ১৯০৫; বংগ ভংগ) আছিল ব্ৰিটিছ শাসকৰ দ্বাৰা ঘোষিত হোৱা বংগ প্ৰদেশৰ এক পুনৰ্গঠন। এই পুনৰ্গঠনে পূৰ্বীয় সংখ্যাগৰিষ্ঠ মুছলমান বসতিপ্ৰধান অঞ্চলসমূহক পশ্চিমৰ সংখ্যাগৰিষ্ঠ হিন্দু বসতিপ্ৰধান অঞ্চলৰ পৰা পৃথক কৰিছিল।
-
কহিনুৰ
কহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা। বৰ্তমান ২১.১২ গ্ৰাম (১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল। কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায়।
-
বংগৰ নৱজাগৰণ
বংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন।
-
ভাৰতীয় স্বাধীনতা আইন ১৯৪৭
ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ (10 & 11 Geo. 6. c. 30) যুক্তৰাজ্যৰ সংসদত গৃহীত হোৱা এখন আইন, যিখন আইনে ব্ৰিটিছ ভাৰতক ভাৰত আৰু পাকিস্তান নামেৰে দুখন নতুন স্বাধীন অধিৰাজ্যত বিভক্ত কৰিছিল। ১৯৪৭ চনৰ ১৮ জুলাইত এই আইনখনে ৰাজকীয় সন্মতি লাভ কৰে আৰু এইদৰেই ১৫ আগষ্টত আধুনিক ভাৰত আৰু পাকিস্তান গঠন হয়।
-
পুনা চুক্তি
পুনা চুক্তি ১৯৩০ চনত ব্ৰিটিছ ভাৰত চৰকাৰৰ বিধায়িকাৰ বাবে নিৰ্বাচনী আসন সংৰক্ষণৰ বাবে অনগ্ৰসৰ শ্ৰেণী আৰু উচ্চ জাতিৰ হিন্দু নেতাসকলৰ তৰফৰ পৰা মহাত্মা গান্ধী আৰু ভীমৰাও ৰামজী আম্বেদকাৰৰ মাজত এক চুক্তি আছিল। ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰত ভাৰতৰ পুনেৰ য়াৰৱাদা কেন্দ্ৰীয় কাৰাগাৰত এই চুক্তি কৰা হৈছিল।
-
নাঙেলি
নাঙেলিৰ কিংবদন্তি অনুসৰি তেওঁ ১৯ শতিকাৰ দেশীয় ৰাজ্য ট্ৰেভেংকৰৰ (বৰ্তমান ভাৰতৰ কেৰালা ৰাজ্য) চাৰ্থালাৰ এগৰাকী মহিলা আছিল আৰু জাতি-ভিত্তিক "স্তন কৰ"ৰ প্ৰতিবাদ কৰিবলৈ নিজৰ স্তন কাটি পেলাইছিল। এই কাহিনীক ভাৰতৰ ইতিহাসত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই আৰু ইয়াৰ ঐতিহাসিক সত্যতাক লৈ মতবিৰোধ আছে।
-
ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া
১৯২০ চনত 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন' প্ৰণয়ন কৰি প্ৰেছিডেন্সী বেংক তিনিটা একত্ৰিত কৰি ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া (Imperial Bank of India) প্ৰতিষ্ঠা কৰা হয়। ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ কৰে।
-
কলিকতাৰ কৃষ্ণ কূপ
কলিকতাৰ কৃষ্ণ কূপ (Black Hole of Calcutta) আছিল কলিকতাৰ ফৰ্ট উইলিয়াম দূৰ্গত থকা এটি অন্ধকূপ। ইয়াৰ আকাৰ আছিল ৪.৩০ মিটাৰX৫.৫০ মিটাৰ (১৪X১৮ ফুট)। এই অন্ধকূপটোত বংগৰ নৱাব চিৰাজ উদ দৌল্লাই যুদ্ধবন্দীসকলক ১৭৫৬ চনৰ ২০ জুন তাৰিখে আবদ্ধ কৰি থৈছিল।
-
নুপি লান
নুপি লান (Nupi Lan) মণিপুৰৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মহিলাৰ আন্দোলন। মেইতেই ভাষাত 'নুপি' মানে মহিলা আৰু 'লান' মানে যুদ্ধ। অৰ্থাৎ আক্ষৰিকভাবে ইয়াৰ অৰ্থ হৈছে মহিলাৰ যুদ্ধ।
-
ব্ৰিটিছ ভাৰতৰ মুদ্ৰা
ভাৰতত ব্ৰিটিছ ট্ৰেডিং পোষ্টবোৰ প্ৰথমে সপ্তদশ শতিকাৰ আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে (ইআইচি) স্থাপন কৰিছিল, যি দ্ৰুততাৰে উপমহাদেশৰ এক গুৰুত্বপূৰ্ণ অংশ সামৰি ডাঙৰ উপনিবেশলৈ বিকশিত হৈছিল।
-
ভাৰতীয় পৰিষদ আইন, ১৯০৯
ভাৰতীয় পৰিষদ আইন, ১৯০৯ (Indian Councils Act, 1909) যুক্তৰাজ্যৰ সংসদত গৃহীত এনে এক আইন আছি,ল যিয়ে ব্ৰিটিছ ভাৰতৰ শাসন ব্যৱস্থাত ভাৰতীয়সকলৰ সংপৃক্ততা সীমিতভাৱে বৃদ্ধি কৰিছিল। এই আইনখন সাধাৰণতে মৰ্লে–মিণ্টো বা মিণ্টো–মৰ্লে সংস্কাৰ নামেৰে জনাজাত।
-
নেহেৰু প্ৰতিবেদন
নেহেৰু প্ৰতিৱেদন (Nehru Report) ১৯২৮ চনত মতিলাল নেহৰুৰ সভাপতিত্বত সৰ্বদলীয় সন্মিলন এ প্ৰস্তুত কৰা এখন স্মাৰকপত্ৰ আছিল। এই প্ৰতিৱেদনত ব্ৰিটিছ ভাৰতক ডমিনিয়ন মৰ্যাদা প্ৰদান কৰাৰ লগতে ভাৰতৰ বাবে এখন সংঘীয় শাসন-ব্যৱস্থা-ভিত্তিক সংবিধান প্ৰণয়নৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল।
-
পাইক বিদ্ৰোহ
পাইক বিদ্ৰোহ ১৮১৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ওড়িশাত সংঘটিত হোৱা সশস্ত্ৰ সংগ্ৰাম। পাইক সকল বক্সি জগবন্ধু আৰু জগন্নাথৰ নেতৃত্বত কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। পিছলৈ ওড়িশাৰ একতাৰ প্ৰতীক হিচাপে এই বিদ্ৰোহ গোটেই ওড়িশাত বিয়পি পৰে।
-
লুচাই অভিযান
লুচাই অভিযান (Lushai Expedition) ১৮৭১-৭২ চনত ব্ৰিটিছ ভাৰতীয় সেনাই কৰা এক আক্ৰমণমূলক অভিযান। জেনেৰেল ব্ৰন্ল' আৰু বুৰ্চিয়াৰে ইয়াৰ নেতৃত্ব লৈছিল। ইয়াৰ উদ্দেশ্য আছিল লুচাইসকলে অসমত আক্ৰমণ চলাই অপহৰণ কৰা ব্ৰিটিছ লোকসকলৰ উদ্ধাৰ। অপহৃত লোকৰ মাজত মেৰী ৱিন্চেষ্টাৰ নামৰ এক ছয়বছৰীয়া ছোৱালীও আছিল।